1. উদ্য়ানশস্য়

বাৰিষা কালত তিঁতা কেৰেলাৰ কৃষি প্রণালী জানো আহক (Bitter gourd Farming in Summer)

KJ Staff
KJ Staff
Bitter gourd Farming
Bitter gourd Farming

 তিতা কেৰেলা এবিধ মুখৰােচক আৰু উচ্চ গুণ বিশিষ্ট পাচলি। বহুমূত্ৰ ৰােগৰ ৰােগীসকলৰ পৰম বন্ধু এইবিধ পাচলিৰ খেতি সাধাৰণতে আগতীয়াকৈ অক্টোবৰ নৱেম্বৰ মাহত, মধ্যমীয়াকৈ ফেব্ৰুৱাৰী- মার্চত আৰু শেহতীয়াভাৱে জুন-জুলাই মাহত কৰা হয়। 

 অৱশ্যে এই লিখনিত শেহতীয়াভাৱে কৰা তিতা কেৰেলাৰ কৃষি পদ্ধতিৰ বিষয়ে কিছু তথ্য দাঙি ধৰা হব -

মাটিঃ- পানী ওলাই যােৱাৰ সুব্যৱস্থা থকা, বালিঅঁহীয়া, পলসুৱা, অধিক জৈৱিক গুণ থকা, মাটিত ৬.০-৭.০ পৰিমাণৰ অম্লতা থকা মাটি এই খেতিৰবাবে উপযােগী।

 

মাটি প্রস্তুতঃ- ২-৩ বাৰ হাল বাই মৈয়াই

মাটিডৰা সমান কৰি মিহিকৈ চাহ কৰি ল'ব

লাগে।

সাৰ প্রয়ােগঃ- প্রতি বিঘাত ১০ কুইন্টল পচন সাৰ বা শুকান গােবৰ, ইউৰিয়া ১০ কিলােগ্রাম, ছুপাৰ ফছফেট ২৫ কিলােগ্রাম আৰু মিউৰিট অব পটাছসাৰ ৭ কিলােগ্রাম প্রয়ােজন। ইয়াৰে ইউৰিয়া সাৰৰ আধাভাগ আৰু সমুদায় সাৰখিনি মাটি চাহ কৰা সময়ত প্রয়ােগ কৰিব লাগে। আধাভাগ ইউৰিয়া ফুল আৰু ফল ধৰাৰ সময়ত টপদ্রেচ হিচাপে প্রয়ােগ

কৰিব লাগে।

জাতঃ- মনছুন মনৰ্ক, লং গ্রীণ মনছুন।

বীজৰ পৰিমাণঃ- বিঘাই প্রতি ৮০০-৯০০ গ্রাম।

বীজ সিঁচাৰ সময়ঃ জুন-জুলাই মাহৰ ভিতৰত।

ব্যৱধানঃ শাৰীৰ মাজৰ ব্যবধান ১.৫-২.৫ মিটাৰ আৰু গছৰ ব্যৱধান ৬০ ছেণ্টিমিটাৰ-১.২ মিটাৰ হ’ব লাগে।

জলসিঞ্চনঃ খৰাংবতৰত ৮-১০ দিনৰ অন্তৰে অন্তৰে জলসিঞ্চন কৰিৱ লাগে।

খেতি চপােৱাঃ- ফলবােৰ কোমল আৰু সেউজীয়া হৈ থাকোতে খেতি চপোৱাৰ উপযুক্ত হয়।

উৎপাদনঃ বিঘাই প্রতি ১৫-১৮ কুইন্টল।

সেউজ গৃহৰ খেতি, কম খৰচতে কেনেকৈ খেতি কৰিব পাৰি জানো আহক

English Summary: Bittergurd Farming in Summer time know step by step here

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.