Krishi Jagran Assam
Menu Close Menu

পি এম কিষাণ যোজনা: কৃষকৰ আয় বৃদ্ধিৰ বাবে এক যুগান্তকাৰী পদক্ষেপ

Friday, 07 June 2019 02:02 PM

অলপতে অসম চৰকাৰৰ কৃষি বিভাগৰ তৰফৰ পৰা "পি এম কিষাণ যোজনা" সন্দৰ্ভত কেইবাখনো কাকতত বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। কৃষকৰ আয় বৃদ্ধিত উৎসাহ যোগোৱাৰ অৰ্থে এই যোজনা এক যুগান্তকাৰী পদক্ষেপ হ'ব বুলি বিভাগে আশা ব্যক্ত কৰিছে। প্ৰকাশিত তথ্য অনুসৰি, এই যোজনাৰ অধীনত ভূমি অধিকাৰী ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ কৃষককহে পূৰ্বে অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু এতিয়াৰে পৰা নিজৰ ভূমি থকা সকলো শ্ৰেণীৰ কৃষককে এই যোজনাৰ আওতাত অন্তৰ্ভুক্ত কৰা হ'ব।

      আঁচনিখনৰ জৰিয়তে ২০১৯-২০ বৰ্ষত ৮৭,২১৭.৫০ কোটি টকা ব্যয়েৰে দেশৰ ১৪.৫ কোটি কৃষকক হিতাধিকাৰী ৰূপে সামৰি লোৱাৰ মানস কৰা হৈছে। আমাৰ ৰাজ্য অসমৰ ক্ষেত্ৰত আধাৰ কাৰ্ড নথকা কৃষকসকলকো আঁচনিৰ অধীনত সামৰি লোৱা হ'ব। আঁচনিত অন্তৰ্ভুক্ত প্ৰত্যেকজন কৃষকক ৪মাহৰ অন্তৰে অন্তৰে ৩টা কিস্তিত ২,০০০টকাকৈ বছৰি মুঠ ৬,০০০টকাৰ আৰ্থিক সাহায্য আগবঢ়াব চৰকাৰে। এই ধন হিটাধিকাৰীসকলৰ বেংক একাউন্টত পোনপটীয়াকৈ জমা হ'ব।

 উল্লেখ্য যে, যোৱা ১ ডিচেম্বৰ ২০১৮-ৰ পৰা কাৰ্যকৰী হোৱা পি এম কিষাণ যোজনাৰ জৰিয়তে এতিয়ালৈকে ৰাজ্যৰ প্ৰায় ১২ লাখ কৃষকৰ একাউন্টত ধন আদায় দিয়া হৈছে বুলি তথ্যত প্ৰকাশ। কৃষকসকলে আঁচনিখনৰ বিষয়ে অধিক জনাৰ উপৰি আবেদন প্ৰ-পত্ৰৰ বাবে সংশ্লিষ্ট কৃষি উন্নয়ন বিষয়া, মহকুমা কৃষি বিষয়া বা জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে।

 

PM Kissan Yojana- A historic scheme for increasing the farmers income

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2019 Krishi Jagran Media Group. All Rights Reserved.