Krishi Jagran Tamil
Menu Close Menu

প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনা: মাত্ৰ 55 টকা পৰিশোধ কৰক আৰু 3000 টকাৰ মাহিলী পেঞ্চন লাভ কৰক। (Pradhan Mantri Kisan Maan Dhan Yojana)

Saturday, 10 April 2021 01:47 PM

   কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ জীৱন উন্নত আৰু সুৰক্ষিত কৰাৰ লক্ষ্যৰে তেওঁলোকৰ বাবে বহুতো আঁচনি গ্রহণ কৰি আহিছে। সেই আঁচনিবোৰৰ ভিতৰত এটা অন্যতম হ'ল প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনা। ১৮ ৰ পৰা ৪০ বছৰ বয়সৰ কৃষকসকলে এই আঁচনিৰ লাভালাভ লাভ কৰিব পাৰে।

   এই আঁচনিৰ অধীনত, কৃষকসকলে প্ৰতি মাহে 55 টকাৰ পৰা 200 টকালৈকে বৰঙণি আগবঢ়াব লাগিব। আৰু তাৰ বিনিময়ত 60 বছৰ বয়সৰ পিছত, তেওঁলোকে প্ৰতি মাহে 3000 টকাৰ পেঞ্চন পাব।  পেঞ্চন দিয়াৰ এই সুবিধা ভাৰতীয় জীৱন বীমা নিগমৰ অধীনত প্রদান কৰা হয়।

আৰু পঢ়ক- বাদাম খেতিৰ কৃষিপ্রণালী সম্বন্ধে কিছু জানো আহক (Nuts Farming )

প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনাৰ মৌলিক প্ৰয়োজনীয়তা -

   এই আঁচনিখন কেৱল কৃষকসকলৰ বাবে। ১৮ ৰ পৰা ৪০ বছৰ বয়সৰ কৃষকসকলে এই আঁচনিৰ লাভালাভ লাভ কৰিব পাৰে। যদি আপোনাৰ বয়স 18 বছৰ, আপুনি ইয়াৰ বাবে পঞ্জীয়ন কৰিব পাৰে, ইয়াৰ বাবে আপুনি প্ৰতি মাহে 55 টকা পৰিশোধ কৰিব লাগিব। আৰু যদি আপোনাৰ বয়স 40 বছৰ, তেন্তে আপুনি প্ৰতি মাহে 200 টকা অৰিহণা যোগাব লাগিব। অর্থাৎ বয়স কম হ'লে, মাহিলী পৰিশোধ কৰিবলগীয়া ধনৰ পৰিমান হ্রাস পায়। এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ আৰু এটা প্ৰয়োজনীয়তা হ'ল কৃষকৰ নামত কৃষিযোগ্য ভূমি থাকিব লাগে। 

60 বছৰ বয়সৰ পিছত, ইয়াৰ বাবে পঞ্জীয়ন কৰা প্ৰতিজন কৃষকে প্ৰতি মাহে 3000 টকা, অৰ্থাৎ বছৰি 36,000 টকা পেঞ্চন লাভ কৰিব।

প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনাৰ বাবে কেনেকৈ পঞ্জীয়ন কৰিব? 

  কৃষকসকলে কমন চাৰ্ভিচ চেণ্টাৰত পঞ্জীয়ন কৰিব পাৰে, আৰু তেওঁলোকে আধাৰ কাৰ্ড, বেঙ্ক পাছবুক, 2 খন ফটো আৰু ফৰ্ম তথা প্রয়়োজনীয় গুৰুত্বপূৰ্ণ নথিপত্ৰ জমা কৰিব লাগিব। কিষাণ পেঞ্চন ইউনিক নম্বৰ আৰু পেঞ্চন কাৰ্ড পঞ্জীয়নৰ পিছত প্রদান কৰা হ'ব।  

 এই আঁচনিৰ এটা আকর্ষনীয় সুবিধা হৈছে যদি আপুনি কেইটামান কিস্তি জমা কৰাৰ পিছত আঁচনিখনত ধন জমা কৰিবলৈ অপৰাগ হয়, তেনেহ'লে আপোনাৰ ধন সুৰক্ষিত অৱস্থাত থাকিব। জমা কৰা ধনৰ পৰিমাণত সঞ্চয় একাউণ্টৰ সমানত সূত লাভ কৰিব।

আৰু পঢ়ক- ষ্ট্রবেৰীৰ খেতিৰে নিজকে এজন স্বাৱলম্বী আদর্শ খেতিয়ক হিচাপে গড় দিবলৈ সক্ষম হৈছে সর্থেবাৰীৰ এইজন ব্যক্তিয়ে 

pradhan mantri kisan maan dhan yojana Pmkmdy Govt schemes Agriculture scheme Farming

Share your comments

More on this section

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.