1. উদ্য়ানশস্য়

গোসাঁই গাঁৱৰ কুসুম বিলত ফুল খেতিৰে স্বাৱলম্বী যুৱক-যুৱতীঃ

KJ Staff
KJ Staff
Floriculture
Commercial Floriculture

যি সময়ত ৰাজ্যৰ হেজাৰ হেজাৰ যুৱক-যুৱতী কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ ঢাপলি মেলিছে তেনে সময়তে গোসাঁই গাঁও মহকুমাৰ কুসুম বিলৰ একাংশ যুৱক-যুৱতীয়ে ফুল খেতিৰে স্বাৱলম্বী হোৱাৰ নিদৰ্শন দাঙি ধৰিছে। গোসাঁই গাঁও মহকুমাৰ কুসুম বিলৰ একাংশ লোকে ফুলৰ খেতিৰে স্বাৱলম্বী হৈ এক বিপ্লৱৰ সূচনা কৰিছে। অঞ্চলটোৰ কৃষিজীৱী ৰাইজে ধান, মৰাপাট, ৰবি শস্যৰ উপৰি ফুল খেতি কৰি সাফল্যৰ মুখ দেখিবলৈ সক্ষম হৈছে। অঞ্চলটোৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলে চৰকাৰী চাকৰিৰ আশা বাদ দি ফুল খেতিত মনোনিৱেশ কৰিছে। তেওঁলোকে ফুলৰ খেতি কৰি লাভৱান হৈছে যদিও চৰকাৰীভাৱে তেওঁলোকে আজিলৈকে কোনো সুযোগ-সুবিধা পোৱা নাই।

চৰকাৰে যদি ফুলৰ উপযুক্ত বজাৰ আৰু ফুল সংৰক্ষণ ব্যৱস্থা কৰি দিয়ে তেনেহ’লে আৰু অধিক লাভান্বিত হ’ব পাৰিলেহেঁতেন বুলি অঞ্চলটোৰ উদ্যমী যুৱক-যুৱতীসকলে জনাইছে। সঁচাকৈ ফুল খেতিয়ে অঞ্চলটোত এক দৃষ্টনন্দন পৰিৱেশৰ সৃষ্টি কৰিছে। অঞ্চলটোৰ ফুল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তথা বিদেশলৈ যোৱা বুলিও খেতিয়কসকলে জানিবলৈ দিয়ে। তেনে এজন উদ্যমী যুৱক নিৰঞ্জন বৰ্মনে কয়- আমি প্ৰতি বছৰেই এই সময়ত ফুলৰ খেতি কৰো। ফুলৰ খেতি কৰি এই অঞ্চলটোৰ বহুতো যুৱক-যুৱতী লাভৱান হৈছে যদিও এইক্ষেত্ৰত যদি চৰকাৰে আমাক ফুলৰ উপযুক্ত বজাৰ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰি দিয়ে, আমি আৰু অধিক লাভান্বিত হ’লোহেঁতেন। এইক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে উদ্যগী যুৱক-যুৱতীসকলে।

(উৎসঃ অসমীয়া খবৰ, কামাখ্যা সৰকাৰ)।

English Summary: Youth from Gossaingaon have started commercial Floriculture

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.