1. এগ্ৰিপেডিয়া

ধান খেতিৰ পৰা ভাল উপাৰ্জন কৰিবলৈ ধানৰ এই জাতকেইটাৰ খেতি কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Black rice Health & Farming benefit
Black rice Health & Farming benefit

আহি আছে ধান খেতিৰ বতৰ। বহাগৰ পাছৰ পৰাই আমাৰ কৃষকসকলে ধান খেতিত নামি পৰিব। গতিকে আমাৰ কৃষকসকললৈ লৈ আহিছো ধানৰ কেইটামান উন্নত জাঁত। যিকেইটা ধানৰ খেতি কৰি আমাৰ কৃষকসকলে ভাল উপাৰ্জন কৰিব পাৰিব। শেহতীয়াকৈ উদ্ভাৱন কৰা হৈছে এই উন্নত প্ৰজাতিৰ ধানৰ প্ৰজাতিকেইটা। ৰাজ্যৰ বহু কৃষকে এই জাতসমূহৰ খেতি কৰি লাভান্বিত হৈছে। তাৰ ভিতৰত পশ্চিম ধেমাজিৰ কৃষক বলিন পাত্ৰ। তেওঁ বিগত বৰ্ষত ২০ বিঘা মাটিত CR 310, Black Rice , swarna sub 1, Bina 11, Bina 17, Bahadur Sub 1, DRR 14, Ranjit Sub, Mahsuri আৰু Lal ganga  নামৰ ধান উন্নত জাতকেইটাৰ খেতি কৰি ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল।

এইকেইটা উপৰি খৰাং পথাৰত অসমৰ কৃষকে কৰিব পাৰে ধানৰ এই উন্নত জাত দুটাৰ খেতি-  ডি আৰ আৰ  ৪৬ আৰু ডি আৰ আৰ ধান ৪৪। আনফালে, বানপ্ৰৱণ আৰু দ পথাৰবোৰত বিনাধান ১১,  স্বৰ্ণ-চাব ১, বাহাদুৰ -চাব ১ৰণজিৎ-চাব ১ আদি ধানবোৰৰ খেতি কৰক। কাৰণ এই ধানবোৰ ১৫ দিনলৈকে পানীৰ তলত থাকিলেও মৰি নাযায়। গতিকে দ পথাৰ আৰু বানপ্ৰৱণ অঞ্চলসমূহত এই জাতসমূহৰ ধান খেতি কৰিলে উপাৰ্জন ভাল আৰু বানপানীত মৰাৰ পৰাও বাচিব।

কৃষক বলিন পাত্ৰই কয়- আমাৰ কৃষকসকলে Black Rice অৰ্থাত ক’লা ধানৰ খেতি কৰিলে অধিক লাভান্বিত হব বুলি কয়। কাৰণ কলা চাউল বা লাৱণ্য চাউলৰ দাম বজাৰত অধিক। আমাৰ কৃষকসকলে ঘৰতে একেজি চাউল ১০০ টকা দৰত বিক্ৰি কৰিব পাৰে। গতিকে এই ধানৰ খেতি অধিক পৰিমাণে কৰিলে আমাৰ কৃষকসকল লাভান্বিত হব। উল্লেখ্য আন্তৰাষ্ট্ৰীয় বজাৰত অসমৰ বাও চাউলৰ লগত শেহতীয়াকৈ কলা চাউলে ব্যাপক সমাদৰ লাভ কৰিছে। বহুকেইজন কৃষকে চৌদি আৰৱ, আমেৰিকালৈ কলা চাউল  ৰপ্তানি কৰি ভাল উপাৰ্জন কৰিছে।

এই উন্নত জাতৰ ধানসমূহৰ খেতি কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে আমাৰ কৃষকসকলে জিলা কৃষি কাৰ্যালয়, চক্ৰ বিষয়া কাৰ্যালয়ৰ কৃষি বিভাগৰ লগত যোগাযোগ কৰিব। তেওঁলোকৰ পৰা দিহা-পৰামৰ্শ ল আৰু তেওঁলোকৰ লগত সদায় এক সুসম্পৰ্ক বজাই ৰাখিব। এনেদৰে সু-সম্পৰ্ক বজাই ৰাখিলে চৰকাৰী আঁচনিসমূহৰ সুবিধাও কথাও গম পাই থাকিব আৰু খেতি-পথাৰত বেমাৰ আজাৰ হলেই  তেওঁলোকৰ পৰা পৰামৰ্শ লব পাৰিব।  লগতে আপোনালোকক জনাও কলা  ধান বা লাবণ্য ধানৰ সঁচ বা জাত লাগিলে আপোনালোকে কৃষক ভৱেন শালৈৰ লগত যোগাযোগ কৰিব পাৰিব। তেওঁৰ  যোগাযোগ নম্বৰ- 78966 95551।

লগতে পঢ়ক-

Paddy Farming ধান খেতিৰে লাখ টকা উপাৰ্জনৰ বাবে এইদৰে খেতি কৰক

English Summary: Black rice Health & Farming benefit (1)

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.