1. উদ্য়ানশস্য়

উহৱা চাউল আমি কিয় খাব লাগে! উহৱা চাউলৰ উপকাৰিতা সমূহ কি কি ?

KJ Staff
KJ Staff
Health benefits of Boil Rice
Health benefits of Boil Rice

উহৱা চাউল আমাৰ সকলোৰে পৰিচিত চাউল। আমি ধান উহাই ৰ’দত শুকুৱাই এই উহৱা চাউল প্ৰস্তুত কৰো। উহৱা চাউলৰ ভাতটো ডাঙৰ হোৱাৰ বাবে বহুতেই খাব নিবিচাৰে যদিও পৰিশ্রম কৰা লোকসকলৰ বাবে এই চাউলৰ ভাত অতি প্রিয়। কিয়নো উহৱা চাউলত প্রচুৰ পৰিমাণে পুষ্টি পোৱা যায়। লগতে গুণগত দিশৰ পৰা উহৱা চাউল আন চাউলতকৈ উচ্চমানৰ ৷

উহৱা চাউল আমি কিয় খাব লাগে! উহৱা চাউলৰ উপকাৰিতা সমূহ কি কি -

  • উহৱা চাউল ডায়বেটিছ ৰোগীৰ বাবে অতি উপকাৰী।

  • ডায়েৰীয়া, পেটচলা, পেটৰ সমস্যা থকা ৰোগীৰ বাবে এই উহৱা চাউল খোৱাটো প্রয়োজনীয় বুলি কোৱা হয়৷

  • ইয়ৰোপৰি উহৱা চাউলৰ ভাত সদায় খালে ৰক্তহীনতা দূৰ হয়।

  • উহৱা চাউলে হাড়, দাঁতৰ গঠন মজবুত কৰে।

  • উখুৱা চাউলৰ ভাত খালে দেহৰ হজম শক্তি বৃদ্ধি হয়।

  • বিশেষজ্ঞ সকলৰ মতে অৰ্শ ৰোগী সকলে উহৱা চাউল খোৱা নিতান্ত প্রয়োজনীয়।

  • থাইৰয়ড থকা লোকে উহৱা চাউলৰ ভাত খাব পাৰে, তেনে ৰোগীক যথেষ্ট উপকাৰ কৰিব কৰে।

  • তাৰোপৰি আপুনি যদি মেদবহুলতা কমাবলৈ বিচাৰে তেন্তে উহৱা চাউল অতি উত্তম বিবেচনা কৰিব পাৰে।

  • উহৱা চাউলে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে।

  • উহৱা চাউল গেষ্টিক থকা লোকৰ বাবেও যথেষ্ট উপকাৰী।

  •  উহৱা চাউলে আমাৰ দেহৰ পাচন কাৰ্য্যত যথেষ্ট সহায় কৰে আৰু ক্ষীপ্র কৰি তোলে।

  গতিকে চাওক আপুনি খাই বেয়া পোৱা উহৱা চাউল আমাৰ দেহৰ বাবে কিমান উপকাৰী।

আৰু পঢ়ক-

পৃথিৱীৰ আটাইতকৈ দামী শাকবিধঃ যাৰ মূল্য হৈছে ৮২ হাজাৰ প্ৰতিকিলোত

English Summary: How to rid of from thyroid

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.