Krishi Jagran Tamil
Menu Close Menu

PMKSY আঁচনিত ২০০ কোটি টকাৰ কেলেংকাৰী; জলসিঞ্চন বিভাগৰ মন্ত্রী ভৱেশ কলিতাৰ বিৰুদ্ধে অভিযোগ

Friday, 30 April 2021 03:48 PM
Irrigation system in Farming  field

Irrigation system in Farming  field

   ৰাজ্যত প্রধানমন্ত্রী কৃষি সিঁচাই যােজনা (পি এম কে এছ ৱাই) আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুর্নীতি তথা অনিয়ম সংঘটিত হৈছে।উজনি-নামনি, বৰাক-ব্ৰহ্মপুত্ৰৰ দুয়ােপাৰে থকা কৃষক ৰাইজৰ খেতিপথাৰত পানী যােগান ধৰি বছৰটোৰ ১২ মাহে কৃষিকৰ্মৰে উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে দেশৰ আন আন ৰাজ্যৰ লগতে অসমতাে পি এম কে এছ ৱাই আঁচনি ৰূপায়ণৰ নিদের্শ দিছিল। কৃষক ৰাইজ এই আঁচনিৰ দ্বাৰা কিমান উপকৃত হ’ল, সেয়া দূৰৰ কথা। এই আঁচনিৰ জৰিয়তে জলসিঞ্চনত যে ব্যাপক লুণ্ঠন আৰম্ভ হৈছে, সেয়া ইতিমধ্যে স্পষ্ট হৈছে।

  উল্লেখ্য যে আঁচনিখনৰ প্রথম পর্যায়ত ৰাজ্যৰ ১৪খন জিলাৰ ২৫টা সংমণ্ডলৰ অধীনত মুঠ ৪,৭৭৯টা সৌৰশক্তিচালিত আৰু বৈদ্যুতিক চেল’ টিউবৱেল স্থাপনৰ বাবে কেন্দ্রীয় চৰকাৰে প্রথম কিস্তি হিচাপে বিগত বৰ্ষত ২০০ কোটি টকা জলসিঞ্চন বিভাগক মােকলাই দিছিল। নিয়ম অনুসৰি বিভাগীয় যিকোনাে আঁচনি ৰূপায়ণৰ সমস্ত দায়িত্ব গ্রহণ কৰিব লাগে বিভাগটোৰ মুখ্য অভিযন্তাগৰাকীয়ে। কিন্তু বিভাগীয় মন্ত্রী ভৱেশ কলিতাৰ অতি ঘনিষ্ঠ হােৱা সূত্রে চৰকাৰী সকলাে নীতি-নিয়ম উলংঘা কৰি কেন্দ্ৰৰ পৰা অহা ধনৰ চোৱাচিতা কৰা তথা ব্যয় কৰা আদিকে ধৰি সকলাে দায়িত্ব লাভ কৰে গুৱাহাটী সংমণ্ডলৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা মনেশ্বৰ ডেকাই। 

আৰু পঢ়ক- আপুনি জানেনে ধান খেৰত ইউৰিয়া প্ৰয়োগ কৰি উৎকৃষ্টমানৰ পশুখাদ্য প্ৰস্তুত কৰিব পাৰি

   তদুপৰি পি এম কে এছ ৱাই আঁচনিৰাে সমস্ত দায়িত্ব গ্রহণ কৰে এইগৰাকী কাৰ্যবাহী অভিযন্তাই। জলসিঞ্চনত মুখ্য অভিযন্তা তথা অতিৰিক্ত মুখ্য অভিযন্তা থকাৰ পাছতাে এগৰাকী সহকাৰী কাৰ্যবাহী অভিযন্তা হিচাপে কার্যনির্বাহ কৰি থকা মনেশ্বৰ ডেকাই কিদৰে এই আঁচনি ৰূপায়ণ বা পুঁজি ব্যয়ৰ দায়িত্ব লাভ কৰিলে, তাক লৈ এতিয়া বিভাগটোতে আৰম্ভ হৈছে নানা চর্চা তথা বিতর্ক। 

   এনে চৰ্চাৰ মাজতে শেহতীয়াকৈ উত্থাপন হৈছে আন এক অভিযােগ। অভিযােগ অনুসৰি কেন্দ্ৰই মুকলি কৰা প্রথম কিস্তিৰ ২০০ কোটি টকাৰ কাম শেষ নৌহওঁতেই অতি কৌশলেৰে সহকাৰী কাৰ্যবাহী অভিযন্তা মনেশ্বৰ ডেকা আৰু বিভাগীয় সচিবে দ্বিতীয় কিস্তিৰ ১৮৭ কোটি টকা মােকলাই নিবলৈ সক্ষম হৈছে। পৰিতাপৰ বিষয়টো হ’ল যে আঁচনিখনৰ ৫০ শতাংশ কামাে সম্পূর্ণ কৰিবলৈ সক্ষম নােহােৱা বিভাগটোৱে যােৱা ডিচেম্বৰ মাহতেই প্ৰতিটো সৌৰচালিত চেল’ টিউবৱেলৰ বিপৰীতে ৬ লাখ আৰু বৈদ্যুতিক চেল’ টিউবৱেলৰ বাবে ৪.২০ লাখ টকাৰ পৰা ৪.৫০ লাখ টকা পর্যন্ত ধার্য কৰি এশ শতাংশ কাম সম্পূর্ণ হােৱা বুলি কেন্দ্রৰ ওচৰত ভুৱা ব্যৱহাৰিক প্ৰমাণ-পত্র দাখিল কৰিছে। বিভাগটোৰ এক সূত্রই প্রকাশ কৰা তথ্য অনুসৰি যােৱা ১৫ মার্চলৈ ৪০৫টা বৈদ্যুতিক আৰু ১,৪৪৫টা সৌৰচালিত চেল’ টিউবলেহে বিভাগে কার্যক্ষম কৰিবলৈ সক্ষম হৈছে।

    ইমানৰ পাছতাে মনেশ্বৰ ডেকা বাহিনীয়ে আঁচনিখনৰ দ্বিতীয় কিস্তিৰ ১৮৭ কোটি টকা মােকলাই আনিবলৈ কেন্দ্ৰৰ ওচৰত ভুৱা তথ্য দাখিল কৰাই নহয়, ইতিমধ্যে উক্ত ১৮৭ কোটি টকাৰ কাম কোন কোন ঠিকাদাৰক আবণ্টন দিব লাগে, তাৰাে এখন তালিকা চূড়ান্ত কৰিছে। মন কৰিবলগীয়া যে প্রাক্তন মন্ত্রী নুৰজামাল সৰকাৰৰ কাৰ্যকালত এ আই বি পি আঁচনিখনত সংঘটিত বিয়াগােম কেলেংকাৰিৰ দৰে এই PMKSY আঁচনিখনতাে বিভাগীয় সচিব আৰু অভিযন্তাই কিদৰে বিত্তীয় খেলিমেলিত নামি পৰিছে, সেয়া তদন্ত হলে প্রকৃত তথ্য পােহৰলৈ আহিব।

 উৎস - দৈনিক জনমভূমি

আৰু পঢ়ক- আপোনাৰ খালী হৈ পৰি থকা মাটীত ATM মেচিন বহাই মাহে লাখ টকা উপার্জন কৰক

 

PMKSY Scam Assamese news Newsflash

Share your comments

More on this section

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.