1. এগ্ৰিপেডিয়া

৩০ একৰ কৃষিভূমি আৰু এক বিশ্বাসযোগ্য সংগী : NOVO 605 DI

KJ Staff
KJ Staff

হাৰিয়ানাৰ যমুনানগৰ জিলাৰ প্ৰগতিশীল কৃষক শচীন জাতনৰ বাবে খেতি কেৱল এটা পেছা নহয় বৰঞ্চ এক আবেগ। কৃষকগৰাকীয়ে নতুন প্ৰযুক্তি  ব্যৱহাৰ আৰু ব্যতিক্ৰম পদ্ধতিৰে খেতি কৰি এজন সফল কৃষক হিচাপে নিজক প্ৰতিষ্ঠা কৰিছে। ব্যতিক্ৰম তথা উন্নত কৃষি পদ্ধতি আৰু আধুনিক সা-সঁজুলিৰে কৃষকগৰাকীৰ সফলতাত যথেষ্ট অৰিহণা যোগাইছে। ২০১৮ চনত কৃষক শচীন জাতনে মহিন্দ্ৰা টেক্টৰ কোম্বানীৰ প্ৰথমখন ট্ৰেক্টৰ ক্ৰয় কৰিছিল। সেইসময়ত কৃষকগৰাকীৰ প্ৰথম পছন্দ আছিল মহিন্দ্ৰা আৰু যেতিয়া তেওঁক দ্বিতীয়বাৰৰ বাবে ট্ৰেক্টৰৰ প্ৰয়োজন হৈছিল,  তেতিয়াও শচীন জাতনে কোনো সংকোচ নকৰাকৈ বাছি লৈছিল মহিন্দ্ৰা NOVO 605 DI টেক্টৰখন।

৩০ একৰ কৃষিভূমি আৰু  এজন বিশ্বাসযোগ্য সংগী

শচীন জাতনৰ ৩০ একৰ মাটি আছে। য’ত কৃষকগৰাকীয়ে ঘেঁহু, ধান আৰু কুঁহিয়াৰ খেতি কৰে। ইমান এখন ডাঙৰ কৃষিভূমিত খেতি কৰাটো সহজ কাম নহয়। প্ৰত্যাহ্বানমূলক কাম। কৃষকগৰাকীৰ হাতত যদি প্ৰয়োজনীয় সা-সঁজুলি থাকে তেতিয়া কিন্তু অৱশ্যে সহজ হৈ পৰে। আৰু ভাল কথা যে কৃষকগৰাকীৰ হাতত মহিন্দ্ৰা NOVO 605 DI আছিল। যি তেওঁৰ অসম্ভৱক ইমান সহজ কৰি তুলিছে যে অলপো মাটি পেলাই নাৰাখি বৃহত পথাৰখনত খেতি কৰি আছে, বছৰি ভাল উপাৰ্জন কৰি আছে। আৰু প্ৰতিটো কাম সুকলমে সম্পূৰ্ণ কৰে।কৃষক শচীন জাতনে কয়- মহিন্দ্ৰা NOVO 605 DI সকলো প্ৰয়োজন পূৰণ কৰে।

শচীনৰ সফলতাৰ কাহিনী

প্ৰথমখন ট্ৰেক্টৰৰ উৎকৃষ্ট প্ৰদৰ্শনে মহিন্দ্ৰাৰ প্ৰতি শচীনৰ আস্থা আৰু অধিক শক্তিশালী কৰি তুলিছিল। নিজৰ প্ৰয়োজনীয়তাক মনত ৰাখি তেওঁ দ্বিতীয়বাৰৰ বাবেও মহিন্দ্ৰা NOVO 605 DI বাছি লৈছিল, যিয়ে তেওঁৰ আশা সম্পূৰ্ণৰূপে পূৰণ কৰিছিল। শচীনে কয়, "এই ট্ৰেক্টৰে মোৰ খেতি কৰাটো সহজ আৰু কাৰ্যক্ষম কৰি তুলিছে। হাল বোৱাই হওক, বীজ সিঁচাই হওক বা চপোৱাই হওক, প্ৰতিটো কামতে ই মোৰ প্ৰকৃত সংগী হিচাপে প্ৰমাণিত হৈছে।"

ভৱিষ্যতৰ দিশে খোজ

এতিয়া শচীনে নিজৰ খেতিপথাৰ আৰু অধিক সম্প্ৰসাৰণ কৰিব বিচাৰিছে আৰু নতুন কৌশল গ্ৰহণ কৰি খেতিৰ কাম আৰু অধিক আগুৱাই নিয়াৰ পৰিকল্পনা কৰিছে। তেওঁ আন কৃষকসকলকো আধুনিক সা-সৰঞ্জাম ব্যৱহাৰ কৰি কৃষিক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ কয়।

উল্লেখ্য যে মহিন্দ্ৰা NOVO 605 DI ৰ সহায়ত শচীন জাতনৰ খেতিৰ কাহিনী কেৱল সফলতাৰ কাহিনী নহয় বৰঞ্চ প্ৰতিজন কৃষকৰ বাবে প্ৰেৰণা। ইয়াৰ পৰা দেখা যায় যে কঠোৰ পৰিশ্ৰম, সঠিক প্ৰযুক্তি আৰু নিৰ্ভৰযোগ্য যন্ত্ৰৰ সহায়ত যিকোনো কৃষকে নিজৰ সপোনক বাস্তৱত পৰিণত কৰিব পাৰে।

English Summary: 30 acres of farmland and a trusted companion : NOVO 605 DI

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.