1. শিক্ষা

আয়ুৰ্বেদিক চিকিৎসক কেনেদৰে হব পাৰি

KJ Staff
KJ Staff
Ayurveda Doctor
Ayurveda Doctor

আয়ুৰ্বেদিক এক চিকিৎসা বিজ্ঞান। উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উৰ্তীন্ন প্ৰাৰ্থী সকলে আয়ুৰ্বেদিক স্নাতক যাক কোৱা হয় BAMS(Bachelor of Ayurvedic medicine and surgery) পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে।এই BAMS পাঠ্যক্ৰম নিয়ন্ত্ৰিত হয় দিল্লী স্থিত ভাৰতীয় চিকিৎসা পৰিষদৰ দ্বাৰা(CCIM, central council of indian medicine)। BAMS উৰ্তীন্ন হোৱাৰ পিছত প্ৰত্যেক ৰাজ্যৰ SCIM (State concil of indian medicine)ৰ দ্বাৰা পঞ্জীয়ন নম্বৰ লাভ কৰে।তাৰ পিছতহে আয়ুৰ্বেদিক চিকিৎসা কৰাৰ বাবে যোগ্য বিবেচিত হয়।

BAMS পাঠ্যক্ৰম কিমান বছৰ?

BAMS পাঠ্যক্ৰম চাৰে চাৰি বছৰ হয়।লগতে উৰ্তীন্ন হোৱাৰ পিছত এবছৰ internship কৰিব লাগে।সৰ্বমুঠ চাৰে পাছ বছৰ লাগে স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰিবলৈ।

BAMS ত নামভৰ্তি ৰ প্ৰক্ৰিয়া কি?

মেডিকেল প্ৰৱেশ পৰীক্ষা NEETৰ যোগেদি নামভৰ্তি প্ৰক্ৰিয়া হয়।আগতে নম্বৰৰ ভিত্তিত পঢ়িব পাৰিছিল যাৰ পৰিসমাপ্তি যোৱা পাছ বছৰ আগতে হয়। আৰু তেতিয়া 87.33 শতাংশ নম্বৰৰ ওপৰৰ ছাত্ৰ ছাত্ৰী সকলোৱেহে অন্তৰ্ভূক্তিৰ সুবিধা পাইছিল।অৰ্থাৎ অতি যোগ্য উচ্চনম্বৰ প্ৰাপ্ত ছাত্ৰ ছাত্রীয়েহে আয়ুৰ্বেদিক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হয়।

চিকিৎসা বিষয়া(আয়ুৰ্বেদিক) হ’বলৈ কি অৰ্হতা লাগে?

BAMS পাছ কৰা সকলো চিকিৎসকে চিকিৎসা বিষয়া হিচাবে চৰকাৰী চাকৰিত নিয়োজিত হব পাৰে।

স্নাতকোত্তৰ পাঠ্যক্ৰম নাই নেকি?

স্নাতকোত্তৰ পাঠ্যক্ৰমত MD(AYU) বুলি কোৱা হয়। সৰ্বমুঠ ১৪ টা বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ব্যৱস্থা আছে।MD পাঠ্যক্ৰম তিনি বছৰীয়া হয় আৰু যি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী ধাৰী হয় সেই বিষয়ত specialist হিচাবে গণ্য কৰা হয়।

আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ শিক্ষক হবলৈ কি অৰ্হতা লাগে?

আয়ুৰ্বেদিক মহাবিদ্যালয়ত শিক্ষক হবলৈ স্নাতকোত্তৰ উৰ্তীন্ন হব লাগি। অৰ্থাৎ MD(Ayu)হব লাগিব। কোনো অকল BAMS ডিগ্ৰীধাৰীয়ে শিক্ষক হব নোৱাৰে।শিক্ষক প্ৰথমে প্ৰবক্তা তাৰ পাছ বছৰ পিছত সহকাৰী অধ্যাপক, তাৰ পাছ বছৰ পিছত সহযোগী অধ্যাপক আৰু তাৰ তিনি বছৰ পিছত অধ্যাপক হব পাৰে।

বজাৰৰ চুকে কোনে আয়ুৰ্বেদিক চিকিৎসা আগবঢ়োৱা সকলো আয়ুৰ্বেদিক চিকিৎসক নে?

আমাৰ অসমত বহুতো ভুৱা ডিগ্ৰীধাৰী লোকে নিজকে আয়ুৰ্বেদিক চিকিৎসক বুলি পৰিচয় দি চিকিৎসা কৰি আছে যি অবৈধ। এনে ব্যক্তিৰ পৰা হাত সাৰি নাথাকিলে ভুল চিকিৎসাৰ বলি হব পাৰে।


লেখক: ডাঃ অনুপ বৈশ্য

ৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

English Summary: To become an Ayurvedic doctor in India

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.