
Gold
তুৰ্কীত এক বিশাল সোণৰ সংৰক্ষণ ভাণ্ডাৰ আৱিষ্কাৰ কৰা হৈছে য'ত 99 টন সোণ আছে। ইয়াৰ মূল্য বর্তমান হিচাপত 6 বিলিয়ন ডলাৰ বা 44 হেজাৰ কোটি টকাৰ অধিক হব বুলি অনুমান কৰা হৈছে।
তুৰ্কীৰ এক ৰাজ্যিক সংবাদ সংস্থা এনাডলুৰ বাতৰি অনুসৰি, সোগুটৰ মধ্য পশ্চিম অঞ্চলত সোণৰ এই ভাণ্ডাৰটো এটা সাৰ কোম্পানী গুবাৰ্টাছে ফাহেৰিটিন পোয়েৰাজৰ সৈতে লগ হৈ উদ্ধাৰ কৰে। এই সোণ খিনি মধ্য পশ্চিম সোগুটত পোৱা গৈছে।
এনে বিশাল স্বৰ্ণ ভাণ্ডাৰ বাতৰি উদ্ধাৰ হোৱাৰ বাতৰি বিয়পি পৰাৰ লগে লগে তুৰ্কীৰ ষ্টক এক্সচেঞ্জ বৰচা ইষ্টানবুলত গুবাৰ্টাছৰ শ্বেয়াৰ ১০ শতাংশ বাঢ়ি যায়। পোৰাজে সংবাদ সংস্থা এনাডবুক কৈছিল যে সোণখিনি নিষ্কাশনত প্রায় দুবছৰ লাগিব আৰু ই তুৰ্কীৰ অৰ্থনীতি যথেষ্ট বৃদ্ধি কৰিব।
২০২০ চনৰ ছেপ্টেম্বৰত, শক্তি মন্ত্ৰী ফতিহ ডনমেজে পৰৱৰ্তী পাঁচ বছৰৰ বাবে 100 টন সোণৰ উৎপাদনৰ বাবে বাৰ্ষিক লক্ষ্য নিৰ্ধাৰণ কৰিছিল। কিন্তু দেখা গৈছে যে এই বছৰতেই তুৰ্কীই ইতিমধ্যে ৩৮ টন সোণ উৎপাদন কৰি সেই ৰেকৰ্ড ভংগ কৰে।
শেহতীয়াকৈ আৱিষ্কৃত এই সোণৰ আনুমানিক মূল্য কিছুমান দেশৰ জি.ডি.পি.তকৈ অধিক হোৱা দেখা গৈছে ৷ কোৱা হৈছে যে বিশ্ব মিটাৰ অনুসৰি, মালদ্বীপৰ 4.87 বিলিয়ন ডলাৰ, লাইবেৰিয়া হৈছে 3.29 বিলিয়ন ডলাৰ, ভুটান 2.53 বিলিয়ন ডলাৰ, বুৰুন্দী 3.17 বিলিয়ন ডলাৰ, লেছোথো $2.58 বিলিয়ন, এই দেশ সমূহৰ অৰ্থনীতিতকৈ তুৰ্কীত আৱিষ্কাৰ কৰা সোণৰ মুল্য যথেষ্ট বেছি ।
একেদৰে, মৰিটানিয়া, মণ্টেনিগ্ৰো, বাৰ্বাডোজ, গায়ানা, আৰু আন বহুতো দেশৰ অৰ্থনীতিৰ 6 বিলিয়ন ডলাৰতকৈ বহু কম অৰ্থনীতি ৷ নিশ্চিত ভাৱে তুৰ্কীত উদ্ধাৰ হোৱা সোণৰ ভাণ্ডাৰে তুর্কীক আন বহু দেশতকৈ সমৃদ্ধ দেশ হিচাপে গঢ়ি তুলিব ।