1. শিক্ষা

নিৱনুৱা সকলৰ বাবে সুখৱৰ! শীঘ্রেই কৃষি বিভাগত 3000 পদত নিযুক্তি কৰা হব: অতুল বৰা

KJ Staff
KJ Staff
Agriculture Minister Atul Bora at Dibrugarh
Agriculture Minister Atul Bora at Dibrugarh

  ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত মিৰিহােলাত থকা চৰকাৰী কৃষিপামখন কালি পৰিদৰ্শন কৰে কৃষি আৰু পশুপালন মন্ত্রী তথা ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্রী অতুল বৰাই। প্রায় ৬৫ বিঘা মাটিকালি থকা চৰকাৰী কৃষিপামখন পৰিদৰ্শন কৰি মন্ত্রী গৰাকীয়ে সাংবাদিকৰ আগত কয় যে এই পুৰণি পামখন নতুনৰূপে গঢ় দিয়া হ'ব।

  কৃষিপামৰ পৰা কৃষকসকলক কেনেদৰে উপকৃত কৰিব পাৰি, তাৰাে বিবেচনা কৰা হ'ব। কৃষি বিভাগত খালী থকা বিভিন্ন পদৰ সন্দৰ্ভত সাংবাদিকে সােধা এক প্রশ্নৰ উত্তৰত মন্ত্রীজনে কয় যে কৃষি বিভাগত ইঞ্জিনিয়াৰিং পদকে ধৰি প্রায় ২৫০০ৰ পৰা ৩০০০ পদ খালী হৈ আছে। এই পদসমূহ শীঘ্রেই পূৰণ কৰা হ'ব।

আৰু পঢ়ক- Pearls Farming - কেনেদৰে কৰিব মুক্তা খেতি? মুক্তাৰ ব্যৱসায় কৰি কোটি পতি হওঁক

   ৰাজ্য চৰকাৰে ১ লাখ নিবনুৱাক চাকৰি দিয়াৰ যি পৰিকল্পনা প্রস্তুত কৰিছে, তাতেই কৃষি বিভাগত খালী হৈ থকা এই পদসমূহপূৰণ কৰা হ'ব। আনহাতে, পশু পালনৰ ক্ষেত্রত পশু পালকসকল যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰে, তাৰ বাবেও বিভিন্ন ধৰণৰ আঁচনি প্রস্তুত কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।ৰাসায়নিক সাৰৰ মূল্যবৃদ্ধিক লৈ মন্ত্রীগৰাকীয়ে উদ্বিগ্নতা প্রকাশ কৰি কয় যে ৰাসায়নিক সাৰৰ ছিণ্ডিকেটৰ ক্ষেত্ৰত তীক্ষ দৃষ্টি ৰখা হৈছে। বহু ঠাইত তদন্ত কৰাৰ লগতে অসাধু ব্যৱসায়ীৰ লাইচেঞ্চ জব্দ কৰাৰ লগতে বাতিল কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।

  মন্ত্রীজনে একেদিনাই মৰাণৰ তিলৈজানস্থিত এটা কভিড ভেকচিনেশ্যন কেন্দ্র পৰিদৰ্শন কৰে। কেন্দ্ৰটো পৰিদৰ্শন কৰি মন্ত্রীজনে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত কম দিনৰ ভিতৰতে কভিডৰ সংক্রমণ নিয়ন্ত্রণলৈ আহিব বুলি আশা ব্যক্ত কৰে। কভিড টিকাকৰণৰ ক্ষেত্ৰত বাগিচা এলেকাবিলাকত অধিক গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীজনে কয় যে লকডাউনৰ সকলােবিলাক চিন্তা-চৰ্চা স্বাস্থ্য বিভাগে কৰিব।

   মন্ত্রীগৰাকীৰ এই দুয়াে ঠাইৰ পৰিদৰ্শন কালত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ আৰু চাবুৱাৰ বিধায়ক পােনাকণ বৰুৱাই সংগ দিয়ে।

আৰু পঢ়ক- আপুনি কীটনাশক অবিহনে কৰা খেতি জৈৱিক নেকি? যদি নহয় কিয় জানক সকলো আজি ইয়াত
English Summary: Good news for unemployment assam Agriculture department going to fill up more than 3000 vacancy post shortly

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.