1. উদ্য়ানশস্য়

অসম আৰু উত্তৰ – পূৰ্বাঞ্চলত ৰবৰ খেতিৰ ইতিহাস, সমস্যা আৰু সম্ভাৰ

KJ Staff
KJ Staff
Rubber Plantation
Rubber Plantation

    ভাৰতবৰ্ষত পৰম্পৰাগত ভাৱে ৰবৰ খেতি দক্ষিণ – পশ্চিম সাগৰীয় উপকূলৰ দাঁতিকাষৰীয়া কেৰালা আৰু তামিলনাডুৰ কন্যাকুমাৰী জিলাত কৰা হৈ আহিছে। কিন্ত সেই অঞ্চলবোৰত ৰবৰ খেতিৰ বৃদ্ধিৰ সম্ভাৱনীয়তা নোহোৱা হৈছে। এনে এটা পটভূমিত ভাৰতবৰ্ষত ৰবৰ খেতিৰ উৎপাদন বৃদ্ধিৰ বাবে কিছুমান অপৰম্পৰাগত অঞ্চললৈ ইয়াৰ পৰিসৰ বৃদ্ধি কৰিবলগীয়া হৈছে। বৰ্তমানলৈকে ভাৰতবৰ্ষত চিনাক্ত হোৱা এই অপৰম্পৰাগত অঞ্চলবোৰৰ ভিতৰত ঘাইকৈ আছে অসম আৰু উত্তৰ – পূৰ্বাঞ্চলৰ আন আন ৰাজ্যবোৰ, যেনে – অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা অন্যতম। ১৯৬০ চন মানৰ পৰা তেতিয়াৰ অবিভক্ত অসমত চৰকাৰী পৃষ্ঠপোষকতাত পৰীক্ষামূলক ভাৱে ৰবৰ উৎপাদনৰ কাম চৰকাৰৰ বন বিভাগ, ভূমি সংৰক্ষণ বিভাগৰ দ্বাৰা হয়। বৰ্তমানে ব্যক্তিগত পৰ্যায়তো ৰবৰ খেতি অসম আৰু উত্তৰ – পূৰ্বাঞ্চলত অতি উৎসাহ জনক ভাৱে আৰম্ভ হোৱা পৰিলক্ষিত হৈছে।

ব্যৱসায়ক ৰবৰ গছ (Havea Brasiliensis) আমাজান উপত্যকাৰ দাঁতি কাষৰীয়া ব্ৰাজিলত বনৰীয়া গছ হিচাপে প্ৰাকৃতিক ভাৱে গজি উঠে। উচ্চ হাৰত বৰষুণ, লঘু আৰু চুটি শীত কাল, উচ্চ আৰ্দ্ৰতা আৰু কোনো ধৰণৰ ঘূৰ্ণী বতাহৰ প্ৰাৰ্দুভাৱ নথকা অঞ্চল ৰবৰ খেতিৰ বাবে উপযুক্ত। ব্যৱসায়িক ৰবৰ খেতি উৎপাদনৰ বাবে বছৰি ২০০০ – ৩০০০ মিলি মিটাৰ বৰষুণ, ২১° ছেলছিয়াছৰ পৰা ৩৫° ছেলছিয়াছ লৈকে উষ্ণতা, গোটেই বছৰ জুৰি ৭০% ৰ পৰা ৯০% আৰ্দ্ৰতা, সাগৰ পৃষ্ঠৰ পৰা ৪৫০ মিটাৰ উচ্চতা এঢলীয়া বা হেলনীয়া পৃষ্ঠৰ সহজে পানী নিষ্কাশন হ’ব পৰা আৰু মাধ্যমীয়া গুণমানৰ মাটিৰ প্ৰয়োজন। এনে মাটিৰ ১০০ ছেণ্টিমিটৰ তলত পানী থকা উচিত যাতে সহজে সেই পানী নিষ্কাশন কৰিব পাৰে।

গতিকে দেখা যায় যে অসম আৰু উত্তৰ – পূৰ্বাঞ্চল ৰবৰ উৎপাদনৰ বাবে অতিকৈ উপযোগী।

অসম আৰু উত্তৰ – পূৰ্বাঞ্চলৰ আন ৰাজ্যবোৰ্ত খেতিৰ অন্যতম সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৰবৰ ব’ৰ্ডেও এই অঞ্চলত ইয়াৰ পৰিসৰ বৃদ্ধিৰ বাবে কিছুমান দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰিছে। আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰবৰ ব’ৰ্ডে লোৱা এনে ব্যৱস্থাবোৰৰ ভিতৰত আছে ৰবৰ ব’ৰ্ডৰ কাৰ্যালয় স্থাপন, আঞ্চলিক গৱেষণা কেন্দ্ৰ স্থাপন, নাৰ্ছাৰি স্থাপন নিউক্লিয়াছ ৰবৰ বাগান আৰু প্ৰশিক্ষণ কেন্দ্ৰ (NRETC) স্থাপন, জিলা উন্নয়ন কেন্দ্ৰ (DDC) স্থাপন, টেপাৰ্ছ প্ৰশিক্ষণ কেন্দ্ৰ (Tapper’s Training Institute, TTI) স্থাপন আদি অন্যতম।

২০১৪–১৫ চনত উত্তৰ – পূৰ্বাঞ্চলত ৰবৰ খেতিৰ পৰিসৰ আৰু উৎপাদনৰ পৰিমাণ আছিল –

 

ক্ৰঃ নম্বৰ

ৰাজ্য

পৰিসৰ (হেক্টৰ)

উৎপাদনৰ পৰিমাণ (টন)

ত্ৰিপুৰা

৩২,০৬৫

১৩,৮০৪

অসম

১৪,০৫৭

৩,২৫৭

মেঘালয়

৪,৮৩৪

২,৮৯৫

নাগালেণ্ড

২,১৮৪

৪২৭

মণিপুৰ

১,৭৮৬

১৯৮

মিজোৰাম

৪৯৮

৪৯

অৰুণাচল প্ৰদেশ

৪১৬

৫৫

ছিকিম

মুঠ : ৫৫,৮৪০              ২০,৭৭৫

 

অসম আৰু উত্তৰ – পূৰ্বাঞ্চলত ৰবৰ খেতিৰ উন্নয়নৰ বাবে বহু খিনি কৰিব লগীয়া আছে যদিও ৰবৰ ব’ৰ্ডে এতিয়ালৈকে যিখিনি কৰিছে সেয়া যথেষ্ট নহয়। সেয়ে অঞ্চলটোৰ ৰবৰ উৎপাদন বৃদ্ধি কৰিবলৈ হ’লে ৰবৰ ব’ৰ্ডৰ কৰণীয় বহু খিনি আছে। বিশেষকৈ –

(১) সমগ্ৰ উত্তৰ – পূৰ্বাঞ্চলত ৰবৰ ব’ৰ্ডৰ মাত্ৰ ৯ টা আঞ্চলিক কাৰ্যালয়ৰ ভিতৰত ৩ টা ত্ৰিপুৰাত আৰু বাকী ৬ টা গোটেই উত্তৰ – পূৰ্বাঞ্চলৰ বাবে স্থাপন কৰা হৈছে। ১৯৯৭ চনৰ ক্ষেত্ৰ ভিত্তিক ৪১ জন সম্প্ৰসাৰণ বিষয়াৰ তুলনাত ২০১৬ চনত এই সংখ্যা হ্ৰাস পাই ২৪ হৈছেগৈ।

(২) ৰবৰ খেতিৰ প্ৰতিপালন আৰু ব্যৱস্থাপনাৰ বাবে অনুদানৰ পৰিমাণ পৰ্যাপ্ত নহয়। এই পৰিমাণ বঢ়াব লাগিব।

(৩) ৰবৰ খেতিৰ বাবে উপযুক্ত প্ৰশিক্ষণৰ অভাৱ দূৰ কৰিব লাগিব।

(৪) প্ৰকৃত ৰবৰ পুলিৰ যোগানৰ ব্যৱস্থা উন্নত কৰিব লাগিব।

(৫) পৈণত বা পূৰঠ ৰবৰ গছৰ বীমাকৰণৰ ব্যৱস্থা কৰা উচিত।

(৬) উপযুক্ত সাৰৰ অভাৱ দূৰ কৰিব লাগিব।

(৭) ৰবৰ বিক্ৰিয়াৰ বাবে বৃহৎ পৰিমাণৰ ইন্ধন কাঠৰ প্ৰয়োজন হয়। তাৰ ব্যৱস্থাও কৰিব লাগিব।

(৮) ৰবৰ গছ জোপাৰ জুলীয়া ৰবৰৰ সংগ্ৰহৰ ব্যৱস্থা ক্ৰুটিপূৰ্ণ হৈ আছে। শুদ্ধ ৰুপত ৰবৰ সংগ্ৰহৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

(৯) ক্ষুদ্ৰ ৰবৰ খেতিয়ক সকলক উৎসাহিত কৰিবলৈ ৰবৰৰ কেঁচা সামগ্ৰীৰ দাম বৃদ্ধি কৰা উচিত।

আটাইতকৈ গুৰুত্ব পূৰ্ণ কথাটো হৈছে অসম আৰু উত্তৰ – পূৰ্বাঞ্চলত ৰবৰ ভিত্তিক উদ্যোগ স্থাপন।

অৱশ্যে ৰবৰ ব’ৰ্ডে ২০১৬ – ২০১৭ চনৰ কালছোৱাত অসমকে ধৰি উত্তৰ – পূৰ্বাঞ্চলৰ ৰাজ্যবোৰত ৰবৰ খেতিৰ পৰিসৰ বৃদ্ধি আৰু ন ন এলেকাত ৰবৰ খেতি কৰাৰ বাবী এলানি কাৰ্যসূচী হাতত লৈছে আৰু ইয়াৰ বাবে লক্ষ্য বান্ধি লৈছে।

অসম আৰু উত্তৰ – পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ পৰিসৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে গুৱাহাটীত যোৱা ১৭ অক্টোবৰত (২০১৬) ৰেডিছন ব্লু হোটেলত নৱম বিশ্ব ৰবৰ সন্মিলন অনুষ্ঠিত হয়।

প্ৰাকৃতিক ৰবৰ উৎপাদন কাৰী দেশবোৰে অংশ গ্ৰহণ কৰা এই সন্মিলন প্ৰথমবাৰৰ বাবে উত্তৰ – পূৰ্বাঞ্চলত অনুষ্ঠিত কৰা হৈছে। ভাৰতবৰ্ষৰ ৰবৰ ব’ৰ্ডে অনুষ্ঠিত কৰা এই অনুষ্ঠানতে ভাৰতীয় ৰবৰ গৱেষণা প্ৰতিষ্ঠানে (Indian Rubber Research Institude) উদ্ভাৱন কৰা প্ৰাকৃতিক ৰবৰ ক্ল’ন অসমৰ আগশাৰীৰ ৰবৰ উৎপাদক সংস্থা ‘উত্তৰ শালমাৰা ৰবৰ উৎপাদক সমিতি’ৰ সভাপতি হৰিশ চন্দ্ৰ ৰায়ৰ হাতত অৰ্পণ কৰা হয়।

ক্ৰঃ নম্বৰ

ৰাজ্য

ভৌগোলিক এলেকা (বৰ্গ কিঃ মিঃ)

ৰবৰ খেতিৰ লক্ষ্য (হেক্টৰ)

ইতিমধ্যে ৰবৰ খেতি কৰা অঞ্চল (হেক্টৰ)

আৱৰা বা সামৰা অঞ্চল (%)

অৰুণাচল প্ৰদেশ

৮৩,৭৪৩

২৫,০০০

৪৪৫

১.৮০

অসম

৭৮,৪৮৩

২,০০,০০০

১৫,৮৫০

৭.৯০

মণিপুৰ

২২,৩২৭

১০,০০০

১,৮৬২

১৮.৬০

মেঘালয়

২২,৪২৯

৫০,০০০

৫,৫৭০

১১.১০

মিজোৰাম

২২,০৮১

৫০,০০০

৫১৯

১.০০

নাগালেণ্ড

১৬,৫৭৯

১৫,০০০

২,৫৭৪

১৭.২০

ছিকিম

৭,০৯৬

ত্ৰিপুৰা

১০,৪৮৬

১,০০,০০০

৩৫,৭৬০

৩৫.৮০

মুঠ :    ২,৬৩,১৭৯     ৪,৫০,০০০      ৬২,৫০০        ১৩.৯০

 

উত্তৰ – পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ ৰবৰৰ উৎপাদন বৃদ্ধি কৰাৰ উদ্দেশ্যে পোন প্ৰথম বৰৰ বাবে এই ৰবৰ ক্ল’ন মুকলি কৰা হৈছে। উত্তৰ – পূৰ্বাঞ্চলে সম্প্ৰতি ভাৰতবৰ্ষৰ মুঠ ৰবৰ খেতিৰ এক – পঞ্চমাংশ উৎপাদনৰে অৰিহণা যোগাই আহিছে। ভাৰতবৰ্ষৰ ৰবৰ ব’ৰ্ডে সমাগত দিন বোৰত এই উৎপাদন আৰু অধিক বৃদ্ধি পাব বুলি ধাৰণা কৰিছে।

ৰবৰ উৎপাদনকাৰী দেশবোৰৰ যুটীয়া সংস্থা, Association of Natural Rubber Producing Countries এ এন আৰ পি ছিৰ (ANPRC) প্ৰথম খন বাৰ্ষিক অধিবেশন অনুষ্ঠিত কৰা হৈছিল ২০০৮ চনত থাইলেণ্ডৰ বেংককত।

ভৱিষ্যতৰ বাবে উদাহৰণ সৃষ্টিকাৰী পৰিৱৰ্তনৰ মূলমন্ত্ৰৰে গুৱাহাটীত অনুষ্ঠিত এই সন্মিলনত প্ৰায় আটাইবোৰ ৰবৰ উৎপাদনকাৰী দেশেই অংশ গ্ৰহণ কৰে।

উল্লেখযোগ্য যে ১৯৭০ চনতে স্থাপিত এ এন আৰ পি ছি এটা আন্তঃৰাষ্ট্ৰীয় চৰকাৰী সংস্থা। কম্বোডিয়া, চীন, ভাৰত, ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইনছ, ছিংগাপুৰ, শ্ৰীলংকা, থাইলেণ্ড, লাওছ, ভিয়েটনাম আদি প্ৰায় ১১ খন প্ৰা কৃতিক ৰবৰ উৎপাদনকাৰী দেশ ইয়াৰ সদস্য হিচাপে আছে। গোটেই বিশ্বৰ প্ৰায় ৯০ ভাগ ৰবৰ এই হোৰ দেশতে উৎপাদন কৰা হয়।

কোৱা বাহুল্য যে অসম আৰু উত্তৰ – পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ বাবে নিঃসন্দেহে প্ৰচুৰ প্ৰয়োজনীয়তা আৰু সম্ভাৱনীয়তা আছে। ২০২০ – ২১ চনত ভাৰতবৰ্ষত ১৪.৩৬ মেট্ৰিক টন ৰবৰৰ প্ৰয়োজন হ’ব। তাৰ তুলনাত বৰ্তমানৰ হাৰত নিৰুপণ কৰা উৎপাদন হ’বলগীয়া ৰবৰৰ পৰিমাণ হয়গৈ ১০.৯৭ মেট্ৰিক টন অৰ্থাৎ ৪ মেট্ৰিক টনৰ ঘাটি। আন্তঃৰাষ্ট্ৰীয় ৰবৰ অধ্যয়ণ গোটৰ (International Rubber Study Group) মতে, বছৰি ২.৪% হাৰত উৎপাদন হয় যদিও ব্যৱহাৰ হ’ব লগীয়া ৰবৰৰ বৃদ্ধিৰ পৰিমাণ হ’ব বছৰি ৩.৭% হাৰত। এই হিচাপত গোলকীয় ৰবৰ নাটনিৰ পৰিমাণ হ’ব প্ৰায় ২.২৮ লাখ মেট্ৰিক টন। ৰবৰ উদ্যোগেই হ’ল ভাৰতবৰ্ষৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য উদ্যোগ। ভাৰতবৰ্ষ বিশ্বৰ প্ৰথম ৰবৰ আৰু ৰবৰৰ পৰা উৎপাদিত সামগ্ৰীৰ উৎপাদনকাৰী আৰু তৃতীয় বৃহৎ গ্ৰাহক। আমাৰ দেশৰ প্ৰায় ৬০০০ টা ৰবৰৰ উদ্যোগৰ প্ৰায় ৩০ টা বৃহৎ ৩০০ টা মজলীয়া আৰু ৫৬০০ টা ক্ষুদ্ৰ আকৃতিৰ উদ্যোগ প্ৰতিষ্ঠান আছে। উল্লেখযোগ্য যে একো একোটা এনে ক্ষুদ্ৰ ৰবৰ উদ্যোগেই আমাৰ নতুন উদ্যোগী আৰু নিবনুৱা যুৱক – যুৱতী সকলৰ বাবে জীৱন ৰেখা হ’ব পাৰে। ইয়াত এনে ধৰণৰ প্ৰায় ১২ টা লাভ জনক ক্ষুদ্ৰ ৰবৰ উদ্যোগৰ তালিকা দিবলৈ যত্ন কৰা হৈছে:

(১) বেলুন উৎপাদন উদ্যোগ।

(২) আখৰ মোহৰা ৰবৰ উদ্যোগ (Eraser) উৎপাদন উদ্যোগ।

(৩) চিকিৎসালয়বোৰৰ লাগতিয়াল ৰবৰৰ বিভিন্ন সামগ্ৰী উৎপাদন উদ্যোগ।

(৪) জেঞ্জী – জাঙিয়া আদি অন্তৰ্বাস উদ্যোগৰ (Hosiry Industry) বাবে লাগতিয়াল ৰবৰৰ তৰুক্ষীৰ সূতা (Rubber Latex Thread) উৎপাদন উদ্যোগ।

(৫) ৰবৰ বান্ধনী উৎপাদন উদ্যোগ (Rubber Band Manufacturing Industry)।

(৬) ৰবৰৰ পেটি উৎপাদন (Rubber Belt Manufacturing) উদ্যোগ।

(৭) ৰবৰৰ মজিয়া নিৰ্মাণ (Rubber Floor Making) উদ্যোগ।

(৮) ৰবৰৰ দাস্তানা বা হাত মোজা উৎপাদন (Rubber Globes Making) উদ্যোগ।

(৯) ৰবৰৰ ষ্টাম্প উৎপাদন উদ্যোগ।

(১০) ৰবৰৰ পুতলা, বল আদি উৎপাদন উদ্যোগ।

(১১) জোতা – ছেণ্ডেল উৎপাদন উদ্যোগ।

(১২) গাড়ীৰ চকাৰ বহিৰাৱৰণ উৎপাদন (Tyre Retreading) উদ্যোগ আদি।

এতিয়া ভাৰত চৰকৰৰ পূবলৈ চোৱা নীতি (Look East Policy) সদ্ব্যৱহাৰ কৰি কম্বোডিয়া, চীন, ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইনছ, ছিংগাপুৰ, শ্ৰীলংকা, থাইলেণ্ড, লাওছ, ভিয়েটনাম আদি পৃথিৱীৰ প্ৰধান ৰবৰ উৎপাদনকাৰী দেশবোৰৰ সহযোগত অসমকে ধৰি উত্তৰ – পূৰ্বাঞ্চলৰ চৰকাৰবোৰ আৰু জনগণে এটা সুসংহত ৰবৰ উদ্যোগ আজি গঢ়ি তুলিবৰ বাবে ক্ষিপ্ৰতাৰে ব্যৱস্থা লোৱাৰ সময় সমাগত।

লেখক : পৰিমল কুমাৰ দাস,উৎস : প্ৰান্তিক।

English Summary: The history, problems and future of rubber plantation as well as cultivation in Assam & entire North-East

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.