1. Government Schemes

বীজগাঁও আঁচনি আৰু মাটি পৰীক্ষা

KJ Staff
KJ Staff

বীজগাঁও আঁচনিৰ জৰিয়তে ধানৰ বীজ উৎপাদন কৰি চৰকাৰৰ ওচৰত বিক্ৰী কৰিলে কি হাৰত কৃষকক এই ধানৰ মূল্য দিয়া হয়?

বীজগাঁও আঁচনিৰ অধীনত উৎপাদন কৰা প্ৰমাণিত বীজ কৃষি বিভাগৰ প্ৰয়োজনৰ ভিত্তিত অসম বীজ নিগমে কৃষকৰ পৰা ক্ৰয় কৰে। এই বীজৰ ক্ৰয়মূল্য উৎপাদনৰ ব্যয়ৰ ওপৰত ভিত্তি কৰি সময়ে সময়ে সলনি হৈ থাকে। ইয়াৰ উপৰিও কিছুমান নিৰ্দিষ্ট আঁচনিৰ অধীনত কৃষকে বীজগাঁও আঁচনিৰ জৰিয়তে উৎপাদন কৰা বীজ ক্ৰয় কৰিবলৈ জিলা কৃষি বিষয়াসকলক কৰ্তৃত্ব দিয়া হৈছে। ইয়াৰ বাবে সংশ্লিষ্ট কৃষকসকলে কৃষি উন্নয়ন বিষয়াগৰাকীৰ সৈতে যোগাযোগ ৰখা উচিত।

বীজগাঁও আঁচনিত ৰেহাই মূল্যত বা বিনামূলীয়াকৈ কৃষকলৈ সাৰ যোগানৰ ব্যৱস্থা আছে নেকি?

বীজগাঁও আঁচনিৰ অধীনত কৃষকক ৰেহাই মূল্যত বা বিনামূলীয়াকৈ কোনো ধৰণৰ সাৰ যোগান ধৰাৰ ব্যৱস্থা ৰখা হোৱা নাই। এই আঁচনিৰ অধীনত কৃষকলৈ প্ৰশিক্ষণৰ সুবিধা আগবঢ়োৱাৰ লগতে ৫০ শতাংশ ৰেহাই মূল্যত মূলবীজ যোগান ধৰা হয়।

      প্ৰতিটো কৃষি উন্নয়ন বিষয়াৰ চক্ৰত একোটাকৈ মাটি পৰীক্ষাগাৰ স্থাপনৰ কোনো আঁচনি কৃষি বিভাগে ল’ব নেকি?

প্ৰতিটো কৃষি উন্নয়ন বিষয়াৰ কৃষি চক্ৰত একোটাকৈ মাটি পৰীক্ষাগাৰ স্থাপন কৰাটো যথেষ্ট ব্যয়বহুল আৰু কৃষি বিভাগৰ ওচৰত এনে কোনো প্ৰস্তাৱ এতিয়ালৈ নাই। কিন্তু মাটি পৰীক্ষাৰ বাবে আগ্ৰহী কৃষকে বিভাগৰ ভ্ৰাম্যমান মাটি পৰীক্ষাগাৰ বা বিভাগীয় মাটি পৰীক্ষাগাৰৰ জৰিয়তে নিজৰ মাটিখিনি পৰীক্ষা কৰাই লোৱাৰ সুবিধা আছে। ইয়াৰ বাবে আপোনাৰ কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়াগৰাকীৰ সৈতে যোগাযোগ কৰক।

                                                                                      উৎস: দৈনিক অসম।

English Summary: Bijgaon scheme and soil testing

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.