1. এগ্ৰিপেডিয়া

Perfect Paddy Nursery : বিজ্ঞানসন্মতভাৱে ধানৰ কঁঠিয়াতলীখন কেনেকৈ প্ৰস্তুত কৰিব!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Best Practices for Creating a Perfect Paddy Nursery
Best Practices for Creating a Perfect Paddy Nursery

আহি আছে ধান খেতিৰ বতৰ। হয়তো বহু কৃষকে ধান খেতিৰ বাবে কঁঠিয়া পাৰিছে। কোনোৱে প্ৰস্তুতি চলাইছে। বিজ্ঞানসন্মতভাৱে আমাৰ কৃষকসকলে কেনেকৈ কঁঠিয়ানীতলীখন প্ৰস্তুত কৰি তাত ধানৰ বীজ সিঁচিব- সেই বিষয়ে আজি এই আলোচনাত দুটামান কথা পাতিম।

১. কঁঠিয়া বাচনি আৰু শোধন:

  • উন্নতমানৰ, ৰোগমুক্ত ধানৰ কঁঠিয়া বাচি ল’ব লাগে।
  • কঁঠিয়াবোৰ ১২-২৪ ঘণ্টা পানীত তিয়াই ৰাখিব লাগে।
  • তাৰ পিছত কঁঠিয়াবোৰ উলিয়াই থোৱা টোপোলাত ২৪-৪৮ ঘণ্টা অংকুৰিত হ’বলৈ দিব লাগে।

২. কঁঠিয়াতলীৰ ঠাই বাচনি:

  • পানী ওলোৱা সুবিধাজনক, সূৰ্যৰ পোহৰ পোৱা আৰু সমতল ঠাই বাচিব লাগে।

৩. মাটিৰ প্ৰস্তুতি:

  • পথাৰখন চহাই ১ মিটাৰ x ৫ মিটাৰ (প্ৰায়) আকাৰৰ ব্ৰেড বনাব লাগে।
  • মাটিত গোবৰ বা কম্পোষ্ট সাৰ মিহলাই দিব লাগে।
  • পানীৰ ব্যৱস্থা কৰি মাটি বোকাময় কৰিব লাগে।

৪. কঁঠিয়া ৰোপন:

  • অংকুৰিত কঁঠিয়াবোৰ সমানে সিঁচিব লাগে ।
  • কঁঠিয়াৰ ওপৰত অলপ মাটিৰ আৱৰণ দিব পাৰি।
  • পানীৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব লাগে।

৫. যত্ন:

  • ৫-৭ দিনৰ ভিতৰত গজাঁলি ওলাব।
  • সেই সময়ত অলপ অলপ পানী দিব লাগে।
  • পোক-পৰুৱা বা ৰোগৰ পৰা ৰক্ষা কৰিবলৈ প্ৰাকৃতিক কীটনাশক (নিমৰ তেল আদি) ব্যৱহাৰ কৰিব পাৰি।
Traditional & Modern Methods for Preparing a Paddy Nursery
Traditional & Modern Methods for Preparing a Paddy Nursery

৬. কঁঠিয়ায়াতলীৰ পৰা মূল পথাৰলৈ স্থানান্তৰ:

  • সাধাৰণতে ১৫-২৫ দিনৰ পিছত, কঁঠিয়াবোৰ ৪-৫ ইঞ্চি ওখ হ’লে মূল পথাৰলৈ (ধাননি পথাৰলৈ) উভালি ৰোপন কৰিব লাগে।

গুৰুত্বপূৰ্ণ টোকা:

  • কঁঠিয়ায়াতলী সদায় পৰিষ্কাৰ-পৰিচ্ছন্ন ৰাখিব লাগে।
  • অতিপাত পানী বা শুকান হ’বলৈ দিব নালাগে।
  • জৈৱিক সাৰ ব্যৱহাৰ কৰিলে কঁঠিয়াৰ বৃদ্ধি ভাল হয়।

লগতে পঢ়ক- 

মেট নাৰ্চাৰি কি! মেট নাৰ্চাৰীৰে কঠিয়া পৰিলে কি কি দিশত লাভান্বিত হ'ব আপুনি!

English Summary: Best Practices for Creating a Perfect Paddy Nursery

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.