1. এগ্ৰিপেডিয়া

উদ্ভিদ হ'ৰমণ কি? কৃত্রিমভাৱে কেনেকৈ উদ্ভিদ বৃদ্ধি কৰিব পাৰি, জানো আহক।

KJ Staff
KJ Staff

   সহজে ক'বলৈ গ'লে উদ্ভিদ হৰম'ন হ'ল উদ্ভিদ দেহত উৎপন্ন হােৱা জৈৱ পদার্থ, যিটো উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ নিয়ন্ত্রণ কৰি উৎপাদনত প্ৰভাৱ পেলায়। বর্তমান কৃত্রিম উপায়েৰেও হৰম'ন তৈয়াৰ কৰা হৈছে আৰু এইবােৰ কৃষিক্ষেত্ৰত ব্যাপক হাৰত ব্যৱহৃত হৈছে।

কৃষি পথাৰত হৰম'নৰ প্ৰয়ােগৰ ফলত হােৱা উপকাৰঃ

  উদ্ভিদ হৰম'নৰ প্রয়ােগে শস্যৰ উৎপাদন, উৎপাদিত সামগ্ৰীৰ গুণগত মান বঢ়োৱাৰ লগতে মূল্য সংযােজনৰ দিশতাে সহায় কৰে। ফলস্বৰূপে এনে সামগ্ৰীৰ বজাৰ মূল্য অধিক হয় আৰু কৃষক ৰাইজো লাভান্বিত হয়। বীজৰ গজালি মেলাৰ পৰা আৰম্ভ কৰি শস্য চপােৱা আৰু সংৰক্ষণ এই সকলাে দিশতে হৰম'নে গুৰুত্বপূর্ণ ভূমিকা লয়। ফলস্বৰূপে শস্যৰ উৎপাদন অধিক হােৱাৰ লগতে শস্য চপােৱা আৰু সংৰক্ষণৰ সময়ত হােৱা ক্ষতিৰ পৰিমাণে কম হয়। কৃষক ৰাইজৰ বাবে শস্য পথাৰত হৰম'ন প্রয়ােগ কৰাত বিশেষ অসুবিধা নাই, কিয়নাে কীটনাশক অথবা ভেঁকুৰনাশক শস্যত প্রয়ােগ কৰা ধৰণেই হৰম'নাে প্রয়ােগ কৰিব পাৰি। আটাইতকৈ ডাঙৰ কথা হ'ল বর্তমান বিভিন্ন ধৰণৰ হৰম'ন বজাৰত সহজে আৰু যথােচিত মূল্যত উপলব্ধ হয়। এই সকলাে দিশ বিবেচনা কৰি কৃষক ৰাইজে শস্য পথাৰত হৰম'ন প্রয়ােগৰ কথা ভাবিব পাৰে।

কৃষিকার্যত বিভিন্ন উদ্ভিদ হৰম'নৰ ব্যৱহাৰঃ

উদ্ভিদ হৰম'নৰ ৰাসায়নিক ধর্ম আৰু গঠনৰ ওপৰত ভিত্তি কৰি এইবােৰক পাঁচটা প্রধান ভাগত বিভক্ত কৰা হৈছে। এইবােৰ হৈছে- অক্সিন, জিবাৰেলিক এচিড, চাইট'কাইনিন, ইথিলিন আৰু এবচিছিক এচিড। তদুপৰি কৃত্রিমভাৱে উৎপাদিত বিভিন্ন উদ্ভিদ হৰম'ন বর্তমান কৃষিক্ষেত্ৰত ব্যাপক হাৰত প্ৰয়ােগ হৈছে।

অক্সিনঃ

অক্সিনে উদ্ভিদৰ শিপা ওলােৱা কার্যত সহায় কৰাৰ উপৰি শিপাৰ উপযুক্ত গঠন আৰু বৃদ্ধিতাে অৰিহণা যােগায়। উদাহৰণস্বৰূপে, কৃত্রিমভাৱে তৈয়াৰী অক্সিন, আই বি এ, ২, ৪-ডি, এন এ এ আদি এইক্ষেত্ৰত বহুলভাৱে ব্যৱহৃত হয়। লিচু, মধুৰি আৰু বহু ফুলৰ অংগজ প্রজননৰ ক্ষেত্ৰত কৃত্রিমভাৱে তৈয়াৰী অক্সিন, চিৰাডেক্স-ক, চিৰাডেক্স-খ আদি বিস্তৃত হাৰত প্ৰয়ােগ কৰা হয়। কৃত্রিমভাৱে উৎপাদিত অক্সিন যেনে- ২, ৪-ডি, ২, ৪, ৫-টি আদি কৃষিক্ষেত্ৰত অপতৃণনাশক হিচাপে ব্যাপক হাৰত ব্যৱহৃত হয়। অক্সিনে কিছুমান শস্যৰ ফুল ফুলা আৰু ফল ধৰাত সহায় কৰে। অক্সিনে অগ্রমুকুলৰ প্ৰাৱল্যতা বৃদ্ধি কৰি গছৰ উচ্চতা বঢ়োৱাত সহায় কৰে।

 

জিবাৰেলিন-জিবাৰেলিক এচিডঃ

বর্তমান বিভিন্ন প্ৰকাৰৰ শতাধিক জিবাৰেলিন আৱিষ্কাৰ হৈছে যাক জি এ-১, জি এ-২ আদি নামেৰে জনা যায়। এইবােৰৰ ভিতৰত কৃষিক্ষেত্ৰত জি এ-৩ আৰু জি এ-৭ৰ ব্যৱহাৰ সর্বাধিক জিবাৰেলিনৰ প্রয়ােগে শস্যৰ উচ্চতা বৃদ্ধিত সহায় কৰে। যথেষ্টসংখ্যক উদ্ভিদ আৰু শস্যৰ ফুল ফুলাত জিবাৰেলিনে প্রত্যক্ষভাৱে সহায় কৰে। বীজ ভালদৰে অংকুৰিত নােহােৱা আৰু বীজৰ সুপ্ত অৱস্থাই কৃষি উন্নতিত বাধা জন্মায় আৰু কৃষক ৰাইজক আহুকালত পেলায়। জিবাৰেলিনৰ প্রয়ােগে বীজৰ পৰা ভালদৰে গজালি মেলাত সহায় কৰাৰ উপৰি কম সময়ৰ ভিতৰতে বীজৰ পৰা সুস্থ-সবল গছপুলি উৎপাদনতাে সহায় কৰে। তদুপৰি জিবাৰেলিনে বীজ আৰু মুকুলৰ সুপ্ত অৱস্থা নিৰাময় কৰে। লাওজাতীয় আৰু আন কেতবােৰ শস্যত কেতিয়াবা মতা ফুলৰ প্রাদুর্ভাৱ দেখা যায়। জিবাৰেলিন প্রয়ােগ কৰিলে মাইকী ফুলৰ সংখ্যা অধিক হয়, যিয়ে উৎপাদনত ধনাত্মক প্রভাৱ পেলায়।

চাইট কাইনিনঃ

চাইট'কাইনিনে কোষ বিভাজন আৰু কোষ বর্ধনত সহায় কৰি শস্যৰ উপযুক্ত বৃদ্ধি, বিকাশ আৰু উৎপাদনত সহায় কৰে। চাইট'কাইনিনে সালােক সংশ্লেষণ প্রক্রিয়াত সহায় কৰি উৎপাদন বঢ়ায়৷

চাইট'কাইনিনৰ প্রয়ােগে বীজ আৰু মুকুলৰ সুপ্ত অৱস্থাৰ নিৰাময়ত সহায় কৰাৰ উপৰি পাত হালধীয়া পৰা আৰু পাত সৰাৰ হাৰ কমাই শস্য উৎপাদন বৃদ্ধিত সহায় কৰে। সেয়েহে কৃষিক্ষেত্ৰত অপৈণত অৱস্থাতে ফুল, ফল সৰা ৰােধ কৰিবলৈ চাইট’কাইনিনৰ প্ৰয়ােগ কৰা হয়। আঙুৰ আদিকে ধৰি কিছুমান ফলৰ ক্ষেত্ৰত ফল ধৰা, ফলৰ আকাৰ বৃদ্ধি কৰা আৰু বীজহীন ফলৰ উৎপত্তিত চাইট'কাইনিনে সহায় কৰে।

ইথিলিনঃ

ইথিলিনে ফল পকাত প্রত্যক্ষভাৱে সহায় কৰে বাবে ইথিলিনক ফল পকোৱা হৰম'ন বুলিও জনা যায়। তিয়ঁহ আদিকে ধৰি কেতবােৰ শস্যত ইথিলিন প্রয়ােগৰ দ্বাৰা স্ত্রীপুষ্পৰ সংখ্যা বৃদ্ধি কৰি উৎপাদন বঢ়াব পাৰি। কৃত্রিমভাৱে আৰু সােনকালে ফল পকাবলৈ ইথিলিনক কৃষিক্ষেত্ৰত ব্যাপক হাৰত প্ৰয়ােগ কৰা হয়। আনাৰস, আম, আপেল আদিত ইথিলিন প্রয়ােগৰ দ্বাৰা ফুল ফুলাত সহায় কৰাৰ লগতে ফলৰ বৃদ্ধি আৰু বিকাশাে দ্রুত কৰে। ব্যৱসায়িক ভিত্তিত কৰা কুঁহিয়াৰৰ খেতিত ইথিলিনৰ প্ৰয়ােগ কৰি কুঁহিয়াৰৰ উৎপাদন বৃদ্ধিৰ লগতে কুঁহিয়াৰৰ ৰসৰ গুণগতাে মানে উন্নত কৰা হয়। ধানৰ অধিক পানী সহ্য কৰিব পৰা গুণ ইথিলিন প্রয়ােগৰ দ্বাৰা বৃদ্ধি কৰিব পাৰি।

  এইখিনিতে উল্লেখ কৰি থােৱা ভাল হ'ব যে গেছীয় হােৱা বাবে ইয়াক ব্যৱহাৰ কৰাত যথেষ্ট অসুবিধা হয়। সেয়েহে বর্তমান বজাৰত ইথিলিন উৎপাদন কৰিব পৰা কিছুমান ৰাসায়নিক উপলব্ধ হয়। উদাহৰণস্বৰূপে ইথিফন, ইথৰেল আদি হৈছে বহুলভাৱে ব্যৱহৃত ইথিলিন উৎপাদনকাৰী জলীয় দ্রব্য, যাক শস্যত সহজে প্রয়ােগ কৰিব পাৰি।

এবচিছিক এচিডঃ

শস্য দেহত এবচিছিক এচিডৰ পৰিমাণ অধিক থাকিলে শস্যৰ খৰাং সহিষ্ণু গুণ অধিক হয়। বর্তমান এবচিছিক এচিডক কৃষিক্ষেত্ৰত প্ৰচ্ছেদন প্রতিৰােধী হিচাপেও বহুলভাৱে প্ৰয়ােগ কৰা হৈছে। অসম আদিৰ দৰে বৰষুণ বেছি হােৱা অঞ্চলত কেতিয়াবা শস্য চপােৱা সময়ত পূৰঠ বীজবােৰ মাতৃগছত থাকোতেই অংকুৰিত হয়। ফলত বীজৰ গুণাগুণ নষ্ট হােৱাৰ লগতে এনে বীজ বেছিদিনলৈ ভালদৰে সংৰক্ষণ কৰিব নােৱাৰি। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কৃষিক্ষেত্ৰত এবচিছিক এচিডৰ বহলভিত্তিত ব্যৱহাৰ কৰা হয়।

   হৰম'ন প্রয়ােগৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতাঃ

এইখিনিতে উনুকিয়াই থােৱা ভাল হ'ব যে উদ্ভিদ হৰম'ন শস্য ক্ষেত্ৰত প্ৰয়ােগ কৰাৰ সময়ত কেইটামান বিষয়ত বিশেষ মনােনিৱেশ কৰিব লাগে। গাঢ়তাৰ ক্ষেত্ৰত সাৱধান হােৱাৰ লগতে শস্য বৃদ্ধিৰ কোনটো দিশত এইবােৰ প্ৰয়ােগ কৰা হৈছে সেই সন্দৰ্ভতাে দৃষ্টি দিব লাগে। কৃষক ৰাইজে শস্য পথাৰত উদ্ভিদ হৰম'ন প্রয়ােগ কৰাৰ আগতে কৃষি বিশেষজ্ঞৰ পৰামর্শ লােৱাটো নিতান্তই আৱশ্যক।

   এই সকলাে দিশলৈ লক্ষ্য কৰি অদূৰ ভৱিষ্যতে কৃষি পথাৰত উদ্ভিদ হৰম'নৰ যথাৰীতি আৰু আৱশ্যক অনুসৰি প্রয়ােগে শস্য উৎপাদন বৃদ্ধি, উৎপাদিত সামগ্ৰীৰ গুণগত মান উন্নতি, মূল্য সংযােজন, উপযুক্ত সংৰক্ষণ এই সকলাে দিশতে সুপ্রভাৱ বিস্তাৰ কৰি কৃষি উন্নতিৰ ক্ষেত্ৰত যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰিব বুলি আশা কৰিব পাৰি।

English Summary: How to grow plants artificially know all about plants hormone

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.