Krishi Jagran Tamil
Menu Close Menu

১০০খন কৃষি বজাৰ আৰু ৪০ টা পণ্যগাৰ ভঁৰাল আধুনিকীকৰণ কৰা হব বুলি বাজেটত প্রকাশ

Monday, 19 July 2021 04:04 PM

অসম বিধান সভাত চলি থকা বাজেট অধিৱেশনত ৰাজ্যৰ কৃষি বিভাগৰ বাবে কেবাটাও গুৰত্বপূর্ণ পৰিকল্পনাৰ কথা প্রকাশ পাইছে। উল্লেখযোগ্য যে দুদিন পূর্বে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ২০২১-২২ বর্ষৰ এই বাজেট খনক কৃষি খণ্ডৰ যুগান্তকাৰী বাজেট হব বুলি অভিহিত কৰিছিল।

   বিত্তমন্ত্রী অজন্তা নেওগে কয় যে এই বাজেটত কৃষি বিভাগৰ ওপৰত অধিক গুৰত্ব আৰোপ কৰা হৈছে৷ কিয়নো যিহেতু অসম এখন কৃষি নির্ভৰশীল ৰাজ্য, আৰু ক'ৰনা মহামাৰীৰ ফলত কৃষি খণ্ডটো বেয়াকৈ ক্ষতিগ্রস্ত হৈছে। তাৰ পৰিপেক্ষিততে পুনৰুদ্ধাৰ কৰাৰ উদ্দেশ্য আগত ৰাখি এই বাজেট প্রস্তুত কৰা হৈছে বুলি বিত্তমন্ত্রী গৰাকীয়ে কয়৷

তলত কেইটামান গুৰত্বপূর্ণ পৰিকল্পনা চমু খাতিয়ান দাঙি ধৰা হল -

  • সম্প্রতি বিভাগে ৰাজ্যখনৰ ধানৰ উৎপাদন বর্তমানে ৫২.১৫ লাখ মেট্রিকটনৰ পৰা ৭৪.৩১ লাখ মেট্রিকটন, খাদ্য শস্যৰ উৎপাদন ৫৪.৮৭ লাখ মেট্রিকটনৰ পৰা ৬৩,৬৪ লাখ মেট্রিকটন আৰু মাকৈৰ উৎপাদন ১,২৮ লাখ মেট্রিক টনৰ পৰা ১৭৪ লাখ মেট্রিকটনলৈ বৃদ্ধি কৰিবলৈ লক্ষ্য স্থিৰ কৰিছে।
  • মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যোজনা (CMSGUY)ৰ অধীনত ৰাজ্যখনৰ ২২,৪৭৮ খন ৰাজহ গাঁওৰ কৃষক গােটৰ মাজত ৭০ শতাংশ ৰাহসাহায্য হাৰত প্রায় ১৪৯৫৭ খন ট্রেক্টৰ বিতৰণ কৰে। ইয়াৰ উপৰি বিভিন্ন কেন্দ্রীয় আঁচনিৰ অধীনত ৩৭ হাজাৰতকৈ অধিক পাৱাৰ টিলাৰ বিতৰণ কৰা হৈছে। তদুপৰি, আৰ.আই.ডি.এফ {RIDF) ৰ অধীনত ৪৯,১৪১টা পাম্প ছেট সংস্থাপন কৰা হৈছে।
  • ইয়াৰ উপৰি মুখ্যমন্ত্রী কৃষি সা-সঁজুলি যােজনাৰ অধীনত প্ৰথম আৰু দ্বিতীয় পর্যায় ক্রমে ৭,৪১,৭৯৫ আৰু ৪,৯৬,৪২১ গৰাকী কৃষকক সামৰি লােৱা হৈছিল আৰু প্রথম পর্যায়ত প্রত্যেকে ৫০০০ টকাৰ লগতে দ্বিতীয় পর্যায়ত ২৫০০ টকাকৈ লাভ কৰিছে।
  • প্রধানমন্ত্রী ফচল বীমা যােজনা (PMFBY) ৰ অধীনত মুঠ ৩৩,৫৯৮ গৰাকী খেতিয়কৰ দাবী নিস্পত্তি কৰাৰ লগতে এই যােজনাত বৰ্তমানলৈকে ২৯,৮৩,৭.৪৪ গৰাকী খেতিয়ক সামৰি লােৱা হৈছে আৰু ২০২১-২২ বৰ্ষৰ খৰিফ ঋতুত প্রধানমন্ত্রী ফচল বীমা যােজনাৰ অধীনত ১০ লাখ কৃষকক সামৰি ল'বলৈ লক্ষ্য নির্ধাৰণ কৰা হৈছে। ইয়াৰ লগতে বিভাগে ৩,১২,৫১৮ খন কিষাণ ক্রেডিট কার্ড আৰু ২৫৩৫৩২৩খন চইল হেলথ কার্ড (Soil Health Card) বিতৰণ কৰিছে।
  •  'জৈৱিক হাব' হিচাপে মাজুলী শীর্ষক কাৰ্যসূচীয়ে জৈৱ কৃষিক নতুন মাত্রা প্রদান কৰিছে।
  • বিশ্ববেংকৰ সাহায্যপ্রাপ্ত অসম কৃষি বানিজ্য আৰু গ্ৰান্য ৰূপান্তৰ প্রকল্প (APART) ৰ যােগেদি ধানৰ মূল্য শৃংখল আৰু আলুৰ মূল্য শৃংখল যান্ত্রিকীকৰণৰ দ্বাৰা বৃহৎ পদক্ষেপ লোৱা হৈছে। এই প্রকল্পই কৃষকসকলক Farmice Producer Companies তথা কৃষি আৰু খাদ্য প্রতিষ্ঠানসমূহক ‘উদ্যোগ সংস্থা (IAs) হিচাপে সংগঠিত কৰিছে।
  • পূৰবী গাখীৰৰ সংসাধন গোটৰ উৎপাদন ক্ষমতা প্রতিদিনে ৬০,০০০ লিটাৰৰ পৰা ১,৫০,০০০ লিটাৰ হৈছে।
  • প্রতিদিনে ১.৫ টন, ক্ষমতাসম্পন্ন ক্ষুদ্র মাছৰ দানা কাৰখানা (Mini Fish Feed Mills) ১০টা গোট নির্মাণ কৰি থকা হৈছে।
  • ইয়াৰ উপৰি ১০০খন কৃষি বজাৰ আৰু ৪০ টা পণ্যগাৰ ভঁৰাল আধুনিকীকৰণ তথা উন্নত কৰি থকা হৈছে।
  • এই বিভাগৰ বাবে এইবাৰ মুঠ ২৩৪০.২৩ কোটি নির্ধাৰণৰ প্রস্তাৱ ৰখা হৈছে।
Assam Agricultural Warehouse Store Foods

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.