1. স্বাস্হ্য আৰু জীৱন

ঘি খোৱাটো ভাল নেকি? বিশেষজ্ঞ সকলে কি কয়? পৰামৰ্শ সমূহ জানো আহক (14 impressive health benefits of Ghee in assamese)-

KJ Staff
KJ Staff
Health benefits of Ghee
Health benefits of Ghee

  ঘি! আমাৰ পাকঘৰৰ আকর্ষনীয় খাদ্যসমূহৰ ভিতৰত এটা যি বিভিন্ন মিঠাই আৰু খাদ্যত ঘিউৰ ব্যৱহাৰ কৰা হয়। অৱশ্যে, ইয়াক সঠিক উষ্ণতা আৰু সঠিক পৰিমাণত ব্যৱহাৰ কৰাটো দৰকাৰী। যিকোনো কাৰ্বহাইড্ৰেট জাতীয় আহাৰৰ সৈতে ঘি মিহলি কৰিলে ইয়াৰ গ্লাইচেমিক সূচক হ্ৰাস কৰে, যি ডায়েবেটিক ৰোগীৰ বাবে সামান্য হলেও উপযোগী।

   কিন্তু বৰ্তমান দিনত, ঘিক দৈনন্দিন জীৱনৰ পৰা বাদ দিয়া হৈছে। বহতে ভাৱে যে ঘিত যথেষ্ট পৰিমানে চর্বি আৰু কলেষ্টৰেল থাকে যিয়ে ওজন বৃদ্ধি হোৱাৰ সহায় কৰে। তাৰবাবেই বহুতে ঘি খাব নিবিচাৰে। কিন্তু এইটো এটা সম্পূৰ্ণ ভুল ধাৰণা।

তেনেহলে জানো আহক ঘি আমাৰ বাবে কিয় ইমান উপকাৰী-

1. ঘিত চৰ্বি যথেষ্ট বেছি, সেয়েহে যিসকলে ওজন বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকে ঘি ভাতৰ সৈতে খাব পাৰে।

2. যদিও ঘিত কলেষ্টেৰল বেছি, ই হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক নহয়, কিয়নো ঘিত থকা চৰ্বিয়ে তেজত উপযোগী HDL কলেষ্টৰেলৰ পৰিমাণ বৃদ্ধি কৰে আৰু ক্ষতিকাৰক LDL কলেষ্টৰেলৰ পৰিমাণ হ্ৰাস কৰে।

3. ঘি এক লেক্টোজ মুক্ত পুষ্টিকৰ খাদ্য য'ত চৰ্বি সহিতে ভিটামিন A, D, E আৰু K পোৱা যায়।

4. শৰীৰত হৰমন সন্তুলিত কৰাত সহায় কৰে।

5. ঘিত কেলৰিৰ পৰিমাণ যথেষ্ট হোৱা বাবে শীতকালত শৰীৰৰ আভ্যন্তৰীণ উষ্ণতা বজাই ৰখাত সক্ষম।

6. শীতকালত ঘিউৰ সৈতে জালুক মিহলি কৰি খালে কাহৰ পৰা উপশম পাব পাৰি, কিয়নো ইয়াত অদ্ভুত মাইক্ৰ'বিয়েল গুণ থাকে।

7. ঘিত কিছু পৰিমাণে ফেটি এচিড পোৱা যায়, সেয়েহে ই সঠিকভাৱে হৃদযন্ত্ৰক স্বাস্থ্যকৰ কৰি ৰখাত সহায় কৰে।

8. ঘিৰ এণ্টিভাইৰেল আৰু এণ্টিফাংগাল ধৰ্মৰ বাবে লাউৰিক এচিড দায়বদ্ধ হয়। ঘিউৰে হালধি মিহলাই খালে পেৰালাইচ (Paralyzed) ৰ পৰা আৰোগ্য কৰাৰ এক ঘৰুৱা উপায় হিচাপে গণ্য কৰা হয়।

9. ঘি কিছু সময়ৰ ভিতৰত তেল গ্ৰহণ কৰাৰ প্ৰক্ৰিয়াৰ বাবে আটাইতকৈ উপযোগী, আৰু শৰীৰত উৎপন্ন হোৱা বিষাক্ত পদাৰ্থ, টক্সিন নিষ্কাশন কৰাত সহায় কৰে।

10. ঘিত যথেষ্ট পৰিমাণৰ বিউটেৰিক এচিড থাকে যিয়ে ইন্টেস্টাইনৰ কার্য্যক্ষমতা বৃদ্ধি কৰে। কোলন কোষবোৰে বিউটেৰিক এচিডৰ পৰা প্ৰয়োজনীয় শক্তি সংগ্ৰহ কৰে।

11. প্ৰতিদিনে এগিলাচ গৰম গাখীৰৰ লগত এক চামুচ ঘিউ মিহলাই খালে কোষ্ঠকাঠিন্যৰ পৰা আঁতৰত থাকিব পাৰি।

12. ঘিত থকা ফেটি এচিডে দেহৰ ছাল কোমল কৰে

13. ঘি এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ সেয়েহে প্রতিৰক্ষা ক্ষমতা বৃদ্ধিত ইয়াৰ ভূমিকাও দেখা যায়।

14.আয়ুৰ্বেদিক শাস্ত্ৰত কোৱা হৈছে যে অশ্বগন্ধা বা ব্রাহ্মী শাকৰ সৈতে ঘি সেৱন কৰিলে মস্তিষ্কৰ কাৰ্য বৃদ্ধি হয়।

    গতিকে, আজি সকলো লাভালাভ জনাৰ পিছত, আপুনি আজিৰ পৰা ঘিক আপোনাৰ খাদ্যতালিকাত নিশ্চিতমনে ৰাখিব পাৰে। কিন্তু পৰিমাণ নিয়ন্ত্ৰণ কৰিহে ৷ মনত ৰাখিব অত্যাধিক যিকোনো বস্তুয়ে অপকাৰী। 

English Summary: 14 impressive health benefits of Ghee in assamese

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.