1. এগ্ৰিপেডিয়া

Carrot Farming : ৬০-৭০ দিনত যিমান খৰচ কৰিব তাৰ দুগুণ উপাৰ্জন হ'ব

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Carrot Farming Benefit & its Farming Methods
Carrot Farming Benefit & its Farming Methods

গাজৰক পাচলি, চালাড, কেঁচাকৈ আৰু জোছ বনাই খোৱা হয়। কেতিয়াবা এটা গাজৰৰ দাম ৫-১০ টকা পৰ্যন্ত হৈ যায়। বজাৰত যথেষ্ট চাহিদাও আছে গাজৰৰ অৰ্থাত গাজৰৰ এখন ভাল বজাৰ আছে অসমৰ লগতে অসমৰ বাহিৰতো। গাজৰৰ এই বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ কৃষকসকলে বৰ বেছি কষ্ট নকৰাকৈ, বেছি খৰচ নকৰাকৈ, কম দিনতে এটা ভাল উপাৰ্জন কৰিব পাৰিব পাৰিব গাজৰৰ খেতি কৰি। বৰ্তমান আহি আছে গাজৰ খেতিৰ বতৰ। গতিকে ৰবিশস্যৰ খেতি কৰা কৃষকসকলে এবিঘা বাম ভালদৰে চহাই, সাৰ-গোৱৰ আৰু পানীৰ ব্যৱস্থা কৰি গাজৰৰ খেতি কৰিব পাৰে। গাজৰ খেতি কৰোঁতে যিমান খৰচ কৰিব ৫০-৬০ দিনতে তাৰ পৰা আমাৰ কৃষকসকলে দুগুণ উপাৰ্জন কৰিব পাৰিব।

৫০-৬০ দিনত এনেদৰে দুগুণ উপাৰ্জন কৰিবলৈ গাজৰৰ উন্নত জাতৰ নিৰ্বাচন অত্যন্ত গুৰুত্বপূৰ্ণ। অসমৰ জলবায়ু উপযোগী আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত কেইটামান গাজৰৰ জাত এনেধৰণৰ- নানঠেজ , পুচা কেশৰ ,চাটনি। এইবোৰৰ ওপৰি আমাৰ কৃষকসকলে উন্নত জাতৰ কিছুমান প্ৰাইভেট বীজ কোম্পানীৰ গাজৰৰ বীজৰ খেতি কৰিব পাৰে। তলত গাজৰ খেতি কেনেকৈ কৰিব লাগে, কেনেকুৱা মাটি গাজৰ খেতিৰ বাবে উপযোগী, আদি কেতবোৰ তথ্য আপোনালোকলৈ আগবঢ়ালো।

মাটি নির্ব্বাচন

জৈৱিক সাৰ থকা ওখ বালি - পলসুৱা মাটি গাজৰ খেতিৰ বাবে উপযোগী । বিঘাই প্রতি ৩ কুইন্টল হিচাবে চূণ মিহলাই মাটিৰ অম্লতা কমাই লব লাগে ।

পথাৰ প্রস্তুতি

পচন সাৰ আদি মিহলায় মাটিডোখৰ ভালদৰে প্রস্তুত কৰি লব লাগে । আম্লিক মাটিৰ বাবে চূণ প্রয়োগ অতি আৱশ্যক ।

বীজৰ পৰিমাণ

৫.৫ - ৭ কি: গ্রাম / হেক্টৰত

লগতে পঢ়ক- 

ৰাষ্টাৰ কাষৰ পৰিত্যক্ত মাটিত এজন বৃদ্ধ কৃষকৰ ব্যতিক্ৰম ৰূপত অমিতা খেতি

সিঁচাৰ সময় :

অক্টোবৰ মাহৰ আৰম্ভনিৰ পৰা নবেম্বৰ মাহলৈকে ।

বীজ শোধন

গুটিবোৰ সিঁচাৰ আগেয়ে শোধন কৰাতো অতি প্রয়োজন । প্রথমতে গুটিবোৰ ভালদৰে মোহাৰি গাত লাগি থকা সূক্ষ্ম আকৃতিৰ আঁহবোৰ আতঁৰায় লব লাগে । তাৰ পিচত গুটিবোৰ ২৪ ঘন্টামান পানীত তিয়াই আকৈ ছাঁত শুকাবলৈ দিব লাগে । শুকোৱা গুটিবোৰ প্রতি কি: গ্রাম গুটিৰ বাবে ৩ গ্রাম কেপঠান ৭৫ পাউদাৰেৰে শোধন কৰিব লাগে । ১ শতাংশ চদিয়াম বৰেটৰে ২৪ ঘন্টামান গুটিবোৰ শোধন কৰি লব লাগে উত্পাদনত অৰিহণা যোগায় ।

গুটিৰ ব্যৱধান

গুটিবোৰ বীজতলিত ১.৫ চে: মি: গম্ভীৰতাত শাৰীবদ্ধভাবে সিঁচিব লাগে । অঙ্কুৰিত হোৱা ১০-১৫ দিন মানৰ ভিতৰত পুলিবোৰ ১০ চে: মিটাৰ ব্যৱধান ৰাখি পাতলাই দিব লাগে ।

সাৰ প্রয়োগ আৰু পৰিমাণ

মূল পথাৰখন শেষবাৰ হাল কোৰ যোৱাৰ আগতে হেক্টৰে প্রতি ১০টন পচনসাৰ ৩০ কি: গ্রাম নাইট্রজেন , ৩০ কি:গ্রাম ফচফৰাচ আৰু ১২০ কি: গ্রাম পটাচ সাৰ প্রয়োগ কৰিহে হালকোৰ বাব । বীজ সিঁচাৰ এমাহৰ পিচত আৰু ৩০ কি: গ্রাম নাইট্রজেন সাৰ শাৰীবোৰৰ মাজত প্রয়োগ কৰিব লাগে ।

পৰিচর্য্যা

১. জলসিঞ্চন :

মূল পথাৰখন প্রস্তুত কৰাৰ আগেয়ে মাটিডোখৰত ভালদৰে পানী প্রয়োগ কৰিহে হালকোৰ মাৰিব লাগে । তাৰ পিচত সময়ে সময়ে ১০-১৫ দিনৰ ব্যৱধানত পথাৰত / শস্যৰ পথাৰখনত পানী যোগান ধৰিব লাগে।

২. অপতৃণ নিয়ন্ত্রণ :

বীজ সিঁচাৰ ২০ দিনত আৰু ৪০ দিনৰ পিচত বনবাতবোৰ আঁতৰাই দিব লাগে ।

শস্য ৰক্ষা

১. পুলিবোৰ সৰু হৈ থকাৰ সময়ত গুৰি কটাপোকে আক্রমণ কৰিব পাৰে । গতিকে পুলিৰ গুৰিত মালাথিয়ন ৫০ শক্তিৰ পাউদাৰ প্রয়োগ কৰিব লাগে ।

২. পাতপোৰা বেমাৰ বাবে ১০ লিটাৰ পানীত ২৫ গ্রাম মেনক'জেব ৭৫ শক্তিৰ ঔষধৰ মিশ্রণ প্রয়োগ কৰিব লাগে ।

৩. শস্যকৃমি : শস্যকৃমিৰ দ্বাৰা গাজৰ আক্রন্তহাল গাজৰৰ আকৃতিত ব্যঘাত জন্মায় , উত্পাদন আৰু বজাৰৰ চাহিদাত হ্রাস পায় । গতিকে গুটি সিঁচাৰ আগে আগে মাটিডৰাত হেক্টৰে প্রতি ৩০০-৪০০ কি: গ্রাম খলিহৈ প্রয়োগ কৰিব লাগে ।

উত্পাদন:

২০০ - ২৫০ কুইন্টল / হেক্টৰত

লগতে পঢ়ক- 

Butternut Squash : কেনেকৈ কৰিব অসমত একেবাৰে নতুন এই পাচলিবিধৰ খেতি!

English Summary: Carrot Farming Benefit & its Farming Methods

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.