Krishi Jagran Tamil
Menu Close Menu

চাকৰি বাদ দি আৰম্ভ কৰক এই ব্যৱসায়: প্ৰতিদিনে 4000 টকালৈকে উপাৰ্জন কৰিব

Saturday, 26 December 2020 11:33 PM
Best business idea

Best business idea

যদি আপুনি নতুন ব্যৱসায় এটা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, আমি আপোনাক এটা অতি লাভৱান ব্যৱসায়ৰ বিষয়ে কবলৈ গৈ আছো যিয়ে আপোনাক চাকৰিতকৈ অধিক উপাৰ্জন দিব পাৰে।

এনে বহুলোক আছে যি আনৰ তলত কাম কৰাতকৈ নিজৰ স্বাধীন এটা ব্যৱসায় কৰিবলৈ অধিক আগ্ৰহী। বর্তমান ক'ৰনা কালৰ ব্যৱসায়ৰ ওপৰত গুৰুত্ব দুগুণ বায়িছে। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, প্ৰথমে এই সকলোবোৰ কথা জনাটো গুৰুত্বপূৰ্ণ। আমি আপোনাক এনেএটা ব্যৱসায়ৰ বিষয়ে সম্পূৰ্ণ তথ্য দিবলৈ গৈ আছো যাৰ জৰিয়তে আপুনি দিনত 4,000 টকা উপাৰ্জন কৰিব পাৰে। অৰ্থাৎ মাহে 100,000/- টকা। এই ব্যৱসায় হল কলৰ চিপছ ব্যৱসায়। কলৰ চিপছ স্বাস্থ্যৰ বাবে ভাল। একে সময়তে, এই চিপছ বোৰো মানুহৰ দ্ৰুত গতিত আছে। কলৰ চিপচ বোৰ আলুৰ চিপছতকৈ অধিক সোৱাদযুক্ত যাৰ ফলত এই চিপছবোৰ বৃহৎ পৰিমাণত বিক্ৰী হয়।

কল চিপছৰ বজাৰখন সৰু, যাৰ ফলত ডাঙৰ ব্ৰেণ্ডেড কোম্পানীবোৰে এই চিপছ নবনাই বা বাদ দিছে । আৰু সেইবাবেই কলৰ চিপছৰ ব্যৱসায়ৰ যথেষ্ট এটা ভাল ভৱিষ্যত আছে।

গতিকে চাওঁ আহক আপুনি এই ব্যৱসায়টো কেনেদৰে আৰম্ভ কৰিব পাৰে -

কলৰ চিপছ তৈয়াৰ কৰাৰ বাবে, আপুনি এইবোৰ কৰিব লাগিব:

কলৰ চিপছ বনাবৰ বাবে প্রয়োজনীয় সামগ্রী যেনে কেঁচা কলা, নিমখ, খোৱা তেল আৰু অন্যান্য মচলা কিছুমান ব্যৱহাৰ কৰা হয় ৷ ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ যন্ত্ৰপাতি প্রয়োজন হয়। কিছুমান মুখ্য যন্ত্ৰ আৰু সঁজুলিৰ তালিকা নিম্নলিখিত ধৰণৰ।

কল সমূহ ধোৱাৰ বাবে টেংক আৰু ছীল মেচিন

>> পাতল পাতল টুকুৰা কৰা কটা মেচিন 

>> টুকুৰা বোৰ ভাজিবলৈ মেচিন আৰু

      মিহলি কৰা মেচিন 

>> বিভিন্ন মছলা আৰু তেল আদি।

>> পাউচ প্ৰিন্টিং মেচিন

>> গৱেষণাগাৰৰ সঁজুলি আদিয়েই প্রধান ৷

এই মেচিনবোৰ ক'ত ক্ৰয় কৰিব:

     আপুনি https://www.indiamart.com/ গৈ এই মেচিন বোৰ চাই কিনিব পাৰে। এই মেচিনটো ৰাখিবলৈ আপোনাক অতি কমেও 4000- 5000 বৰ্গফুট ভূমি প্রয়োজন হব। মেচিন সমূহ আপুনি 28,000ৰ পৰা 50,000 টকাৰ ভিতৰত পাব পাৰে ৷ https://india.alibaba.com/index.html 

50 কেজি চিপছ বনাবলৈ আপোনাৰ কিমান ব্যয় হব :

50 কেজি চিপ বনাবলৈ কমেও 120 কেজি কেঁচা কলৰ প্ৰয়োজন হ'ব। 120 কেজি কেঁচা কল আপুনি প্ৰায় 1000 টকাত পাই যাব। ইয়াৰ বাবে 12ৰ পৰা 15 লিটাৰ তেলৰ প্ৰয়োজন হ'ব। 15 লিটাৰ তেলৰ মূল্য হ'ব 120 টকা প্রতি লিটাৰ হিচাপত 1800 টকা। চিপচ ফ্ৰাইজাৰ মেচিনত 1 ঘণ্টাত 10ৰ পৰা 11 লিটাৰ ডিজেল তেল প্রয়োজন হয় । ১ লিটাৰ ডিজেল ৮০ টকাকৈ হলে ১১ লিটাৰত প্রায় ৯০০ টকা। নিমখ আৰু মছলাৰ বাবে সৰ্বাধিক 150 টকা। গতিকে, 50 কেজি চিপছ বনাবলৈ 4000 টকা খৰছ হব। এক কিলোৰ পেকেটত পেকিং ব্যয় ধৰি মুঠ খৰচ 80 টকা হব। যিটো আপুনি সহজে অনলাইনত 100 টকা কেজি বিক্ৰী কৰিব পাৰে।

1 লাখ টকাৰ লাভ অৰ্জন কৰিব পাৰিব

যদি আমি প্ৰতি কিলোত 20 টকা লাভৰ বিষয়ে চিন্তা কৰোঁ, আপুনি সহজে দিনে 4000 টকা উপাৰ্জন কৰিব পাৰে। যদি আপোনাৰ কোম্পানীয়ে মাহত 25 দিন কাম কৰে, আপুনি মাহে 1 লাখ টকা উপাৰ্জন কৰিব পাৰে।

Bussiness idea Assam bussiness Banana bussiness Chips business Best bussiness

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.