1. অন্যান্য

ভেদাইলতাৰে মাছৰ আঞ্জা জুতি লগা এসাঁজ 

KJ Staff
KJ Staff
Fish curry recipes with vedailata
Fish curry recipes with vedailata

 উপকৰণ (Gradients):

ভেদাইলতা – ২মুঠি

মাছ – ৪ টুকুৰা

আলু – ১টা (সিজাই লোৱা)

পিয়াঁজ – ১টা

আদা-নহৰু পেষ্ট – ১ চামুচ

জীৰা গুড়ি – ১চামুচ

জালুকৰ গুড়ি – ১চামুচ

কেঁচা জলকীয়া – ২টা

নিমখ, হালধি, তেল জোখ অনুপাতে

প্ৰণালী (Process):

প্ৰথমে ভেদাইলতাখিনি মিক্সিত খুন্দি চেকনিৰে চেকি ৰস উলিয়াই ল’ব ৷ মাছ খিনি নিমখ-হালধি সানি লৈ, কেৰাহীত তেল গৰম কৰি ভাজি ল’ব ৷ এতিয়া সেই তেলতে পিয়াঁজ, আদা-নহৰু, নিমখ, হালধি, জীৰা গুড়ি, কেঁচা জলকীয়া, সিজোৱা আলুখিনি দি অলপ ভাজি ল’ব ৷ তাৰপিছত চেকি লোৱা ভেদাইলতাৰ ৰসখিনি দি, প্ৰয়োজন অনুসৰি পানী অলপ দি উতলিবলৈ দিব ৷ উতল আহিলে মাছকেইডোখৰ দি দিব ৷আঞ্জা ঘন হৈ আহিলে জালুকৰ গুড়ি দি নমাই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব ৷

 

চিলি প্ৰ’নচ্‌ বনোৱাৰ প্রণালী

উপকৰণ (Gradients):

মিছা মাছ – ২৫০ গ্ৰাম

ডাঙৰ কেপ্‌চিকাম – ১টা

পিয়াঁজ – ৩টা (কাটি লোৱা)

নহৰু – ৭ কোঁহ (সৰু সৰুকৈ কুটি ল’ব)

আদা -১ইঞ্চি (দীঘলকৈ কুটি ল’ব)

জীৰা গুড়ি – ১ চামুচ

ট’মেট’ চচ্‌ – ২ চামুচ

চ’য়া চচ্‌ – ২ চামুচ

কৰ্ণফ্ল’ৰ – ১ চামুচ

মৌ – ১চামুচ

কেঁচা জলকীয়া – ২টা

নিমখ ,হালধি,তেল আনুমানিক—

প্ৰণালী (Process):

নহৰু , আদা, পিয়াঁজ , কেপ্‌চিকাম কাটি ল’ব৷ মাছখিনি ধুই নিমখ হালধি সানি ল’ব৷ কেৰাহীত তেল গৰম কৰি মাছখিনি ফ্ৰাই কৰি উঠাই থব ৷সেই তেলতে কাটি লোৱা নহৰু, আদা দি ৰঙচুৱাকৈ ভাজি পিয়াঁজ,কেপ্‌চিকাম, জলকীয়া, নিমখ, হালধি, জীৰা গুড়ি দি লৰাই মাছখিনিও দি দিব ৷ তাৰ পিছত কৰ্ণফ্লৰ ,ট’মেট চচ্‌ , চ’য়া চচ্‌ আৰু এচামুচ মৌ দি লৰাই অলপ সময় ভাজি নমাই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব ৷

English Summary: Vedailata masir Anja assamese recipes

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.