1. কৃষি সঁজুলি

কৃষি বিভাগৰ আঁচনিৰ অধীনত ৰেহাই মূল্যত কেনেকৈ এখন পাৱাৰ টিলাৰ পাব পাৰে?

KJ Staff
KJ Staff
Power Tiller
Power Tiller

 বছৰটোত দুটা বা তিনিটা খেতি কৰাত সহায়ক হোৱাকৈ নিৰ্দিষ্ট সময়ৰ ভিতৰত মাটিডৰা চহাই খেতিৰ বাবে সাঁজু কৰিবলৈ কৃষি বিভাগে বিভিন্ন আঁচনিৰ যোগেৰে কৃষক ৰাইজলৈ ৰেহাই মূল্যত পাৱাৰ টিলাৰৰ সুবিধা আগবঢ়াইছে। এই আঁচনিসমূহৰ জৰিয়তে আগবঢ়োৱা সুবিধাসমূহ এনেধৰণৰ:কৃষকে ৰেহাই মূল্যত পাৱাৰ টিলাৰ লাভ কৰিব পৰা এখন আঁচনি হ’ল ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা। এই আঁচনিৰ জৰিয়তে ৫ জনীয়া কৃষকৰ একোটা গোটক ৫০ শতাংশ ৰেহাই মূল্যত একোখন পাৱাৰ টিলাৰ আগবঢ়োৱা হৈছে।

  • মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ আঁচনিৰ জৰিয়তে ৭৫ শতাংশ ৰাজসাহাৰ্য্যৰ জৰিয়তে একোগৰাকী কৃষকলৈ পাৱাৰ টিলাৰ আগবঢ়োৱাৰ এখন নতুন আঁচনি বিভাগে গ্ৰহণ কৰিছে। এই আঁচনিৰ অধীনত প্ৰতিটো বিধানসভা সমষ্টিৰ বাবে ১৪ খনকৈ পাৱাৰ টিলাৰ আগবঢ়োৱা হৈছে।
  • মেক্ৰোমেনেজমেন্ট আঁচনিৰ জৰিয়তেও খেতিয়ক ৰাইজলৈ পাৱাৰ টিলাৰ আগবঢ়োৱা হৈছে। এই আঁচনিৰ অধীনত কৃষকৰ ৫ জনীয়া একোটা গোটলৈ একোখন পাৱাৰ টিলাৰৰ বাবে ৪৫,০০০.০০ টকা ৰাজসাহাৰ্য্য আগবঢ়োৱা হৈছে।
  • কৃষকলৈ পাৱাৰ টিলাৰ আগবঢ়োৱা আন এখন হৈছে অসম বিকাশ যোজনা। এই আঁচনিৰ জৰিয়তে কৃষকৰ ৫ জনীয়া একোটা গোটে ৭৫ শতাংশ ৰেহাই মূলত একোখন পাৱাৰ টিলাৰ লাভ কৰিব পৰাৰ সুবিধা আছে।
  • অনুসূচীত জাতি আৰু জনজাতি আঁচনিৰ অধীনত বিভাগে অনুসূচীত জাতি আৰু জনজাতিৰ কৃষকলৈ ১,২০,০০০,০০ টকা ৰাজসাহাৰ্য্যৰ জৰিয়তে পাৱাৰ টিলাৰৰ সুবিধা আগবঢ়াইছে।
  • কৃষক ৰাইজে পাৱাৰ টিলাৰ লাভ কৰিব পৰা কৃষি বিভাগৰ আন এখন আঁচনি হৈছে অসমত বিশ্ববিংকৰ অৰ্থ সাহাৰ্য্যত ৰূপায়ন হৈ থকা অসম কৃষি সামৰ্থবৰ্দ্ধক প্ৰকল্প বা এএচিপি। এই আঁচনিৰ জৰিয়তে ৩০ শতাংশ ৰাজসাহাৰ্য্যৰ জৰিয়তে কৃষকলৈ পাৱাৰ লাভ কৰাৰ সুবিধা আগবঢ়োৱা হৈছে। এই সুবিধা লাভ কৰাৰ বাবে কৃষকৰ ৫ জনীয়া একোটা গোটে ৩০ শতাংশ চৰকাৰী সাহাৰ্য্য আৰু বেংকৰ পৰা ৫০ শতাংশ ঋণ লাভ কৰিব। বাকী থকা ২০ শতাংশ ধন কৃষক গোটটোৱে নিজে বহন কৰিব লাগিব। এই আঁচনিখনত সংশ্লিষ্ট কৃষক গোটটোৱে ঋণ লোৱাটো বাধ্যতামূলক।
  • ভূমিহীন কৃষকৰ বাবে থকা আঁচনিৰ জৰিয়তেও ৭৫ শতাংশ ৰাজসাহাৰ্য্যৰে পাৱাৰ টিলাৰৰ সুবিধা আগবঢ়োৱা হৈছে। এই আঁচনিৰ অধীনত পাৱাৰ টিলাৰ লাভ কৰিবলৈ ৫ জনীয়া কৃষক গোটৰ প্ৰয়োজন।

 উৎস: কৃষি বিভাগ, অসম

English Summary: Government scheme to provide power tiller in discount rates for the farmers of Assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.