Krishi Jagran Assam
Menu Close Menu

চৰ অঞ্চল উন্নয়ন সঞ্চালকালয়ৰ বিশেষ আঁচনি

Tuesday, 28 May 2019 06:10 PM

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখন শাসনলৈ অহাৰ পৰাই অসমৰ বৰাক-ব্ৰহ্মপুত্ৰ-পাহাৰ-ভৈয়ামত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ লোকসকলৰ কল্যাণৰ উদ্দেশ্যে বুজনসংখ্যক কল্যাণকামী আঁচনি ৰূপায়ণ কৰি আহিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ৰূপায়িত আঁচনিসমূহৰ ওপৰত চোকা দৃষ্টি ৰাখিছে যাতে আঁচনিসমূহৰ সুফল চহৰৰ আঢ্যৱন্ত পৰিয়ালৰ লগতে গ্ৰামাঞ্চলৰ দৰিদ্ৰ শ্ৰেণীৰ তলৰ লোকসকলেও সমানে ভোগ কৰিব পাৰে। অসম চৰকাৰৰ চৰ অঞ্চল উন্নয়ন সঞ্চালকালয়ে ৰাজ্যখনৰ চৰ অঞ্চলত বসবাস কৰা লোকসকলৰ লগতে শিক্ষিত নিবনুৱাসকলৰ কল্যাণৰ উদ্দেশ্য আগত লৈ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবে কিছুমান আঁচনি গ্ৰহণ কৰিছে।

এই আঁচনিৰ অধীনত চাইকেল, ছাতি, খোৱাপানীৰ বাবে তাৰা হেণ্ড পাম্প, সৌৰচালিত ঘৰুৱা চাকি আৰু আত্মসহায়ক গোটৰ বাবে চিলাই মেচিন ইত্যাদি বিতৰণ কৰা হ’ব। এই সামগ্ৰীসমূহ বিতৰণ কৰাৰ বাবে চৰ অঞ্চলত বসবাস কৰা ইচ্ছ্যুক ছাত্ৰ-ছাত্ৰী, নিবনুৱা, যুৱক-যুৱতী আৰু আত্মসহায়ক গোটৰ হিতাধিকাৰীৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে। ছাতি বিতৰণৰ ক্ষেত্ৰত আৱেদনকাৰী ৫ম শ্ৰেণীৰ ওপৰৰ ছাত্ৰীসকলে আৱেদন কৰিব পাৰিব(পঢ়ি থকা)। চাইকেল বিতৰণৰ বাবে আৱেদনকাৰী ৭ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত পঢ়ি থকা ছাত্ৰীসকলে আৱেদন কৰিব পাৰিব। সেইদৰে চিলাই মেচিন বিতৰণৰ বাবে পঞ্জীয়নভুক্ত আত্মসহায়ক গোটে আৱেদন কৰিব পাৰিব। সৌৰচালিত ঘৰুৱা চাকি, তাৰা হেণ্ড পাম্প বিতৰণ কৰিবলৈ চৰ অঞ্চলত বসবাস কৰা ব্যক্তি আৰু নিবনুৱাসকলে আৱেদন কৰিব পাৰে। আৱেদন পত্ৰৰ বাবে/আঁচনিখনৰ বিষয়ে বিতংভাৱে জানিবলৈ চৰ উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয় বা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰক।

উৎস: ৰাইজৰ বাতৰি

The special Schemes of Riverine (Sar) areas Development Directorate

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2019 Krishi Jagran Media Group. All Rights Reserved.