1. উদ্য়ানশস্য়

উন্নত পদ্ধতিৰে গোমধানৰ খেতি (wheat Farming  guides)

KJ Staff
KJ Staff

   অসমৰ সকলো অঞ্চলৰ কৃষক গোমধানৰ খেতিৰ লগত বহুলভাৱে পৰিচিত নহ’লেও সাম্প্ৰতিক কালত এইবিধ শস্যৰ গুৰুত্ব ক্ৰমান্বয়ে আমাৰ ৰাজ্যত বৃদ্ধি পাই আহিছে। ভাৰতবৰ্ষৰ গোমধানৰ খেতিৰ প্ৰধান ৰাজ্য হিচাপে গুজৰাট, ৰাজস্থান, পাঞ্জাব, হাৰিয়ানা, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, হিমাচল প্ৰদেশ আদি ৰাজ্যত ই যথেষ্ট প্ৰসাৰ লাভ কৰিছে। পৰম্পৰাগতভাৱে গোমধানৰ খেতি অসমত নকৰিলেও আমাৰ ৰাজ্যৰ জলবায়ু আৰু মাতি এই খেতিৰ বাবে উপযোগী। জলসিঞ্চিত আৰু বৰষুন নিৰ্ভৰশীল খেতি হিচাপে ইয়াক সফলভাৱে কৰিব পৰা যায়।

    গোমধান এবিধ অৰ্থকৰী শস্য। ই মানুহৰ অন্যতম প্ৰধান খাদ্য হোৱাৰ উপৰি জীৱ-জন্তুৰ খাদ্য হিচাপে আৰু বিভিন্ন উদ্যোগৰ কেঁচা সামগ্ৰী হিচাপে গোমধানৰ যথেষ্ট গুৰুত্ব আছে। বৰ্তমান সময়ত আমাৰ দেশৰ মানুহৰ খাদ্যৰ উৎস হিচাপে ই শতকৰা ২৫ ভাগ, পশু খাদ্যৰ উৎস হিচাপে ১২ ভাগ, কুকুৰাৰ খাদ্য হিচাপে শতকৰা ৪৯ ভাগ আৰু উদ্যোগৰ কেঁচা সামগ্ৰীৰ উৎস হিচাপে প্ৰায় ১২ ভাগ অৰিহণা যোগাই আছে। খাদ্যশস্য হিচাপে গোমধানৰ গুনগত মান যথেষ্ট উচ্চ। এইবিধ শস্যত যথেষ্ট পৰিমাণে শ্বেতসাৰ থকাৰ লগতে কিছু পৰিমাণে চৰ্বী আৰু মাংস সাৰো পোৱা যায়। বিভিন্ন প্ৰকাৰৰ খনিজ লৱণ আৰু ভিটামিনৰো ই এক উৎস। কেঁচা সামগ্ৰী হিচাপে ইয়াক বিভিন্ন প্ৰকাৰৰ মাদক দ্ৰব্য, এচিড, শ্বেতসাৰ, কাগজ, প্লাষ্টিক, বয়ন সামগ্ৰী, আঠা জাতীয় সামগ্ৰী, ৰং, জোতাৰ ৰং, ৰেচিন, কৃত্ৰিম ৰবৰ আদি প্ৰস্তুকৰণৰ উদ্যোগত্ব্যৱহৃত হয়। শস্য হিচাপে গোমধানৰ যথেষ্ট গুৰুত্ব থকা সত্ত্বেও আমাৰ ৰাজ্যৰ কৃষকসকলে ইয়াক আকোঁৱালি লোৱা নাই। বৰ্তমান সময়ত আমাৰ ৰাজ্যত মাত্ৰ ৫০০০ হেক্টৰ কৃষিভুমিতহে গোমধানৰ খেতি কৰা হয়। গতিকে এইবিধ শস্যৰ গুৰুত্ব বুজি খেতি কৰা ভুমিৰ পৰিমাণ বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। এইক্ষেত্ৰত গোমধানৰ উন্নত জাতসমুহৰ লগতে এইবোৰৰ বিজ্ঞানসন্মত কৃষি পদ্ধতিসমুহ জানি লৈ সেইমতে আগবাঢ়িলেহে অধিক লাভান্বিত হ’ব পাৰিব।

আৰু পঢ়ক-কৃষকসকলৰ বাবে ভাল খবৰ: ৩১ মাৰ্চৰ আগতে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ বাবে পঞ্জীয়ন কৰক আৰু দুগুণ লাভালাভ লাভ কৰক

উপযুক্ত বতৰ আৰু ভুমি -

গোমধানৰ খেতিৰ বাবে উষ্ণ জলবায়ু উপযোগী যদিও বৰ্তমান সময়ত নানা প্ৰকাৰৰ গোমধানৰ জাত উদ্ভাৱিত হোৱা হেতুকে বছৰৰ বিভিন্ন সময়ত এই খেতি কৰিবৰ বাবে সুবিধা হৈছে। তথাপি অতি ঠাণ্ডা বতৰত বিশেষকৈ নিশাৰ তাপমাত্ৰা ১৫° চেলচিয়াছতকৈ হ্ৰাস পোৱা অৱস্থাত শস্যৰ বৃদ্ধি যথেষ্ট কম হোৱা পৰিলক্ষিত হয়। সেয়েহে ৰবি শস্যৰ বতৰত কৰিবলগীয়া গোমধানৰ বীজ সিঁচাৰ উপযুক্ত সময় হ’ল আহিন মাহ। ব্যতিক্ৰম হিচাপে সিঁচাৰ সময় কাতি মাহৰ শেষলৈ পিছুৱাব পাৰি যদিও পলমকৈ সিঁচা খেতিৰ কৃষিকাল বেছি হয়। বতৰৰ আৰম্ভণিতে বীজ সিঁচিব পাৰিলে মাটিত থকা জীপৰ সহায়ত বীজ সহজে অংকুৰিত হয় আৰু পাছত খৰাং সদৃশ পৰিস্থিতিৰ পৰা ৰক্ষা পৰে। অসমত এই খেতি বৰ্ষাকালীন শস্য হিচাপেও কৰিব পৰা যায়। অৱশ্যে এই সময়ত আমাৰ ৰাজ্যত যথেষ্ট পৰিমাণে বৰষুণ হোৱা বাবে শস্যৰ অংকুৰণত যথেষ্ট বাধাগ্ৰস্ত হয় আৰু পানী জমা হোৱা কৃষিভুমিত পুলিবোৰ নষ্ট হোৱা দেখা যায়। গতিকে আগতীয়াকৈ বীজ সিঁচিব পাৰিলে অধিক সুফল পোৱা যায়। বীজ সিঁচাৰ সময় অসমৰ বিভিন্ন জলবায়ু সংমণ্ডলৰ বাবে বেলেগ বেলে গ। ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামনি অসম সংমণ্ডলত সিঁচাৰ সময় মাঘ মাহৰ মাজভাগৰ পৰা ব’হাগ মাহৰ মাজভাগ, মধ্য অসম আৰু বৰাক উপত্যকাত ফাগুন মাহৰ মাজভাগৰ পৰা জেঠ মাহৰ মাজভাগলৈ আৰু পাহাৰীয়া অঞ্চলত চ’ত মাহৰ মাজভাগৰ পৰা জেঠ মাহৰ মাজভাগলৈ বীজ সিঁচিব পাৰি।

গোমধানৰ খেতিৰ বাবে সদায় সাৰুৱা, যথেষ্ট পৰিমাণে জৈৱিক পদাৰ্থ থকা, পানী জমা নোহোৱা অথবা পানী ওলাই যোৱাৰ সু-বন্দৱস্ত থকা, ৰ’দঘাই বালিচহীয়া মাটি নিৰ্বাচন কৰিব লাগে। বিশেষকৈ বৰ্ষাকালীন শস্যৰ পথাৰত যাতে বৰষুণৰ পানী বেছি সময় জমা হৈ থাকিব নোৱাৰে তাৰ প্ৰতি বিশেষভাৱে সতৰ্ক হ’ব লাগে।

অনুমোদিত জাত -

   অসমৰ জলবায়ু আৰু কৃষিভুমিৰ বাবে উপযোগী বিভিন্ন বৰ্ণসংকৰ আৰু সংযোজিত জাত কৃষকৰ পথাৰৰ বাবে অনুমোদন কৰা আছে। এই জাতসমুহৰ ভিতৰত শীতকালীন শস্য হিচাপে কৰিব পৰা বৰ্ণসংকৰ জাতসমুহ হ’ল- গংগা ১০১, গংগা ৫ আৰু ডেক্কান হাইব্ৰিড। এই জাতসমুহৰ কৃষিকাল ১৫০ ৰ পৰা প্ৰায় ১৬০ দিন আৰু উ্ৎপাদিকা শক্তি জলসিঞ্চিত খেতি হিচাপে ৫০ ৰ পৰা ৬০ কুইণ্টল প্ৰতি হেক্টৰ মাটিত। বৰ্ষাকালীন শস্য হিচাপে অনুমোদিত বৰ্ণসংকৰ জাতসমুহ হ’ল- গংগা ৫ (১১০-১২০ দিন) আৰু হাইষ্টাৰ্চ (১৩০-১৪০ দিন)। সংযোজিত জাতসমুহৰ ভিতৰত শীতকালীন শস্য হিচাপে কিষাণ, বিজয়, প্ৰতাপ (কৃষিকাল ১৫০-১৬০ দিন ) আৰু বৰ্ষাকালীন শস্য হিচাপে এন এল ডি, ধাৱাল (কৃষিকাল ১১০-১২০ দিন ) আৰু নভজোট (৯০-১০০ দিন) উল্লেখযোগ্য। ইয়াৰ উপৰি দ’ চানেকীয়া বানাক্ৰান্ত অঞ্চলৰ বাবে অনুমোদিত গোমধানৰ জাত হ’ল ‘ডায়েৰা’। ওপৰত উল্লিখিত জাতসমুহৰ ক্ষেত্ৰত বিশেষভাৱে মন কৰিবলগীয়া বিষয়টো হ’ল হাইব্ৰিড বা বৰ্ণসংকৰ জাতৰ বীজ চপোৱাৰ পাছত পিছৰ বছৰৰ বাবে বীজ হিচাপে ইয়াক সংৰক্ষণ কৰাটো মুঠেও উচিত নহয়। অৱশ্যে সংযোজিত জাতৰ ক্ষেত্ৰত বীজ পিছৰ বছৰৰ বাবে সংৰক্ষন কৰিব পৰা যায়।

পথাৰ প্ৰস্তুতি -

গোমধানৰ খেতিৰ বাবে মাটিডৰা ভালদৰে ৪/৫ বাৰ চহাই, মৈয়াই মিহি কৰি সমান কৰি ল’ব লাগে। মাটি প্ৰস্তুতিৰ আৰম্ভনিতেই পথাৰডৰাত যথেষ্ট পৰিমাণে গোবৰ সাৰ অথবা পচনসাৰ প্ৰয়োগ কৰি লোৱা দৰকাৰ।

ৰাসায়নিক সাৰৰ ব্যৱহাৰ -

ৰাসায়নিক সাৰৰ ভিতৰত বিঘাই প্ৰতি ইউৰিয়া সাৰ ১৮ কেজি, একক ছুপাৰ ফছফেট ৩৩ কেজি আৰু ৮ কেজি মিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ কৰিব লাগে। দীৰ্ঘদিনীয়া জাতৰ ক্ষেত্ৰত প্ৰয়োজনীয় ইউৰিয়া সাৰৰ পৰিমাণ প্ৰায় ২৪ কেজিলৈ বৃদ্ধি কৰিব পৰা যায়। বৰ্ষাকালীন গোমধানৰ খেতিত ইউৰিয়া সাৰৰ আধাভাগ আৰু সমুদায় ছুপাৰ ফছফেট আৰু পটাছ সাৰ সিঁচাৰ আগেয়ে শেষৰবাৰ মাটি প্ৰস্তুতিৰ সময়ত মাটিত প্ৰয়োগ কৰিব লাগে। বাকী থকা আধাভাগ ইউৰিয়া সমানে দুভাগ কৰি এভাগ গজালি ওলোৱাৰ ৩০-৩৫ দিন পাছত আৰু বাকী থকা আধাভাগ ৪৫-৬০ দিন পাছত প্ৰয়োগ কৰিব লাগে। শীতকালীন গোমধানৰ ক্ষেত্ৰত জলসিঞ্চনৰ সুবিধা থকা মাটিত সমুদায় ছুপাৰ আৰু পটাছ সাৰ সিঁচা চাহত প্ৰয়োগ কৰিব লাগে। ইউৰিয়া সাৰৰ ১/৪ ভাগ সিঁচা চাহত, ১/২ ভাগ গজালি ওলোৱাৰ ৩০-৩৫ দিন পাছত আৰু বাকী ১/৪ ভাগ মাইকী ফুল ওলাব ধৰা অৱস্থাত প্ৰয়োগ কৰিব লাগে। বৰষুণ নিৰ্ভৰশীল খেতিত সিঁচা চাহত সমুদায় ছুপাৰ, পটাছ আৰু ১/২ ভাগ ইউৰিয়া সাৰ প্ৰয়োগ কৰি বাকী ১/২ ভাগ ইউৰিয়া গজালি ওলোৱাৰ ৩০-৩৫ দিন পাছত টপড্ৰেছিং কৰিব লাগে।

আৰু পঢ়ক- উন্নত প্রণালীৰে তিঁয়হ খেতি (Cucumber Ferming guidence to assam farmers)

   সিঁচা চাহত ৰাসায়নিক সাৰ প্ৰয়োগ কৰা সময়ত প্ৰায় ৪ ইঞ্চি গভীৰতাত লোৰবোৰত ৰাসায়নিক সাৰ প্ৰয়োগ কৰি ২ ইঞ্চিমান মাটিৰে ঢাকি দি ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ২ দিনমান পাছত বীজ সিঁচিব লাগে। ইউৰিয়া সাৰ টপড্ৰেছিং কৰাৰ সময়ত পথাৰডৰাৰ পৰা বন-বাত আঁতৰাই শস্যৰ শাৰীৰ দুয়োকাষে সাৰ ছটিয়াই দুই শাৰীৰ মাজত পাতলীয়াকৈ কোৰ মাৰি দিব পাৰিলে অধিক সুফল পোৱা যায়।

বীজ সিঁচা: সিঁচিবৰ বাবে প্ৰয়োজন হোৱা বীজৰ পৰিমাণ বীজৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে প্ৰতি বিঘা তলী মাটিৰ বাবে প্ৰায় ২.৫ ৰ পৰা ৩ কেজি বীজৰ প্ৰয়োজন হয়। সিঁচিবৰ বাবে প্ৰায় ২ ৰ পৰা ২.৫ ফুট আঁতৰে আঁতৰে লোৰ বনাই প্ৰায় ১১/২-২ ইঞ্চি গভীৰতাত সিঁচিব লাগে। দুডাল পুলিৰ মাজৰ দুৰত্ব ৮-১০ ইঞ্চি ৰাখি প্ৰতিটো গাঁতত দুটাকৈ বীজ দিব লাগে। গজালি ওলোৱাৰ ১০ দিনমান পাছত প্ৰতিটো গাঁতত এটাকৈ পুলি ৰাখি পুলিবোৰ পাতলাই দিব লাগে। এনে ব্যৱস্থাই পথাৰডৰাত এক নিৰ্দিষ্ট সংখ্যাৰ গছ ৰখাত সহায় কৰিব। কিছুমান কমদিনীয়া চাপৰ জাতৰ ক্ষেত্ৰত অলপ ঘনকৈয়ো বীজ সিঁচিব পাৰি। একেধৰনে সাৰুৱা মাটিৰ ক্ষেত্ৰত আকৌ সিঁচাৰ দুৰত্ব সামান্য বৃদ্ধিও কৰিব পাৰি।

বন-বাত নিয়ন্ত্ৰণ আৰু শস্যৰ যতন -

   শীতকালীন শস্যত বন-বাতৰ উপদ্ৰৱ যথেষ্ট কম হয় যদিও বৰ্ষাকালীন শস্যত খেতিডৰা বন-বাতৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰাৰ দৰকাৰ হয়। শস্যৰ প্ৰাৰম্ভিক অৱস্থাত বন-বাত নিয়ন্ত্ৰণ কৰিব পাৰিলে পাছত ই গা কৰি উঠিব নোৱাৰে। গতিকে সিঁচাৰ ২০-২৫ দিন আৰু ৪০-৪৫ দিন পাছত বন-বাত নিৰাই দিব পাৰিলে খেতিডৰা বন-বাতৰ উপদ্ৰৱৰ পৰা হ’ব পৰা সম্ভাব্য লোকচানৰ পৰা ৰক্ষা পৰে। প্ৰয়োজন সাপেক্ষে ৰাসায়নিক দ্ৰব্যৰ সহায়তো বন-বাত নিয়ন্ত্ৰণ কৰিব পাৰি। এইক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ গ্ৰহণ কৰাটো প্ৰয়োজন। প্ৰয়োজন সাপেক্ষে পাতলীয়াকৈ কোৰ মাৰি দিয়াৰ লগতে শস্যৰ গুৰিত মাটি চপোৱা কাম কৰিব পাৰিলে খেটিডৰা বতাহত হালি পৰি যোৱাৰ পৰা ৰক্ষা পৰিব আৰু মাটিত বায়ু চলাচল কৰাত সুবিধা হ’ব।

জলসিঞ্চন আৰু পানী নিৰ্গমনৰ ব্যৱস্থাপনা -

   বৰ্ষাকালীন বতৰত গোমধান প্ৰধানকৈ বৰষুণ নিৰ্ভৰশীল খেতি হিচাপে কৰা হয়। এই সময়ত জলসিঞ্চিত পানী প্ৰয়োগৰ প্ৰয়োজন নহয় যদিও শস্যৰ মাইকী ফুল ওলোৱা অৱস্থা আৰু গুটি ধৰিব পৰা ধৰা অৱস্থাত মাটিত জীপৰ অভাৱ দেখা পালে জলসিঞ্চিত পানী প্ৰয়োগ কৰা দৰকাৰ। ৰবি শস্যৰ বতৰত কৰা গোমধানৰ খেতিত অৱশ্যেই পানী যোগানৰ ব্যৱস্থা কৰা অত্যন্ত জৰুৰী। পানী যোগানৰ ফালৰ পৰা গোমধানৰ অত্যন্ত সংবেদনশীল অৱস্থাকেইটা হ’ল গা-গছৰ বৃদ্ধিৰ সময়, মতা ফুল ওলোৱা সময় আৰু গুটি ধৰা অৱস্থা। জাতৰ ভিন্নতা আৰু কৃষিকাল অনুযায়ী এই সময়বোৰ ভিন্ন ভিন্ন হয় যদিও এই তিনিওটা সময়তে জলসিঞ্চিত পানী প্ৰয়োগৰ যোগেদি শস্যৰ উৎপাদন বৃদ্ধি কৰিব পৰা যায়।

   বৰ্ষাকালীন শস্যত বৰষুণৰ অতিৰিক্ত পানীভাগ পথাৰত জমা হৈ শস্যৰ অনিষ্ট কৰাৰ আশংকা থাকে। সেয়েহে পথাৰডৰাত প্ৰায় ৬ মিটাৰ আঁতৰে আঁতৰে ১০ ইঞ্চি বহল আৰু ৬ ইঞ্চি দ’ খাৱৈ খান্দি অতিৰিক্ত পানীভাগ নিৰ্গমনৰ ব্যৱস্থা কৰি দিব পাৰিলে ভাল।

শস্য চপোৱা -

শস্যৰ ফল বা গোমধানৰ ভুঠাবোৰৰ বাহিৰৰ আৱৰণী শুকাই মুগাবৰণীয়া হোৱাৰ সময়তে শস্য চপাব লাগে। বৰষুণৰ ঠিক পাছতেই শস্য নচপাই গা-গছ শুকাব দিব লাগে। ভালদৰে প্ৰতিপালন কৰা এক হেক্টৰ মাটিত ৪০ ৰ পৰা ৫০ কুইণ্টল পৰ্যন্ত উৎপাদন পাব পাৰে।

আৰু পঢ়ক- কুঁহিয়াৰ খেতিৰ বিজ্ঞানসন্মত কৃষি প্ৰণালী (Sugarcane Farming in Asaam)

উৎস: আধুনিক কৃষিকথা (শস্য ব্যৱস্থাপনা)

English Summary: Know Here how to grow wheat in assam effectively

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.