
PM Kisan Sanman Nidhi 7th installment going to deposit on 25 December 2020
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা সপ্তাহত ঘোষণা কৰিছিল যে প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ ৭ম কিস্তিৰ বাবে অপেক্ষা কৰি থকা কৃষকসকলে ২৫ ডিচেম্বৰ শুক্ৰবাৰে লাভ কৰিব।
ভিডিঅ' কনফাৰেন্সিংৰ জৰিয়তে মধ্য প্ৰদেশৰ কৃষকসকলক সম্বোধন কৰি প্ৰধান মন্ত্ৰী মোদীয়ে কয় যে তেওঁ ২৫ ডিচেম্বৰত অন্ন দাতাৰ সৈতে সম্পৰ্কিত সকলো বিষয়আলোচনা কৰিব, সেইদিনাই পূৰ্বৰ প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মবাৰ্ষিকী আৰু লগতে কয় যে সেই একেদিনাই প্ৰধান মন্ত্ৰী কৃষক আঁচনিৰ পৰৱৰ্তী কিস্তি ধন কৃষক সকলৰ একাউন্টত জমা কৰা হ'ব।
উল্লেখযোগ্য যে ২৫ ডিচেম্বৰত প্ৰধান মন্ত্ৰী কৃষকৰ অধীনত ভাৰতৰ ৯ কোটিৰো অধিক কৃষকে প্রায় ১৮০০০ কোটি টকা লাভ কৰিব। ইয়াতে উত্তৰ প্রদেশত সর্বাধিক হিতাধিকাৰী কৃষক আছে ৷ অসমতো প্রায় ১৯ লাখ হিতাধিকাৰী কৃষক আছে বুলি তথ্যত পোৱা গৈছে ৷
চৰকাৰে প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ পৰৱৰ্তী কিস্তি মুকলি কৰাৰ আগতে, কৃষকসকলৰ বাবে অনলাইনত তেওঁলোকৰ স্থিতি পৰীক্ষা কৰাটো গুৰত্বপূর্ণ বুলি কয় । তেনে কৰিলে তেওঁলোকে আগতে জানিব পাৰিব যে তেওঁলোকে টকা লাভ কৰিব নে নাই।
PM কিষানৰ ধন আপুনি লাভ কৰিব নে নাই কেনেদৰে পৰীক্ষা কৰিব?
তলত আমি PM কিষান স্থিতি পৰীক্ষা কৰাৰ পদক্ষেপবোৰ দাঙি ধৰিছো
-
PM কিষানৰ official ৱেবছাইটলৈ যাওক https://pmkisan.gov.in/
-
মুখ্যপৃষ্ঠাৰ সোঁফালে কৃষক কোণৰ শাখা টো বিচাৰক
-
ইয়াত আপুনি 'Beneficiary status' লিংক পাব, ইয়াত ক্লিক কৰক
-
ইয়াত প্ৰয়োজনীয় বিৱৰণসমূহ সতৰ্কতাৰে পূৰণ কৰক
-
শেষত 'Get Data' ত ক্লিক কৰক
আপুনি তলত দিয়া লিংকটোত ক্লিক কৰি PM কিষানৰ official ৱেবছাইট প্রত্যক্ষভাৱে যাব পাৰে
PM কিষান আঁচনিৰ উদ্দেশ্য
প্ৰধান মন্ত্ৰী-কিষান আঁচনি ২০১৯ চনৰ ফেব্রুৱাৰী মাহত প্ৰধান মন্ত্ৰী মোদীয়ে আৰম্ভ কৰিছিল। আঁচনিখনে কৃষিভূমি থকা খেতিয়কক এটা উপাৰ্জনৰ সহায় হোৱাকৈ প্রতি বছৰে কিছু ধন প্ৰদান কৰে। এই আঁচনিৰ অধীনত, কৃষকসকলক 2000 টকাকৈ তিনিটা কিস্তিত প্ৰতি বছৰে 6000 টকা প্রদান কৰা হয়। এই কৰুনাভাইৰাছ ৰ মহামাৰীত এই আঁচনিখন কৃষকসকলৰ বাবে অতি সহায়ক হৈছে। ইতিমধ্যে চৰকাৰে ২০২০ চনৰ আগষ্টত ষষ্ঠ কিস্তি মুকলি কৰিছিল।