Krishi Jagran Tamil
Menu Close Menu

অসমৰ কৃষকে শীঘ্রেই ৫৫৪ কোটি টকা কেন্দ্রক উভতাই দিব লাগিব: নৰেন্দ্ৰ সিং টোমাৰ

Wednesday, 21 July 2021 07:41 PM
Narendra Singh Tomar

Narendra Singh Tomar

কেন্দ্ৰই প্ৰায় ৩,০০০ কোটি টকা উভতাই অনাৰ চেষ্টা কৰি আছে বুলি লোকসভাৰ গ্রীষ্মকালীন অধীৱেশনত যোৱাকালি চৰকাৰে জনাইছে। উল্লেখযোগ্য যে এই বৃহৎ ধনৰাশি পিএম-কিছান আঁচনিৰ অধীনত ৪২ লাখতকৈও অধিক অযোগ্য কৃষকৰ একাউন্টত জমা কৰা হৈছিল।

   পিএম-কিষাণ আঁচনিৰ অধীনত, কেন্দ্ৰই প্ৰতি বছৰে তিনিটা সমান কিস্তিত সমগ্ৰ দেশৰ কৃষকসকললৰ বেংকত 6,000 টকা জমা কৰে। আঁচনিখনত যিসকল কৃষক আয়কৰ পৰিশোধকাৰী নহয় সেইসকল কৃষকক এই সুবিধা প্রদান কৰা হয়, ইয়াৰ উপৰিও অন্যান্য বহুতো যোগ্যতাৰ চৰ্ত আঁচনিখনৰ সুবিধা লবলৈ কৃষকে পূৰণ কৰিব লাগে।

  মঙলবাৰে সংসদত দিয়া উত্তৰত কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে স্বীকাৰ কৰিছে যে পিএম-কিছান আঁচনিৰ অধীনত ধন লাভ কৰা ৪২.১৬ লাখ অযোগ্য কৃষকৰ পৰা ২,৯৯২ কোটি টকা উদ্ধাৰ কৰিব চৰকাৰে ব্যৱস্থা গ্রহণ কৰিছে। 

আৰু পঢ়ক- মামনি ৰয়ছম গোস্বামীৰ নামত প্ৰথম মহিলা বজাৰ মুকলি কাছাৰত

পিএম-কিছানৰ ধন লাভ কৰা এনে অযোগ্য কৃষকৰ সৰ্বাধিক সংখ্যা অসমত (8.35 লাখ) তাৰ পিছত আছে তামিলনাডু (7.22 লাখ), পঞ্জাৱ (5.62 লাখ), মহাৰাষ্ট্ৰ (4.45 লাখ), উত্তৰ প্ৰদেশ (2.65 লাখ) আৰু গুজৰাট (2.36 লাখ)। সংসদত দিয়া উত্তৰ অনুসৰি উদ্ধাৰ হ'ব লগা ধনৰ পৰিমাণ হৈছে অসমত ৫৫৪ কোটি টকা, পঞ্জাৱত ৪৩৭ কোটি টকা, মহাৰাষ্ট্ৰত ৩৫৮ কোটি টকা, তামিলনাডুত ৩৪০ কোটি টকা, উত্তৰ প্ৰদেশত ২৫৮ কোটি টকা আৰু গুজৰাটত ২২০ কোটি টকা।

"আঁচনিখনৰ গাঁথনিত আধাৰ, PFMS বা আয়কৰ ডাটাবেছৰ দৰে বিভিন্ন কৰ্তৃপক্ষৰ দ্বাৰা হিতাধিকাৰীসকলৰ তথ্যৰ নিৰন্তৰ প্ৰমাণীকৰণ আৰু বৈধতাৰ আধাৰত ত্ৰুটিবোৰ আঁতৰ কৰাৰ প্ৰণালী অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু, প্ৰমাণীকৰণ প্ৰক্ৰিয়াৰ সময়ত দেখা গৈছিল যে আঁচনিখনৰ লাভালাভ কিছুমান আয়কৰ পৰিশোধকাৰী কৃষককে ধৰি কিছুমান অযোগ্য হিতাধিকাৰীও ধন লাভ কৰি আহিছে" তোমাৰে সংসদক এইদৰে কৈছিল৷

তেওঁ কয় যে প্ৰধানমন্ত্ৰী-কিছান পুঁজিৰ অপব্যৱহাৰ যাতে নহয় আৰু আঁচনিখন প্ৰকৃত কৃষকসকলক লাভান্বিত কৰাৰ বাবে সঠিকভাৱে ৰূপায়ণ কৰা হয় তাৰ বাবে চৰকাৰে কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। বহুতো ৰাজ্যই ইতিমধ্যে অযোগ্য কৃষকসকলক ধন পুনৰুদ্ধাৰ কৰিবলৈ জাননী প্ৰেৰণ কৰিছে।

আৰু পঢ়ক- PM Kisan- ইয়াৰ নৱম কিস্তিত ডাঙৰ আপডেট, কেনেকৈ টকা পাব
Pm kisan Narendra Singh Tomar Illegal pm Kisan Pm kisan scam

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.