1. এগ্ৰিপেডিয়া

আলু খেতিৰ ৰোগ প্রতিৰোধৰ ব্যৱস্থাপনা আৰু কীট- পতংগ নিয়ন্ত্রণ (pest and disease of potato and its control)

KJ Staff
KJ Staff
Pest of potato
Pest of potato

আলুৰ প্রধান ৰােগ হৈছে পাত পােৰা বা লেট ব্লাইট। এই ৰােগত আলুৰ পাতবােৰ পুৰি ক’লা পৰাৰ দৰে হয় আৰু ডাৱৰীয়া গােমা বতৰত ২-৩ দিনৰ ভিতৰত মহামাৰীৰ ৰূপ ধাৰণ কৰি শস্যডৰা নষ্ট কৰি পেলায়। এই বেমাৰ বতৰৰ ওপৰত বহুখিনি নির্ভৰ কৰে সেয়েহে আমি প্রতিষেধক হিচাবে স্প্রে কৰিব লাগে। 

লেট ব্লাইট নিয়ন্ত্রণনৰ বিভিন্ন দিশসমূহ হল -

১। বীজ শােধনঃ আগতে কোৱা হৈছে মেনজেব নামৰ ঔষধবিধ ২.৫ গ্রাম প্রতি লিটাৰ পানীত মিহলি কৰি ২০ মিনিট আলুবােৰ ডুবাই ছাঁত ১২-২৪ ঘণ্টা শুকুৱাই লৈ ৰুব লাগে।

মূল পথাৰত নিয়ন্ত্রণঃ

  • ডিচেম্বৰৰ ১৫ তাৰিখৰ পৰা ২.৫ গ্রাম মেনকজেব/১ লিটাৰ পানীত মিহলাই ৭-১০ দিনৰ অন্তত ছয়বাৰ প্ৰে কৰিব লাগে।
  • স্প্রে কৰোঁতে পাতৰ তলফালে ভিজাই স্প্রে কৰিব লাগে।
  • আলুৰ লেট ব্লাইট নিয়ন্ত্ৰণৰ বাবে সদায় আগবেলাত স্প্রে কৰিব লাগে।
  • বতৰ বেছি ডাৱৰীয়া হৈ থাকিলে ৰিডমিল এম জেদ-৭২ নামৰ ঔষদবিধ (২.০ গ্রামা/লিটাৰ পানী)ত আৰু মেনকজেব (২.৫ গ্রাম/১লিটাৰ পানীত) সলাই অর্থাৎ এবাৰ এটা স্প্রে কৰিলে দ্বিতীয়বাৰ ১০ দিনৰ মূৰত আনটো স্প্রে কৰিব লাগে।

লেট ব্লাইটৰ উপৰিও আলুত দেখা দিয়া আন ৰােগবােৰ হৈছে -

বেক্টেৰীয়েল উইল্ট ৰােগঃ এই ৰােগবিধ গছজোপা লেৰেলী যায় আৰু শিপা পছিবলৈ ধৰে। এনে বেমাৰে দেখা দিলে গছজোপা উভালি দূৰত পেলাই বা পুৰি পেলাব লাগে।

ভাইৰাচজনীত ৰােগঃ এই ৰােগ নিয়ন্ত্ৰণৰ বাবে এফিদ্ নামৰ পােক নিয়ন্ত্রণ কৰিব লাগে। সাধাৰণতে জানুৱাৰী মাহত এফিদ্ দেখা যায় আৰু এই পােকবিধ দেখা দিয়াৰ লগে লগে ক্লৰপাইৰিফছ ২০ ই.চি. নাম ঔষধ ১ মিঃ লিঃ/লিটাৰ পানীত মিহলাই স্পে কৰিব লাগে। সাধাৰণতে এই পােকবিধ পাতৰ তলফালে থাকে।

অন্যান্য পােক পতঙ্গৰ ভিতৰত আমি দেখিবলৈ পােৱা পােকবােৰ হৈছে –

ৰঙা পৰুৱাঃ (i) মাটিত থকা পােক-পতঙ্গৰ ভিতৰত ৰঙাপৰুৱা, বগা পলু (White Grub), কুমটী জাতীয় পােক প্রধান। নিয়ন্ত্ৰণৰ বাবে ফোৰেট বা থিমেট ১০ জি, প্রথমবাৰ মাটি চপােৱাৰ সময়ত বিঘাই প্রতি ২ কিঃ গ্রাঃকৈ প্ৰয়ােগ কৰিব লাগে। (ii) ইয়াৰােপৰি মালাথিয়ন ৫% দাষ্ট ৫ কেজি প্রতি বিঘাত প্রয়ােগ কৰিও সুফল পােৱা যায়।

কেৰােন পােকঃ পথাৰত আলুৰ ভেটি ভালকৈ ঢাকি ৰাখিব লাগে আৰু মালাথিয়ন বা ক্লৰপাইছি নামৰ ঔষধ ১ মিঃ লিঃ/লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। ভঁৰালত মালাথিয়ন স্প্রে কৰিব লাগে। কেৰোন পােক নিয়ন্ত্ৰণৰ বাবে সাৱধানতাৰ প্রয়ােজন।

English Summary: pest and disease of potato and its control

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.