Krishi Jagran Tamil
Menu Close Menu

আপুনি উহৱা চাউল খাই ভাল পাই নেকি? শৰীৰৰ বাবে এই চাউল কিয় উপকাৰী জানো আহক -

Wednesday, 10 February 2021 11:21 PM
Is Boil rice assuming healthy?

Is Boil rice assuming healthy?

উখুৱা চাউল আমি কিয় খাব লাগে! শৰীৰৰ বাবে এই চাউল কিয় উপকাৰী এই পোষ্টটি সম্পূনকৈ পঢ়িলে জানিব পাৰিব-

  উহৱা চাউল আমাৰ সকলোৰে পৰিচিত চাউল। আমি ধান উহাই ৰ’ দত শুকুৱাই এই উহৱা চাউল প্ৰস্তুত কৰো। উহৱা চাউলৰ ভাতটো ডাঙৰ হোৱাৰ বাবে বহুতেই খাব নিবিচাৰে যদিও পৰিশ্রম কৰা লোকসকলৰ বাবে এই চাউলৰ ভাত অতি প্রিয়। কিয়নো উহৱা চাউলত প্রচুৰ পৰিমাণে পুষ্টি পোৱা যায়। লগতে গুণগত দিশৰ পৰা উহৱা চাউল আন চাউলতকৈ উচ্চমানৰ ৷

উহৱা চাউল আমি কিয় খাব লাগে! উহৱা চাউলৰ উপকাৰিতা সমূহ কি কি -

উহৱা চাউল ডায়বেটিছ ৰোগীৰ বাবে অতি উপকাৰী।

 ডায়েৰীয়া, পেটচলা, পেটৰ সমস্যা থকা ৰোগীৰ বাবে এই উহৱা চাউল খোৱাটো প্রয়োজনীয় বুলি কোৱা হয়৷

 ইয়ৰোপৰি উহৱা চাউলৰ ভাত সদায় খালে ৰক্তহীনতা দূৰ হয়।

 উহৱা চাউলে হাড়, দাঁতৰ গঠন মজবুত কৰে।

 উখুৱা চাউলৰ ভাত খালে দেহৰ হজম শক্তি বৃদ্ধি হয়।

 বিশেষজ্ঞ সকলৰ মতে অৰ্শ ৰোগী সকলে উহৱা চাউল খোৱা নিতান্ত প্রয়োজনীয়।

 থাইৰয়ড থকা লোকে উহৱা চাউলৰ ভাত খাব পাৰে যথেষ্ট উপকাৰ কৰিব পাৰে।

 তাৰোপৰি আপুনি যদি মেদবহুলতা কমাবলৈ বিচাৰে তেন্তে উহৱা চাউল অতি উত্তম বিবেচনা কৰিব পাৰে।

 উহৱা চাউলে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে।

 উহৱা চাউল গেষ্টিক থকা লোকৰ বাবেও যথেষ্ট উপকাৰী।

 উহৱা চাউলে আমাৰ দেহৰ পাচন কাৰ্য্যত যথেষ্ট সহায় কৰে আৰু ক্ষীপ্র কৰি তোলে।

  গতিকে চাওক আপুনি খাই বেয়া পোৱা উহৱা চাউল আমাৰ দেহৰ বাবে কিমান উপকাৰী।

আপোনাৰ ঘৰত আছে নেকি এইবিধ গছ? আছে যদি জানি লওক এইখিনি কথা l জীবনত কেতিয়াও ডক্টৰৰ ওচৰত যাব লগা নহয়।

 

Boil rice assuming healthy Nutrition of boil rice Benefit of boil rice

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.