1. কৃষি সঁজুলি

কম মূল্যতে লাভ কৰক মহিন্দ্রা ফাইনেন্সৰ পৰা টেক্টৰ, কেনেকৈ কত লাভ কৰিব পাৰে চাওক

KJ Staff
KJ Staff
Mahindra finance
Mahindra finance

   বৰ্ধিত শস্যউৎপাদনৰ বাবে, কৃষকসকলক উন্নত সঁজুলি, যন্ত্ৰ-পাতিৰ প্ৰয়োজন। এইক্ষেত্রত অৱশ্যে, বহুতো কৃষকে ধনৰ অভাৱৰ বাবে এই যন্ত্ৰ বা সঁজুলি ক্ৰয় কৰিবলৈ সক্ষম নহয়। এনে কৃষকসকলক সহায় কৰিবলৈ, বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহে কৃষি ঋণ প্ৰদান কৰে যাতে কৃষকে ট্ৰেক্টৰ ক্ৰয় কৰিব পাৰে। আজি এই প্ৰবন্ধত, আমি মহিন্দ্ৰা ফাইনেন্সৰ দ্বাৰা প্ৰদান কৰা ঋণ সুবিধাৰ ওপৰত আলোচনা কৰিম।

   মহিন্দ্ৰা ফাইনেন্স হৈছে দেশৰ শীৰ্ষ ট্ৰেক্টৰ ফাইনেন্সাৰসকলৰ ভিতৰত এটা যিয়ে বিভিন্ন পৰিসৰৰ বিত্তীয় সামগ্ৰী প্ৰদান কৰে৷ কৃষকসকলে মহিন্দ্ৰাৰ কৃষি সঁজুলি ঋণৰ দ্বাৰা সহজে কৃষিৰ বাবে ট্ৰেক্টৰ আৰু কৃষি সামগ্ৰী ক্ৰয় কৰিব পাৰে আৰু লগতে বাণিজ্যিক ব্যৱহাৰ কৰিব পাৰে।

  আপুনি মাটি বন্ধক নোহোৱাকৈ বিভিন্ন মুল্যৰ ট্ৰেক্টৰৰ লগতে সা-সঁজুলি ঋণ পাব পাৰে। মহিন্দ্ৰা ফাইনেন্স প্রদান কৰা এটা উত্তম সুবিধা হ'ল ঋণ প্ৰক্ৰিয়া অতি সহজ আৰু আপোনাৰ প্ৰয়োজনীয়তাৰ নমনীয়৷ তেঁওলোকে অতিকম নথিপত্ৰহে বিচাৰে। ইয়াৰ উপৰিও, আপুনি নথিপত্ৰ দাখিল কৰাৰ 2 দিনৰ ভিতৰত সাধাৰণ অৱস্থাত ঋণ অনুমোদন কৰা হয়।

ইয়াৰ উপৰিও, মহিন্দ্ৰা ফাইনেন্সত আন বহুতো বেংক আৰু প্ৰতিষ্ঠান আছে যিয়ে কৃষকসকলক বিভিন্ন উদ্দেশ্যৰ বাবে ঋণ প্ৰদান কৰে।

আৰু পঢ়ক- সুঃখবৰ! হোলীৰ পিছতেই মুকলি কৰা হব PM kisan ৰ ধন! পিছে ২০০০ টকা পাব নে তাতকৈ অধিক - জানো আহক

ট্ৰেক্টৰ ঋণৰ বাবে প্ৰয়োজনীয় দস্তাবেজ

  মহিন্দ্ৰা ফাইনেন্সৰ পৰা ঋণ লাভ কৰিবলৈ আপোনাৰ তিনিটা নথিপত্ৰ থকা প্ৰয়োজন, 

  • KYC দস্তাবেজসমূহ
  • ঋণ পৰিশোধ সমৰ্থন কৰিবলৈ উপাৰ্জনৰ প্ৰমাণপত্র
  • কৃষি ভূমিমালিকানা দস্তাবেজ

ট্ৰেক্টৰ ঋণৰ বাবে আবেদন প্ৰক্ৰিয়া (Application Process)

এপ্লিকেচন প্ৰক্ৰিয়াত মাত্ৰ চাৰিটা পদক্ষেপ অন্তৰ্ভুক্ত থাকে;

1. প্রথমে ঋণৰ বাবে আবেদন কৰক (Apply for the loan)

2. আপোনাৰ সামগ্ৰী বাছনি কৰক (Select your product)

3. অনুমোদিত হ'ব (Get approved)

4. ঋণ লওক (Take loan)

 

ট্ৰেক্টৰ ঋণৰ বাবে আবেদন কৰিবলৈ পোনপটীয়া লিংক (Direct link to apply for tractor loan)

Mahindra Finance Tractor loan

 

নিকটতম শাখা চিনাক্ত কৰিবলৈ ক্লিক কৰক (Click to locate nearest branch)

Mahindra Finance store locator

 

মহিন্দ্ৰা ফাইনেন্সৰ বিষয়ে

  মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা বিত্তীয় সেৱা লিমিটেড হৈছে ভাৰতৰ মুম্বাইত অৱস্থিত এখন গ্ৰাম্য এনবিএফচি (NBFC)। এইটো দেশৰ শীৰ্ষ ট্ৰেক্টৰ ফাইনেন্সাৰসকলৰ ভিতৰত এক অন্যতম, যিয়ে বিভিন্ন গ্ৰাহকৰ প্ৰয়োজনীয়তা সমাধান কৰিবলৈ বিভিন্ন পৰিসৰৰ বিত্তীয় সামগ্ৰী প্ৰদান কৰে।

আৰু পঢ়ক-  কোচিৰ এখন ফার্মৰ অভূতপূর্ব সফলতা! নবেল পুৰস্কাৰ বিজয়ীৰ জেনেটিক সংশোধনৰ পদ্ধতি ব্যৱহাৰ কৰি বিলাহীৰ ৰং হালধীয়ালৈ সলনি কৰাৰ প্রযুক্তি উদ্ভাৱন কৰে

English Summary: mahindra finance get easy tractor loan-and agriculture equipment finance complete details inside

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.