Krishi Jagran Tamil
Menu Close Menu

গুজৰাটক চেৰ পেলাই তেলেংগানা দ্বিতীয় সৰ্ববৃহৎ ৰাজ্যলৈ পৰিণত বৃদ্ধি কৰা হল কৃষিভূমি

Saturday, 10 April 2021 01:36 PM
Cotton

Cotton

    তেলেংগানা কপাহ উৎপাদনত দ্বিতীয় সৰ্ববৃহৎ ৰাজ্য হৈ পৰিছে, যিটো এতিয়ালৈকে গুজৰাটৰ দখলত আছিল। কেৱল এইয়াই নহয় তেলেংগানাই এতিয়া আহি থকা খৰিফ ঋতুত কপাহ খেতিৰ বাবে খেতি ভূমি আৰু ১৫-২০ লাখ একৰ বৃদ্ধি কৰিবলৈ পাৰিকল্পনা কৰিছে। তেতিয়া ইয়াৰ মুঠ কপাহৰ কৃষি ভূমি ৭৫-৮০ লাখ একৰলৈ বৃদ্ধি পাব। এয়া ৰাজ্যখনৰ খেতিয়ক সকলৰ বাবে অত্যন্ত ভাল খৱৰ।

   এক যোগাত্মক ফলাফলৰ প্ৰতি দৃষ্টি ৰাখি তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে কৃষি বিভাগক আগন্তুক খৰিফ ঋতুৰ বাবে প্ৰয়োজনীয় কপাহৰ বীজ সংগ্ৰহৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।

আৰু পঢ়ক- আপুনি সচৰাচৰ খাই থকা কাঠফুলা দেহৰ বাবে উপযুক্ত হয় নে নহয় কেনেকৈ চিনাক্ত কৰিব? নে আপুনি বিষাক্ত কাঠফুলা খাই আছে? সকলো ইয়াত জান লওক 

    সাধাৰণতে, কৃষকসকলক এক একৰ ভূমিত 450 গ্ৰামৰ দুটা বীজৰ পেকেট প্রয়োজন হয়। সেয়েহে, গতিকে এতিয়া মুঠ প্ৰয়োজনীয়তা 1.50-1.60 কোটি পেকেটলৈ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যখনে কপাহৰ কৃষি মাটি ৪৬ লাখ একৰৰ পৰা ৬০ লাখ একৰলৈ বৃদ্ধি কৰিছে (২০১৯ চনত)।

  একে সময়তে, ৰাজ্যখনে কৃষকসকলক যোৱা খৰিফ মাহত দুগুণ কৃষিভূমিত মটৰ মাহৰ খেতি কৰিবলৈ আহ্বান জনাইছে। এই বছৰ, ৰাজ্যখনে বিচাৰে যে মটৰ মাহৰ কৃষি ভূমি 20-25 লাখ একৰ কৰা হ'ব। এই পদক্ষেপে ইংগিত দিয়ে যে ৰাজ্যখনে ইয়াৰ কৃষকসকল ধানৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰক আৰু কপাহ আৰু মটৰ মাহৰ খেতিত অধিক মনোনিৱেশ কৰক, ইয়াৰ ওপৰত গুৰত্ব আৰোপ কৰিছে।

উল্লেখযোগ্য যে গুজৰাট আগতে দ্বিতীয় সৰ্ববৃহৎ কপাহ খেতি কৰা ৰাজ্য আছিল, প্ৰায় 56 লাখ একৰ ভূমিত কপাহ খেতি কৰিছিল। 2019 চনত, ৰাজ্যখনে 66 লাখ একৰত কপাহ খেতি কৰিছিল। এই শস্যৰ অধীনত ১.০৪ কোটি একৰ ভূমিত খেতি কৰি ভাৰতত কপাহৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰ প্ৰথম স্থানত আছে।

আৰু পঢ়ক- প্রধান মন্ত্রী ইমৰান খানৰ অথন্তৰ! বানিজ্যক মন্ত্রী হিচাপে কপাহ আমদানি কৰাৰ প্রস্তাৱ ৰাখি প্রধান মন্ত্রী হিচাপে অগ্রাহ্য কৰে৷

Cotton producer Largest state cotton production Telengana cotton

Share your comments

More on this section

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.