1. অন্যান্য

মহাকাশচাৰীৰ প্রশিক্ষণৰ বাবে বিশ্বৰ গভীৰতম ছুইমিং পুল বৃটেইনত নির্মান

KJ Staff
KJ Staff
World deepest swimming pool (Photo Credit: Google)
World deepest swimming pool (Photo Credit: Google)

প্রায় শূন্য অভিকর্ষ বল (মাইক্ৰ'গ্রেভিটি)ত মহাকাশচাৰীৰ প্ৰশিক্ষণৰ বাবে বৃটেইনে নির্মাণ কৰিছে বিশ্বৰ গভীৰতম ছুইমিং পুল। যিটো অলিম্পিকৰ ১৭টা ছুইমিং পুলৰ আকাৰৰ সমান। এই ছুইমিং পুলটো যে কেৱল মহাকাশচাৰীৰ প্ৰশিক্ষণৰ বাবেই ব্যৱহাৰ কৰা হ’ব তেনে নহয়। তাত থাকিব বিশাল ক্লাছৰম আৰু বহু মহাকাশচাৰীৰ থকাৰ ব্যৱস্থা। মহাসাগৰ আৰু সুগভীৰ সমুদ্ৰৰ অটলত ডুব মাৰি প্রাণী আৰু প্রাকৃতিক সম্পদ সন্ধান কৰাৰ বাবে ৰবট আৰু মানুহক নমােৱাৰ প্রশিক্ষণাে তাত দিয়া হ'ব। বিশ্বৰ এই গভীৰতম ছুইমিং পুলৰ নক্সা তৈয়াৰ কৰিছে ব্লু অ্যাবিছ নামৰ সংস্থাটোৱে।

এই ক্ষেত্ৰত সংস্থাটোক সহায় কৰিছে ইউৰােপীয়ান স্পেচ এজেঞ্চীয়ে। ছুইমিং পুলটো নির্মাণ কৰি উলিয়াবলৈ খৰচ হ’ব আনুমানিক ২১ কোটি ৩০ লাখ ডলাৰ। অর্থাৎ ভাৰতীয় মুদ্রাত প্রায় ১,৫৩৪ কোটি টকা। দুবছৰৰ ভিতৰত পুলটোৰ নির্মাণকার্য সম্পূর্ণ হৈ উঠাৰ আশা আছে। 

আৰু পঢ়ক- Agri Machine: কৃষিৰ ক্ষেত্ৰত নতুন প্ৰযুক্তি, ভূমিৰ মানদণ্ড নিৰ্ধাৰণ কৰিবলৈ ডিজিপিএছ প্ৰযুক্তিৰ ব্যৱহাৰ

ইউৰােপীয়ান স্পেচ এজেঞ্চী-এ প্রকাশ কৰা মতে, বৃটেইনৰ কৰ্ণৱাল বিমান বন্দৰৰ সমীপত ভূগর্ভস্থ ছুইমিং পুলটো নিৰ্মাণ কৰা হ'ব। ছুইমিং পুলটোৰ দৈর্ঘ্য হ'ব ১৬৪ ফুট আৰু গভীৰতা ১৩০ ফুট। এই পুলটোৰ কেইবাটাও মহলা থাকিব। লগতে থাকিব উঠা-নমা কৰা চিৰি। এই ছুইমিং পুলটোৰ মুঠ পানীৰ আয়তন হ’ব ১৪ লাখ ৮৩ হাজাৰ ২১৬ ঘনফুট। যিটো অলিম্পিকৰ ১৭টা ছুইমিং পুলৰ আকাৰৰ সমান।

অবিশ্বাস্য! সাগৰত জুই লাগিছে

পানীৰ তলেৰে যােৱা এডাল অইল পাইপলাইন ফটাৰ পাছত শনিবাৰে মেক্সিকো উপসাগৰৰ দক্ষিণৰ জলৰাশিত জুই লাগে।

এক কথাত কব গলে 'সাগৰত জুই লাগে। এতিয়া এই বিৰল আকস্মিক ঘটনাটোৰ ভিডিঅ’ সামাজিক মাধ্যম সমূহত ভাইৰেল হৈ পৰিছে। বহু জাহাজৰ ঘন্টা ঘন্টা প্রচেষ্টাৰ অন্তত জুই নুমুৱায়। মেক্সিকোৰ চৰকাৰী পেট্রালিয়াম কোম্পানী পেট্রলিয়ছ মেক্সিকানােছৰ (পেমে নামেৰেও জনাজাত) অছৰ প্লেটফর্ম এটাৰ সৈতে সংলগ্ন অইল পাইপলাইন এডাল বিস্ফোৰিত হােৱাত পানীৰ মাজৰ পৰা গলিত লাভাৰ সৈতে সাদৃশ্য থকা উজ্জ্বল কমলা ৰঙৰ শিখা ওলায়। 

আৰু পঢ়ক- অসমৰ খাল-বিলত পৰি থকা 'মখনা'ৰ চোৰাং বেহা, আন্ত:ৰাষ্ট্রীয় বজাৰত ইয়াৰ প্রতি কেজি ৫০০০ টকাত বিক্রী কৰা হয়
English Summary: Uk planning to build world deepest swimming pool for astronaut training with microgravity

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.