1. Government Schemes

মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা (Assam govt agriculture scheme chief minister samagra)

KJ Staff
KJ Staff
C
C

এই আঁচনিখনৰ বৈশিষ্ট্যসমূহ হ’ল-

   পাঁচ বছৰত কৃষকৰ আয় দুগুণ কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ এটি আঁচনি মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ বাবে মেগা মিছন চ’চাইটিয়ে ৰাজসাহায্যযুক্ত মূল্যত ট্ৰেক্টৰ আৰু সৰঞ্জাম ক্ৰয়ৰ বাবে আবেদন বিচাৰিছে।

   উপকৰণসমৃদ্ধ কৃষক মানেই বৰ্দ্ধিত কৃষি উৎপাদন আৰু কৃষকৰ বৰ্দ্ধিত উপাৰ্জন। সেয়েহে, অসম চৰকাৰে কৃষকসকলৰ বাবে ৰাজসাহায্যযুক্ত মূল্যত ট্ৰেক্টৰ যোগানৰ এই অভিলাষী আঁচনি গ্ৰহণ কৰিছে।

বর্তমানলৈ এই আঁচনিৰ অধীনত 12500 খন টেক্টৰ আৰু 23000 খন পাৱাৰ টিলাৰ বিতৰণ কৰা হৈছে বুলি ৰাজ্যৰ কৃষি মন্ত্রী অতুল বৰাদেৱে অলপতে জনাইছে।

এই আঁচনিখনৰ বৈশিষ্ট্যসমূহ হ’ল-

1. ট্ৰেক্টৰৰ মূল্যত ৭০%(৫.৫ লাখ টকালৈ সীমিত)ৰাজসাহায্য।

2. ট্ৰেক্টৰৰ মূল্যৰ ২০% বেংকৰ পৰা ঋণ।

3. ট্ৰেক্টৰৰ মূল্যৰ মাত্ৰ ১০% কৃষকৰ বৰঙণি।

4. ৮-১০ জন সদস্যবিশিষ্ট কৃষকৰ গোট ইয়াৰ বাবে যোগ্য।

5. কৃষকসকলৰ গোটে তেওঁলোকৰ পছন্দ অনুযায়ী ট্ৰেক্টৰৰ ব্ৰাণ্ড বা মডেল কিনিব পাৰে।

6. গোটসমূহে কৃষকসকলৰ এই ট্ৰেক্টৰ ভাড়াত দিব।

7. জিলা পৰ্য্যায়ৰ সমিতি(ডিএলচি)য়ে কৃষকসকলৰ নিৰ্বাচন কৰিব।

   নিৰ্দ্ধাৰিত প্ৰপত্ৰত আবেদন কৰি জিলা কৃষি বিষয়াক(ডিএঅ’) ১৫ জুলাই ২০১৭ তাৰিখ বা তাৰ পূৰ্বেই জমা দিব লাগিব। আবেদন পত্ৰ জিলা কৃষি বিষয়াৰ কাৰ্য্যালয় বা আমাৰ ৱেবচাইটৰ পৰা ডাউনলোড কৰিব পাৰিব।

    বিস্তৃত বিৱৰণ আৰু নিৰ্দেশনাৰ বাবে অনুগ্ৰহ কৰি সংশ্লিষ্ট জিলা কৃষি বিষয়াৰ কাৰ্য্যালয়ত যোগাযোগ কৰক নাইবা আমাৰ ৱেবচাইট www.mmscmsguy.assam.gov.in চাওঁক।

নিবনুৱা সকলৰ বাবে জীৱিকাৰ এটি পথ বিজ্ঞানসন্মত ভাবে দুগ্ধ উৎপাদন (Diary Farming one of the best profitable business of Assam)

উৎস:অসমীয়া প্ৰতিদিন

 

English Summary: Assam govt agriculture scheme chief minister samagra gramya unnayan yojana

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.