1. কৃষি সঁজুলি

STIHL_ৰ টিলাৰে আনিব কৃষিখণ্ডলৈ আমূল পৰিৱৰ্তন

KJ Staff
KJ Staff
Stihl Tillers
Stihl Tillers

আমাৰ কৃষকসকলে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ সমস্যাটোৱেই হৈছে শ্ৰমৰ অনুৰূপ পন্থাৰ উপলব্ধতা। ফলত কৃষকসকল গভীৰ শাৰীৰিক আৰু মানসিক চাপত ভুগিব লগা হয়। আন পৰিস্থিতিত কৃষি কৰ্ম সমাপন কৰোঁতে যথেষ্ঠ পলম হৈ যায়। কাজেই উৎপাদনৰ মাত্র হ্ৰাস পায়। ফলত পাবলগীয়া লাভৰ পৰা বঞ্চিত হ'ব লাগে কৃষকসকল। 

উক্ত সমস্যাৰ একমাত্ৰ সমাধান হৈছে কৃষিকৰ্মত যন্ত্ৰ-পাতিৰ ব্যৱহাৰ। এই যন্ত্ৰ-পাতিসমুহ হ'ব লাগিব কম খৰচী আৰু সুবিধাজনক। এনে উপকৰণ উপলব্ধ কৰোৱাৰ বাবে অলপতে মুকলি হৈছে এক নতুন শৃংখল। 

পাৱাৰ টিলাৰ খণ্ডত এছটিআইএইচ এল-ইণ্ডিয়াই বজাৰত মুকলি কৰিছে ইয়াৰ নতুন MH610 আৰু MH710 পাৱাৰ টিলাৰ। পথাৰৰ টান মাটি চহ কৰাত সিদ্ধহস্ত এই দুই পাৱাৰ টিলাৰ। ইয়াত অন্তৰ্ভুক্ত হৈছে উন্নত প্ৰযুক্তিৰ ইউৰ' -বি ইঞ্জিন। আন এক বৈশিষ্ট্য হ'ল ৱেট এয়াৰ ফিল্টাৰ। যি কাৰ্বৰেটৰক সতেজ ধুলি মুক্ত বতাহ প্ৰদান কৰাত সহায়ক। ইয়াৰোপৰি ইয়াৰ বিৰল পাৱাৰ টেক-অফ ফাংচন পানী পাম্প কৰাৰ লগতে সিঞ্চনৰ বাবেও অত্যন্ত সুবিধাজনক। 

এই মেচিন আহল বহল , গভীৰ ক্ষেত্ৰ আদিত কাম কৰাৰ বাবে অতি উপযোগী। মাটি চহ কৰা, বন জংঘল চিকুণ কৰা, হাৱা দিয়া, গছপুলি ৰূপণ কৰা আদি কাম অনায়াসে কৰিব পৰা যায়। 

ইয়াৰ ফ্ৰন্ট লিফ্টিং হেণ্ডল, ট্ৰান্সপৰ্ট আৰু ৰাণিং হুইলছ, ছাইডৱে ভাৰ্টিকেল হেণ্ডেল, বাৰ এডযাষ্টমেন্ট আদিৰ দৰে অতিৰিক্ত উপাদানসমুহে সহজে পৰিচালনা কৰাত সহায় কৰে।

STIHL টিলাৰৰ থ্ৰটিল এক্সিবিছন , গিয়েৰ ছিফ্ট মেকানিজম আৰু প্ৰটেকতিভ হাউচিং কাভাৰসহ ৰবাষ্ট গিয়েৰ বক্সৰ সুবিধাই উন্নত প্ৰদৰ্শনৰ ভৰসা প্ৰদান কৰে। সম্প্ৰতি ৬আৰু ৭ অশ্বক্ষমতাযুক্ত দুই মডেল ক্ৰমে MH610 আৰু MH710 বজাৰত মুকলি কৰা হৈছে। দেশৰ ভিন্ন প্ৰান্তৰ ডীলাৰত মডেল দুটা উপলদ্ধ।

শক্তিশালী ব্ৰাছ কৰ্টছ, মিষ্ট ব্লৱাৰ, বীডাৰ, ৱাটাৰ পাম্প আৰু ষ্পেয়াৰ উপকৰণ কৃষকসমাজৰ মাজত ইয়াৰ জনপ্ৰিয়তাৰ অন্য এক কাৰক। 

এই টিলাৰকেইখন বজাৰত মুকলি কৰাক লৈ কৃষকসকলে আগবঢ়োৱা প্ৰতিক্ৰিয়া খুবেই উৎসাহজনক। STIHL য়ে এই সুবাদতে গ্ৰাহকসকললৈ TVS Star City বাইককে ধৰি আন বহু উপহাৰ প্ৰদানৰো দিহা কৰিছে।

ভাৰতীয় বজাৰত STIHL-ৰ ধাৰাবাহিক বিনিয়োগে দেশৰ প্ৰতি থকা ইয়াৰ দায়বদ্ধতাক প্ৰতিয়মান কৰায়। পূৰ্বতেও কোম্পানীটোৱে কৃষিজাত সামগ্ৰী উপলব্ধকৰনৰ সেৱাত নিবৃত্ত আছিল। দেশৰ কৃষিখণ্ডলৈ যন্ত-পাতি, নতুন প্ৰযুক্তিৰ উপকৰণ আগবঢ়াই ভাৰতীয় কৃষকৰ জীৱনলৈ আমূল পৰিৱৰ্তন অনাই হৈছে প্ৰতিষ্ঠানটোৰ প্ৰধান লক্ষ্য।

English Summary: STIHL Tillers will bring enormous changes in Agriculture

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.