1. এগ্ৰিপেডিয়া

কিয় আমি জৈৱিক কৃষি পদ্ধতিৰ ওপৰত গুৰুত্ব দিব লাগে ?

KJ Staff
KJ Staff
Organic Farming
Organic Farming

বৰ্তমান সময়ত সমগ্ৰ বিশ্বই জৈৱিক কৃষি পদ্ধতিৰ ওপৰত গুৰত্ব প্ৰদান কৰা পৰিল্লখিত হৈছে । ইয়াৰ লক্ষ্য এটাই, আমাৰ পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰা আৰু স্বাস্থ্যসন্মত এক খাদ্যৰ অভ্যাস গঢ়ি তোলা । গতিকে ই আমাৰ আহিবলগীয়া সময়বোৰৰ বাবে এটা ভাল খবৰ ।

এই সময়ত কেৱল যে কৃষক সকলৰ লগতে গ্ৰাহক সকলেও জৈৱিক বা পৰম্পৰাগত কৃষি পদ্ধতিৰে কৰা সামগ্ৰীৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে । সেই অনুপাতে বজাৰতো জৈৱিক সামগ্ৰীৰ চাহিদা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে । সেয়েহে এই প্ৰৱন্ধটিত জৈৱিক কৃষি পদ্ধটিৰ কেইটামান লাভালাভ উল্লেখ কৰা হ'ল-

১) গোলকীয় উষ্ণতাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰেঃ

জৈৱিক কৃষি পদ্ধতিয়ে গোলকীয় উষ্ণতাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে । কিয়নো এই পদ্ধতিত সম্পূৰ্ণৰূপে জৈৱিক সাহৰ ব্যৱহাৰ কৰা হয় । খেতি পদ্ধতিত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে সাধাৰণে সেই সাৰৰ পৰা এটা বিষাক্ত পদাৰ্থ নিৰ্গত হয় । যিয়ে আমাৰ গোলকীয়  উষ্ণতা বৃদ্ধি সহায় কৰে ।

1981 চনৰ পৰা জৈৱিক আৰু পৰম্পৰাগত কৃষিৰ পদ্ধতিৰ ওপৰত গৱেষণা কৰি অহা  ৰোডেল ইনষ্টিটিউট ফাৰ্মিং চিষ্টেমট্ৰায়ে প্ৰকাশ কৰা তথ্য মতে, জৈৱিক কৃষি পদ্ধতিয়ে এটা স্বাস্থ্যসন্মত জলবায়ু অতুত ৰাখে । তদুপৰি ই পৰিৱেশত কাৰ্ন ডাই অক্সাইড হ্ৰাস কৰাত এক ইতিবাচক অৰিহণা যোগায় ।

২)পানী সংৰক্ষণ কৰেঃ

বিজ্ঞানী সকলে প্ৰকাশ কৰা তথ্য মতে, উৰ্বৰ ভূমিত খেতি কৰিবলৈ বেছি পানীৰ প্ৰয়োজন নহয় । গতিকে পানীৰ সংৰক্ষণৰ ক্ষেত্ৰত জৈৱিক কৃষি পদ্ধতিৰ অধিক অৰিহণা আছে । জৈৱিক কৃষিয়ে  জৈৱিক কৃষিয়ে পানী পৰিষ্কাৰ কৰি ৰখাৰ লগতে প্ৰদূষণৰ পৰা সুৰক্ষা দিয়ে । ৰাসায়িক পদাৰ্থই কেৱল পানী প্ৰদূষণ কৰাই নহয়, ই জলচৰ প্ৰাৰ্ণীৰ বাবে অতি ভয়ানক ।

৩) মাটিৰ উৰ্বৰতা ধৰি ৰখাঃ

জৈৱিক কৃষি পদ্ধতিয়ে মাটিৰ উৰ্বৰতা ধৰি ৰাখে । আমি সকলোৱে জানো যে, অত্যাধিক ৰাসায়নিক সাৰ ব্যৱসাৰে মাটিৰ নিজা উৎপাদন ক্ষমতা হ্ৰাস কৰে । গতিকে, পৰম্পৰাগত কৃষি পদ্ধতি তথা কৃষি কাৰ্যত জৈৱিক সাৰ ব্যৱহাৰে  মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে । ই মানুহৰ স্বাস্থ্যত ক্ষেত্ৰতো এক ইতিবাচক প্ৰভাৱ পেলায় ।

৪) খহনীয়া প্ৰতিৰোধ কৰেঃ

আমি সকলোৱে জ্ঞাত যে, অসমৰ অধিকাংশ অঞ্চলৰ মূল্য সমস্যাই হৈছে গৰাখহনীয়া । গৰাখহনীয়াৰ কৱলত পৰি বৰ্তমানলৈকে হাজাৰ হাজাৰ পৰিয়ালে কেৱল কৃষি ভূমি হেৰুৱাই নহয় গৃহহীন হ'বলগীয়া হৈছে । গতিকে খহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত জৈৱিক কৃষি পদ্ধতিক এটা উপায় হিচাপে ল'ব পাৰো । জৈৱিক কৃষি পদ্ধতিয়ে মাটিৰ খহনীয়া ৰোধ কৰে ।

৫) এলগাল ব্লুম(Algal Blooms)প্ৰতিৰোধ কৰা

ৰাসায়িক সাৰে ব্যৱহাৰে পানী প্ৰদূষিত কৰিব পাৰে আৰু পানীত এলগাল ফুল ফুলিবলৈ সহায় কৰে । HAB বা অতি ক্ষতি কাৰক এলগাল ফুলে পানীৰ মাছৰ লগতে অন্যান্য জলজ জীৱত ক্ষতি কৰা সম্ভাৱনা থাকে । আৰু ই মীন পালনৰ ক্ষেত্ৰতো এক নেতিবাচক প্ৰভাৱ পেলায় । পুনতে ক'বলৈ গলে ই আমাৰ জৈৱ-বৈচিত্ৰ্যতা ধ্বংসত অৰিহণা যোগায় ।

লগতে পঢ়কঃ ২০২১-২২ বিত্তীয় বৰ্ষত সৰ্বাধিক ৭০.৩০ লাখ টন ঘেঁহুৰ ৰপ্তানি ভাৰতৰ

English Summary: Environmental & Health Benefits of Organic Farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.