1. এগ্ৰিপেডিয়া

Apple Gourd: এবিঘা মাটিতে ২-৩ মাহতে ৪০-৫০ হাজাৰ টকা উপাৰ্জন কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Apple Gourd : Its Farming Time & Benefit
Apple Gourd : Its Farming Time & Benefit

মাৰ্চ-এপ্ৰিল মাহতে  আমাৰ কৃষকসকলে কৰি লাভ উঠাব পৰা এবিধ পাচলি হ’ল- আপেল গাৰ্ড। ই দেখাত ঘুৰণীয়া জাতিলাওৰ দৰেই হয়। খাবলৈ প্ৰায় জাতিলাওৰ দৰে যদিও ই জাতিলাওতকৈ অলপ সোৱাদ যুক্ত। প্ৰায় আধা কেজি মানে ৫০০ গ্ৰাম মান ওজনৰ হয় আপেল গাৰ্ড নামৰ পাচলিবিধ। আকাৰত সৰু হোৱাৰ বাবে গ্ৰাহকে কিনিবলৈ ভাল পায় আৰু গতিকে বিক্ৰিবলৈ সহজ হয়।

আপেল গাৰ্ডক মাটিত ৰঙালাওৰ দৰে আৰু জাতিলাও দৰে হেণ্ডালি দিয়ো কৰিব পাৰে। বহিঃৰাজ্যৰ কৃষকসকলে অৱশ্যে হেণ্ডালিৰ সলনি মাটিত ৰঙালাও খেতি কৰাৰ দৰে কৰে। অসমত এই পাচলিবিধৰ খেতি বৰ বেচি কৰা নহয়। আপেল গাৰ্ডৰ সলনি অসমৰ কৃষকসকলে ঘটি জাতিলাওৰ খেতি কৰে। দিল্লীৰ দৰে চহৰত আধাকেজি ওজনৰ এটা আপেল গাৰ্ডৰ দাম ২০ পৰা ২৫ টকা। অসমত আধাকেজি ওজনৰ এটা আপেল গাৰ্ড ১০-১৫ টকাত বিক্ৰি কৰিব পাৰিব। ভালকৈ যত্ন কৰিলে এজোপা আপেল গাৰ্ডৰ গছত ৩০-৩৫ টাতকৈ অধিক ফল লাগে। যদি ১০০ জোপা আপেল গাৰ্ডৰ খেতি কৰে তেতিয়া ২-৩ মাহতে এটা ভাল উপাৰ্জন কৰিব পাৰিব কৃষকসকলে।

লগতে পঢ়ক- 

Best variety of Papaya : এপ্ৰিলতে ৰোপন কৰক ছেপ্তেম্বৰতে লাগিব গছত লাগিব ফল

আপেল গাৰ্ডৰ খেতিৰ বাবে সাৰুৱা পানী জমা নোহোৱা ওখ মাটি উপযোগী। বিঘাত ২-৩ টেক্টৰ মান গোৱৰ প্ৰয়োগ কৰিব লাগে। মাটিখিনি ৪-৫ বাৰ হালবাই আলু তলীৰ দৰে কৰি ইয়াক শাৰী শাৰীকৈ ৰোপন কৰিব লাগে। এটা শাৰীৰ পৰা এটা শাৰীলৈ ২-৩ মিটাৰ কৰি এটা পুলিৰ পৰা এটা পুলিৰ দূৰত্ব ২ মিটাৰ কৰি ৰোপন কৰিব লাগে। এটা পুলিৰ লগত দুটা পুলিও ৰোপন কৰিব লাগে।

এই খেতি কৰিবলৈ বৰ বেছি কষ্ট নহয়। পুলি ৰোপন কৰাৰ পাছত বনবাত নিয়াই সময়মতে পানী যোগান ধৰিব পাৰিলে ভাল। কৃষকসকলে অসমৰ বীজ ভাণ্ডাৰত ইয়াৰ বীজ নাপাব। গতিকে এমাজন, ফিলিপকাৰ্ট আদিৰ দৰে অনলাইন মাৰ্কেটত গৈ Apple Gourd  লিখি Search কৰি দিলে ইয়াৰ বীজ আপোনাৰ সন্মুখত আহি যাব। তাৰ পাছতে অৰ্ডাৰ কৰি দিলেই বীজ আহি আপোনাৰ ঘৰত পাব। নজনাসকলে জনা কাৰোবাৰ হতুৱাই অৰ্ডাৰ দিব পাৰিব। নতুন খেতিৰ প্ৰতি আগ্ৰহী কৃষকসকলে এই খেতি ধান নোহোৱা এবিঘা মাটিত আপেল গাৰ্ডৰ খেতি কৰিব চাব পাৰে।

লগতে পঢ়ক- 

Jute Farming : ধান খেতি কৰিব নোৱৰা দ পথাৰত কৃষকসকলে কৰক মৰাপাটৰ খেতি

English Summary: Apple Gourd : Its Farming Time & Benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.