খৰচৰ দিশেৰে কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে ৰাজ্যৰ কৃষি বিভাগে এইবাৰ কৃষকক বিদ্যুৎচালিত পাম্প ছেট দিয়াৰ পৰিকল্পনা কৰিছে। ইতিমধ্যে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ সৈতে প্ৰাৰম্ভিক কথা-বতৰাও হৈছে কৃষি বিভাগৰ। কৃষি বিভাগে পৰীক্ষামূলকভাৱে পৰিষদৰ সহায়ত কেইখনমান পথাৰত ফীডাৰ লাইন বহুৱাব। সেই লাইনৰ পৰা সংযোগ লোৱা অ-গভীৰ নলী নাদৰ সহায়ত কৃষকে পথাৰত পানী দিব পাৰিব। কৃষি সঞ্চালক ড০ কবীন্দ্ৰ বৰকাকতিয়ে কয়-‘আমাৰ পথাৰত থকা অগভীৰ নলী-নাদৰ ভিতৰত বেছিভাগেই ডিজেলচালিত। ডিজেলচালিত অগভীৰ নলী-নাদৰ সহায়েৰে ১ বিঘাত পানী যোগান ধৰিলে যদি ২০০০ টকা লাগে, বিদ্যুৎচালিত নলী-নাদৰ সহায়েৰে দিলে সেই ব্যয় ৭০০-৮০০ টকালৈ নামি আহে’। অসমত বিদ্যুতৰ অভাৱ আছে বুলি মন্তব্য কৰি ড০ বৰকাকতিয়ে কয়-সেয়ে আমি পৰীক্ষামূলকভাৱে কামটো আৰম্ভ কৰিব খুজিছোঁ। বিদ্যুতৰ সহায়ত যদি জলসিঞ্চনৰ ব্যৱস্থা কৰিব পৰা যায়, তেন্তে কৃষকে বহুলাংশে সকাহ পাব।
কৃষকে পাব বিদ্যুৎচালিত পাম্প ছেট
কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক
প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।
প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।
Donate now
Share your comments