Krishi Jagran Tamil
Menu Close Menu

ধোনীয়ে ডুবাইলৈ ৰপ্তানি কৰিব শাক-পাছলি( Dhoni ready to export his organic fruits to Dubai

Friday, 08 January 2021 10:32 PM
Dhoni at his farmhouse while driving tractor

Dhoni at his farmhouse while driving tractor

    প্রাক্তন ভাৰতীয় ক্রিকেট দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে সদায়ে আমাৰ মাজত এটা স্থান দখল কৰি আছিছে ৷ সেইয়া কেৱল তেওঁৰ অস্বাভাৱিক উইকেটকীপাৰৰ শৈলীয়ে হওক বা বেটিং ৰ বাউণ্ডেৰীৰে হওক নাইবা অধিনায়কৰ দক্ষতাৰ বাবেই হওক ৷ আমাৰ বাবে সদায় ত তেওঁ এক আদর্শ ৷ এইবাৰ পিছে তেওঁ ক্রিকেটৰ বাবে নহয়, আন এটা কাৰণতহে বাতৰিত শিৰোনামত আহিছে।

 আমি জানো যে যোৱা ২০২০ চনৰ ১৫ আগষ্টত, প্ৰায় ১৬ বছৰ ধৰি এক প্রভাৱশালী ক্ৰিকেট কেৰিয়াৰৰ পিছত তেওঁ আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কবিছিল।

    তেতিয়াৰ পৰা, তেওঁ বহুতো পাৰম্পৰিক আৰু পৰীক্ষামূলক কার্যকালাপত অংশগ্ৰহণ কৰা দেখা গৈছিল। ঝাৰখণ্ডৰ ৰাঁচিত থকা তেওঁৰ ৪৩ একৰৰ ফার্মহাউচত, তেওঁ কিছুমান অর্গেনিক শস্যৰ খেতি কৰিছিল। যত আছে বিভিন্ন অর্গেনিক ফল-মূলৰ লগতে আৰু নানান শাক-পাচলি। যেনে সেই অঞ্চলত উৎপন্ন হোৱা ফল আৰু পাচলিৰ ভিতৰত বন্ধাকবি, বিলাহী, ষ্ট্ৰবেৰি, মটৰ আদিয়ে অধিক।

     বর্তমান ৩৯ বছৰীয়া ক্ৰিকেটাৰজনে তেওঁৰ এই কৃষি ফার্ম হাউছটোক এক বিশ্বব্যাপী মঞ্চলৈ লৈ আহিবলৈ সাজু হৈছে। তেওঁৰ ফার্মত খেতি কৰা ফল - মূল আৰু পাচলি অতি শীঘ্ৰে ডুবাই বজাৰত বিক্ৰী কৰা হ'ব, ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি। কোৱা হৈছে যে ধোনীৰ এই জৈৱিক পদ্ধতিৰে উৎপাদিত পাছলি সমূহ ডুবাই বজাৰলৈ ৰপ্তানি কৰাৰ বাবে বর্তমান চূড়ান্ত পর্যায়ত আছে।

    তাৰোপৰি UAE-ত সেই পাচলিবোৰ আমদানি কৰিব বিচৰা সংগঠনটোও অন্তিম পর্যয়াত আছে বুলি জনাইছে। কিছু আনুষ্ঠানিকতা শেষ হলেই ডুবাইলৈ সেই পাছলিবোৰ ৰপ্তানি কৰা হব। উল্লেখ যোগ্য যে বিভিন্ন ভাৰতীয় ফল আৰু পাচলিবোৰ উপ-সাগৰীয় দেশসমূহত বিক্ৰীৰ বাবে সেই আমদানিকাৰী সংগঠনটো দায়বদ্ধ থাকিব। তদুপৰি, দাবী কৰা হৈছে যে ঝাৰখণ্ডৰ কৃষি বিভাগে এই সতেজ জৈৱিক সামগ্ৰীবোৰ ৰাঁচিৰ পৰা UAEলৈ প্ৰেৰণ কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে।

    lPL 2020 পিছত ধোনীয়ে পাৰিবাৰিক বন্ধ লৈ পুনৰ ডুবাইত আছে বুলি জানিব পৰা গৈছে। তেওঁ অলপতে নৱ বিৱাহিতা ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহাল আৰু তেওঁৰ পত্নী ধনশ্ৰী বাৰ্মাৰ সৈতে এক ডিনাৰত অলপতে দেখা গৈছিল ৷ চাহাল দম্পতী হানিমুনৰ বাবে ডুবাইত আছিল।

 

Dhoni ferming Dhoni export vegetables and fruits Dhoni international bussiness Bussiness

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.