1. শিক্ষা

কৃষিত কেনেকৈ কেৰিয়াৰ আৰম্ভ কৰিব (career in agriculture sector)

KJ Staff
KJ Staff

আমি আমাৰ সন্তান সকলৰ ভৱিষ্যতৰ কথা ভাবি প্রায়ে চিন্তিত হৈ পৰো৷ বিশেষকৈ সন্তানে হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পাছত কি কৰিব? কেৰিয়াৰ হিচাপে কি বাছনি কৰিব? কত পঢ়িব বা কি পঢ়িব আদি নানান প্রশ্ন৷ সেই বাবে মই আজি আপোনালোকক এটা কেৰিয়াৰৰ কথা ক'বলৈ বিচাৰিছো ৷ যিটোও আপোনাৰ সন্তানৰ ভৱিষ্যত সুন্দৰ কৰাই নহয়, এজন মানুহ হিচাপে গঢ় দিব। হয়, মই কবলৈ গৈছো কৃষি বিজ্ঞানৰ কথা ৷ বর্তমান সময়ত কৃষি বিভাগ এটা ভাল আৰু ডাঙৰ উদ্যোগ হিচাপে দেখা গৈছে, য'ত এটা বৃহৎ সংখ্যাক কর্ম সংস্থাপনৰ সুবিধা আছে দেশৰ বিভিন্ন প্রান্তত ৷ যিহেতু কৃষি বিভাগে ভাৰতীয় অর্থনীতিত এক অতি গুৰত্বপূর্ণ ভূমিকা পালন কৰি আছে। গতিকে এই ক্ষেত্রখনত কেৰিয়াৰ আৰম্ভ কৰাৰ বাবে এটা সুনিশ্চিত পথ বুলি ক'ব পাৰি।

     এতিয়া কৃষিক্ষেত্রখনত বিভিন্ন ভাগ-উপভাগ আছে। আপুনি ইয়াৰে যিকোনো এটা বিভাগ বাছনি কৰিব পাৰে। যেনে- উদ্যান শস্য, বন বিভাগ, কৃষি অর্থ নীতি, ফার্ম পৰিচালন, কৃষি যন্ত্ৰৰ উৎপাদন আদি সামৰি লয়।

  কৃষি ক্ষেত্রখনত কেৰিয়াৰ আৰম্ভ কৰিবলৈ আপোনাক যিকোনো এটা বিষয়ত বিশেষ ডিগ্রী বা ডিপ্লমা থকাটো আৱশ্যকীয় ৷ বর্তমান সময়ত বেছি ভাগ ল'ৰা-ছোৱালীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰাৰ পাছত কৃষিত B.Sc কৰে৷ গতিকে আজি মই ইয়াৰ বিষয়ে চমুকৈ আলোচনা কৰিম-

নামভৰ্তিৰ বাবে শিক্ষাগত অর্হতা -

1. কৃষিত স্নাতক ডিগ্রীত নামভৰ্তি কৰি বৰ বাবে নূন্যতম 10+2 বা যিকোনো সমতুল্য পৰীক্ষা পাছ কৰিব লাগিব।

2. ছাত্র বা ছাত্রী জনীয়ে বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰিব লাগিব। লগতে পদার্থ বিজ্ঞান, ৰসায়ণবিদ্যা, জীৱবিজ্ঞান আৰু গণিত বাধ্যতামূলক।

3.ছাত্র বা ছাত্রী জনীয়ে 50%শতাংশ নম্বৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত লাভ কৰা হব লাগিব।

4.বহু বিশ্ববিদ্যালয়ে নামভর্তিৰ বাবে প্রৱেশ পৰীক্ষা অনুষ্ঠিত কৰে, এই পৰীক্ষাত প্রয়োজনীয় নম্বৰ লাভ কৰাটো বাঞ্ছনীয় ৷

পাঠ্যক্ৰমৰ খৰচ -

বিভিন্ন বিশ্ববিদ্যালয় অনুসৰি পাঠ্যক্ৰমৰ খৰচ বেলেগ বেলেগ ৷ অসমৰ ক্ষেত্রত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ভ নামভর্তি কৰিলে 2-3 লাখ টকা খৰচ হয় চাৰি বছৰত ৷

কর্ম সংস্থাপনৰ সুবিধা -

বি.এছ.চি. কৃষিৰ শিক্ষাৰ্থীসকলৰ বাবে এয়া এক ভুল ধাৰণা যে তেঁওলোকৰ বাবে সীমিত সুযোগ আছে। আচলতে তেওঁলোকে কাম কৰাৰ বাবে কেইবাটাও খণ্ড বা ভাগ আছে। এই বিদ্যাৰ্থীসকলৰ বহুঅনুসৰ্গমূলক ক্ষেত্ৰ যেনে উদ্ভিদ ৰসায়ন, উদ্যানশস্য, জন্তু বিজ্ঞান, কৃষি অৰ্থবিজ্ঞান, বায়'টেকন'লজী, মাটি বিজ্ঞান, উদ্ভিদপ্ৰজনন আৰু বংশনিমেয়, কৃষিবিজ্ঞান, উদ্ভিদ পেট্ৰলজী, আৰু বহু আছে যত তেঁওলোকে কেৰিয়াৰ আৰম্ভ কৰে। এই বিদ্যাৰ্থীসকলৰ যথেষ্ট বিকল্প আছে যিবোৰ তেওঁলোকে বি.এছ.চি কৃষিৰ পিছত বাছনি কৰিব পাৰে। বর্তমান সময়ত আধুনিক প্রযুক্তিৰ বিকাশৰ লগে লগে বহু কর্ম সস্থাপন সৃষ্টি হৈছে ৷ তেনে পৰিপেক্ষিতত বিশেষজ্ঞ আৰু দক্ষ পেছাদাৰীসকলৰ প্ৰয়োজনীয়তা বৃদ্ধি হৈছে যি ইনপুটৰ ব্যয় নূন্যতম কৰি শস্যৰ বিকাশ বৃদ্ধি নিশ্চিত কৰিবলৈ গৱেষণা আৰু বিকাশ আৰু প্ৰশাসনীয় কাম কৰিব পাৰে। কৃষিত স্নাতক ডিগ্রী গ্রহণ কৰাৰ পিছত চৰকাৰী তথা বেচৰকাৰী দুয়োটা খণ্ডত যোগদান কৰিব পাৰে। ইয়াতে উল্লেখযোগ্য যে কৃষি বিভাগত আন যিকোনো চাকৰিৰ তুলনাত এটা উচ্চ পৰিমানৰ দৰমহা প্রদান কৰা হয় ৷

বেচৰকাৰী খণ্ডত বিদ্যার্থীসকলে এই সমূহ পদত যোগদান কৰিব পাৰে -

ফার্ম মেনেজাৰ

কৃষি ব্যৱস্থাপক

উদ্যানশস্য/ লেণ্ডস্কেপিং মেনেজাৰ

গৱেষক 

উদ্ভিদ প্ৰডাৰ

ক্ৰপ ট্ৰায়েল অফিচাৰ

খাদ্য মানদণ্ড পৰিচালক

প্ৰকল্প মেনেজাৰ ইত্যাদি।

 কৃষিত বি.এছ.চি ডিগ্রীধাৰী সকলক চৰকাৰী চাকৰি প্ৰদান কৰা সংগঠনসমূহ হৈছে -

ভাৰতীয় লোকসেৱা আয়োগৰ - IFS (ভাৰতীয় বন সেৱা) 

IBPS (কৃষি বিশেষজ্ঞ বিষয়া)

এছএছচি- কৰ্মচাৰী বাছনি আয়োগ (উদ্যান শস্য বিষয়া/কেন বিষয়া)

 ভাৰতীয় খাদ্য নিগম(ব্যৱস্থাপনা বিষয়া/ সহকাৰী মেনেজাৰ)) 

দিল্লী উন্নয়ন প্ৰাধিকৰণ (উদ্যানশস্য/ শাখা বিষয়া)

নাবাৰ্ড- নেচনেল বেঙ্ক ফৰ এগ্ৰিকালচাৰ এণ্ড গ্ৰাম্য বিকাশ (সহকাৰী পৰিচালক)

ভাৰতীয় বিমান বন্দৰ প্রাধিকৰণ (লেণ্ডস্কেপিং বিষয়া)

অন্যান্য বিভিন্ন অসম চৰকাৰৰ বিভাগ আদিয়েই প্রধান ৷

কৃষিত স্নাতক পাঠ্যক্রম অধ্যয়ন কৰাৰ বাবে ভাৰতৰ শীর্ষত থকা কলেজৰ নাম উল্লেখ কৰা হল -

বেনাৰস হিন্দু বিশ্ববিদ্যালয় ( বাৰানসী)

অসম কৃষি বিশ্ববিদ্যালয় (যোৰহাট )

চণ্ডিগড় বিশ্ববিদ্যালয় (চণ্ডিগড় )

দিল্লী বিশ্ববিদ্যালয় (দিল্লী)

তামিলনাডু কৃষি বিশ্ববিদ্যালয় (তামিলনাডু)

ইন্দিৰা গান্ধী কৃষি বিশ্ববিদ্যালয় (ৰায়পুৰ)

English Summary: How to start career in agriculture sector in assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.