Krishi Jagran Tamil
Menu Close Menu

Fasal Bima Yojana: 2021-22 বৰ্ষৰ বাবে আবেদন কৰিবলৈ ক্লিক কৰক, সম্পূৰ্ণ পঞ্জীয়ন পদ্ধতি চাওক

Wednesday, 21 July 2021 04:51 PM
PMFBY: Crop Insurance

PMFBY: Crop Insurance

   কৃষক বন্ধুসকলৰ বাবে ভাল খবৰ। দৰাচলতে, খৰিফ শস্যৰ সময় অহাৰ লগে লগে শস্যৰ বীমা কৰাৰ গুৰত্ব বাঢ়ি গৈছে৷ কিয়নো এই সময়তে বিভিন্ন প্রাকৃতিক সমস্যা যেনে - খৰাং বতৰ, বানপানী আদিৰ ফলত কৃষকে ব্যাপক ক্ষতিৰ সন্মুখীন হব লগা হয়, তদুপৰি কীট পতংগৰ আক্রমণ আছেই। ইয়াৰ পৰা কৃষকসকল বাচি থকাৰ একমাত্র উপায় হৈছে 'প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (PMFBY-PM Fasal Bima Yojana) অধীনত তেওঁলোকৰ শস্যৰ বীমা কৰা৷

   ইতিমধ্যে ৰাজ্য চৰকাৰৰ কৃষি বিভাগে 31 জুলাই, 2021-ৰ ভিতৰত পাঁচ লাখ কৃষকক নতুনকৈ এই আঁচনিৰ আঁওতাত অনাৰ লক্ষ্য নির্ধাৰণ কৰিছে। আপুনি যদি এতিয়াও শস্যৰ বীমা কৰা নাই তেন্তে 31 জুলাইৰ আগতে কৰি লওক, নহলে ইয়াৰ পিছত PMFBY ৰ অধীনত বীমা লাভ কৰিব নোৱাৰিব।

PMFBYৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ (Required Documents for PMFBY)-

আপুনি প্রধান মন্ত্রী ফচল বীমা যোজনাৰ বাবে আবেদন কৰাৰ আগতে কিছুমান প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ নথি পত্ৰ গোটাই লব লাগিব। যেনে -

1. কৃষকৰ পৰিচয় প্ৰমাণ যেনে- পেন কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ পৰিচয় পত্ৰ, পাছপোৰ্ট, আধাৰ কাৰ্ড।

2. ঠিকনা প্ৰমাণপত্ৰ, যেনে-ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ পৰিচয় পত্ৰ, পাছপোৰ্ট বা আধাৰ কাৰ্ড।

3. ভূমি খচৰা নম্বৰ/একাউণ্ট নম্বৰৰ ফটো প্ৰতিলিপিৰ প্ৰয়োজন।

4. আপুনি মাটিত শস্য ৰোপণৰ প্ৰমাণ প্ৰদান কৰিব লাগিব।

5. সকলো নথিপত্ৰৰ সৈতে বাতিল কৰা বেংক চেক এখন প্ৰয়োজন।

PMFBY ৰ বাবে কেনেদৰে আবেদন কৰিব (How to apply online for PMFBY)-

প্রথমে PMFBYৰ অফিচিয়েল ৱেবছাইট চাওক - https://pmfby.gov.in/

  • হোমপেজৰ ফাৰ্মাৰ্ছ কৰ্ণাৰত ক্লিক কৰক
  • এতিয়া আপোনাৰ ম'বাইল নম্বৰৰ সৈতে লগইন কৰক আৰু যদি আপোনাৰ একাউণ্ট নাই তেন্তে Guest Farmar হিচাপে লগইন কৰক
  • নাম, ঠিকনা, বয়স, আদি সকলো প্ৰয়োজনীয় বিৱৰণ প্ৰবিষ্ট কৰক।
  • শেষত দাখিল (Submit) বুটামত ক্লিক কৰক

পিএমএফবিৱাই: আবেদনৰ বাবে পোনপটীয়া লিংক –

Pradhan Mantri Fasal Bima Yojana

প্ৰধানমন্ত্ৰীৰ ফছল বীমা যোজনা প্ৰদান কৰা বেংকবোৰ হৈছে:

SBI PMFBY

HDFC PMFBY

মনত ৰাখিব -

1. আপুনি শস্য চপোৱাৰ 10 দিনৰ ভিতৰত বীমা আঁচনি ল'ব লাগিব।

2. PMFBY-য়ে শস্য চপোৱাৰ 14 দিনৰ ভিতৰত হোৱা লোকচানৰ পৰা সুৰক্ষা প্ৰদান কৰে।

3. প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষতি হ'লেহে ই লাভজনক হ'ব।

4. শস্য ক্ষতিগ্ৰস্ত হ'লে লগে লগে আপোনাৰ বেঙ্কক জনাব।

Fasal Bima Yojana Pmfby

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.