1. কৃষি সঁজুলি

মালচিং মানে খেতিমাটি ঢকা চাদৰ

KJ Staff
KJ Staff
Soil Covering
Soil Covering

মালচিং । এটা সৰু শব্দ। কিবা বুজা যেন লাগে, কিবা নুবুজা যেনো লাগে। খেতিমাটিত গজি উঠা বন-বাত কমাই ৰাখিব পৰা ব্যৱস্থা আমাৰ খেতিয়কে কেতিয়াবাই শিকিলে। অৰ্থাৎ খেতি কৰা শস্যৰ কাষত গজি উঠা বন হাতেৰে বা কোৰ বা খুৰপী আদি সঁজুলিৰে নিৰাই পুনৰ শস্যৰ কাষতে শুকাবলৈ দিলে মাটিৰ জীপো ৰাখে, বন-বাত পুনৰাই গজি অহাতো বাধা দিয়ে। পাছলৈ পচি সাৰো হয়। একেবাৰে সহজে বুজি পোৱা কথা। পিছে, বন-বাত গজি আহিলে মুল খেতিডৰাৰ কিমান হানি হয় তাৰ খবৰ কোনোবাই ৰাখিছেনে? আগ বাৰিষা আৰম্ভ কৰা ভেণ্ডি খেতিত গুটি গজি গছ ডাঙৰ হয় মানে নিজে গজা বন-বাতৰ প্ৰভাৱত ভেণ্ডি গছে গা কৰিবই নোৱাৰে। এয়া বাৰু কম পৰিসৰৰ মাটিত কৰিলে বলে পাৰি। সৰহীয়া মাটিত বন-বাতবোৰ নিৰাবলৈ খৰচো সৰহীয়া নালাগিব জানো? খেতি কৰা শস্যবোৰতকৈ ঘাঁহজাতীয় উদ্ভিদবোৰৰ প্ৰকৃতিত আন গছৰ লগত ফেৰ মাৰি জীয়াই থাকিব পৰা গুণ অধিক। সোনকালে গজেও। সোনকালে বংশ বিস্তাৰো কৰে। ফলত মুল খেতিডৰা পিছপৰি যায়। বাঢ়নত হওক বা উট্‌পাদনত হওক, দুয়োটাতে । কমলাবাৰী এখন বা অমিতাবাৰী এখন বা অন্য বহুবৰ্ষীয় ফলৰ বাৰী এখন পাতোঁ বুলিলেই হৈ নুঠে। মাটি চহোৱা, পুলি গোটোৱা, পুলি সময়ত ৰোৱা আদি অন্য যতনবোৰ আছেই। গজিলেই নহয় বনসোপা। পুলিকেইটাৰ চিন-চাবেই নোহোৱা হ’ল। আহিল নহয় বনসোপা গজি সো-সো কৰি। বছৰ ঘুৰিব নাপালেই। বাৰী পতা নহ’লগৈ। এনে হোৱাৰ বহু কাৰণৰ মুল কাৰণটো হ’লগৈ বন-বাত। পাতনিতে বকলাই মেলিলোঁ। আচল কথালৈ অহা যাওক। ক’ব খোজা মালচিঙত কিনো নতুন কথা থাকিব পাৰে তাৰে অলপ গম-গতি লওঁ আহক।

কেতিয়াবা ভাবি চাইছেনে নিৰাই থকা বন-বাতবোৰ মাজে সময়ে-নগজাকৈ ৰাখিব নোৱাৰিনে? একেবাৰে বন-বাতবোৰ নোহোৱা হ’লে দেখোন মাটিও মৰি থাকিব। ঠিকেই আমাৰ আচল উদ্দেশ্যে হ’ল সাময়িকভাৱে মুল খেতিডৰাৰ বনৰ লগত হোৱা প্ৰতিযোগিতাৰ সময়খিনিত খেতিখিনি ভাল কৰি  অনা। এই প্ৰতিযোগিতাও অকল ঠাইৰ বাবেই নহয়। প্ৰকৃতিৰ বুকুত গছৰ মাজত প্ৰতিযোগিতা হয় ঠাইৰ বাবে, পোহৰৰ বাবে, পানীৰ বাবে আৰু আহাৰৰ বাবে।

বন-বাত নিৰাই জাপি দিয়া মালচিং ঠিকেই আছে। চলি থাকিব। দুমহীয়া-তিনিমহীয়া শস্যৰ ক্ষেত্ৰত তেনেদৰেই চলিব। পিছে নচলিব বহুবৰ্ষীয় গছবোৰৰ ক্ষেত্ৰতহে। তেনেহ’লে উপায়? আছে, তাৰো উপায় আছে। বৰ্তমান যুগ হ’ল পলিইথাইলিন, মানে প্লাষ্টিকৰ যুগ। যেনিয়ে চাওঁ তেনিয়ে প্লাষ্টিক। বাতৰি কাকত পঢ়িবই নোৱাৰি। খবৰ হ’ল-প্লাষ্টিকে গোটেইখন প্ৰদুষণ কৰি পেলাইছে। খাল-ডোংবোৰ পলিইথাইলিনৰ বেগ ভৰি পানী ওলোৱা বাটকেইটাও বন্ধ কৰিছে। বজাৰ কৰোঁতে মাছ-মাংস কিনোতে দিয়া পলিইথাইলিনৰ বেগকেইটাৰ বিষয়েতো ক’বই নালাগে। পথাৰলৈ নিয়া খোৱা সামগ্ৰীৰ লগতে খোৱা কাম সামৰি এৰি অহা পলিইথাইলিনৰ বেগকেইটাই কম অথন্তৰ কৰেনে? লেতেৰা বেগকেইটা দেখিলে গাটো কিবা লাগি আহে। পিছে মানুহে নিজে কৰা ভুলবোৰৰ শুধৰণি নাই জানো? য’তে-ত’তে পলিইথাইলিনৰ বেগবোৰ নেপেলাই এঠাইত গোটাই পুনৰাই ব্যৱহাৰৰ উপযোগী হোৱা উপায় ল’লেই হ’ল দেখোন।

মালচিঙৰ কথালৈ আহোঁ। পলিইথাইলিনৰ পাতল চাদৰ একোখন মাটিত মেলি দিলে কেনে হ’ব? পোহৰ সৰকিব পৰা হ’লে কামত আহিবনে? আহে, আহিবও। মাটিত থকা বেমাৰৰ বীজাণু নাশ কৰিবলৈ কামত আহে। বন-বাতৰ পৰা ৰক্ষা নকৰে। পোহৰতো পায়েই। লগতে পলিইথাইলিনৰ পাতল চাদৰখনৰ তলত তাপমানো বাঢ়ি অহা বাবে বন-বাতবোৰ বেছিকৈহে বাঢ়ে। সেইকাৰণে বন গজি অহা বা বাঢ়ি অহা ৰোধ কৰিবলৈ পোহৰ নসৰকা ক’লা পলিইথাইলিন  হ’লে ভাল। গৰম দেশবোৰত ব্যৱহাৰ কৰিব পৰা উপযোগী হোৱা দুতৰপৰীয়া ক’লা-বগা পলিইথাইলিনৰ চাদৰ প্ৰস্তুত কৰা হয়। ক’লা ৰঙৰ ফালটো মাটিৰ ফালে আৰু বগা বা ৰুপালী ৰঙৰ ফালটো ওপৰফালে ৰাখি পাৰি দিয়া হয়। ওপৰ ফালটোৱে সুৰ্যৰ পোহৰ প্ৰতিফলিত কৰি তাপমান কমাই ৰাখে।

তেনেহ’লে দামৰ কথাটো আহিব নহয়। সমগ্ৰ বিশ্ব এতিয়া পেট্ৰ’ল, ডিজেলৰ মুল্য উঠা-নমা দৰতহে চলে। পলিইথাইলিনো পেট্ৰ’ল-ডিজেলৰ লগতে উৎপাদন হোৱা কৃত্ৰিম সামগ্ৰী। দাম উঠা-নমা কৰিবই। চাপৰিলে জানো মেঘ আঁতৰে? পলিইথাইলিন ওজনত কিনা-বেচা হয়। চাদৰ হিচাপে পাৰি দিয়া নিয়মটো আহে কাৰণে পলিইথাইলিনৰ চাদৰবোৰ কিমান ডাঠ হিচাপত ব্যৱহাৰ কৰিব তাৰ ওপৰত নিৰ্ভৰ কৰি কম ডাঠ, অধিক ডাঠ ইত্যাদি হিচাপত প্ৰস্তুত কৰা হয়। কৃষিত ব্যৱহাৰ কৰিব পৰা ডাঠ পলিইথাইলিনৰ জোখ ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নিয়মানুযায়ী ২৫ মাইক্ৰনৰ তলত ব্যৱহাৰ কৰিব নোৱাৰি। প্ৰস্তুত কৰা অনুষ্ঠানবোৰে ২৫,৫০,১০০ মাইক্ৰন জোখত মালচিঙৰ চাদৰ প্ৰস্তুত কৰে। বহল হিচাপত দুই মিটাৰ ৰাখে। দীঘল হিচাপতো পকাই ৰাখিব পৰাকৈ বনায়। নিজৰ জোখত কাটি ল’লেই হ’ল। বতাহত উৰি নাযাবলৈ মালচিঙৰ চাদৰখনৰ দুয়োকাষে মাটি চপাই দিয়া হয়। ১০০ মাইক্ৰনৰ ১ কিলোগ্ৰাম মালচিঙৰ দ্বাৰা ২২ বৰ্গমিটাৰ অংশ ঢাকিব পাৰি। কৃষিত ব্যৱহাৰ হোৱা নিয়মানুযায়ী ৮০% ওপৰলৈ মাটি ঢকা নহয়। খৰচৰ কথাটো আছেই নহয়। পুৰ্ণ শতাংশই ঢাকিবলৈ গ’লে খৰচ ভাবিব নোৱৰা ধৰণে বাঢ়ি যাব। তদুপৰি বতাহ, পানী, পোহৰ এইবোৰলৈ ঠাই এৰিব লাগিবই। নে কি কয়?

আমি কৰা গৱেষণাত উপলব্ধ ফল অনুসৰি উৎপাদন বৃদ্ধিৰ তলৰ তালিকাখন চাওক। তথ্যবোৰ সহজেই বোধগম্য।

শস্য

মালচিং কিমান ডাঠ

উৎপাদন বৃদ্ধি (%)

*খৰচ: লাভৰ অনুপাত

বিলাহী

৫০ মাইক্ৰন

৪৫

১ টকাত ২.৫০ টকা

কল

৫০ মাইক্ৰন

৬৫

১ টকাত ৩.০০ টকা

 

লেখক: ড° লোচন শইকীয়া

উৎস: আধুনিক কৃষিকথা (শস্য-ব্যৱস্থাপনা)

English Summary: Mulching :: A process of covering the soil and make more favorable conditions for plant growth, development.

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.