
মনিপুৰৰ বিখ্যাত লোকটক হ্ৰদ ( Loktak Lake) সংৰক্ষণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৯৭ কোটি টকা প্ৰদান কৰিব । দেওবাৰে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ সৈতে হোৱা বৈঠকৰ পিছত মণিপুৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী আৱাংবো নিউমাই এই কথা উল্লেখ কৰে ।
উত্তৰ-পূব অঞ্চলৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটোৰ সংৰক্ষণৰ বাবে বিভিন্ন আঁচনি আৰু পৰিকল্পনা পৰ্যালোচনা কৰাৰ সময়ত লোকটক একত্ৰিত ব্যৱস্থাপনা পৰিকল্পনা দায়িত্বশীল ভাৱে ৰূপায়ণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে কেন্দ্ৰীয় বন আৰু পৰিবেশ মন্ত্ৰী ভূপেন্দ্ৰ য়াদবে ।

দেওবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মণিপুৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী নিউমাই কয় যে লোকটক হ্ৰদ বচোৱাৰ লক্ষ্যৰে কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হয় । তেওঁ লগতে কয় যে, কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে লোকটক হ্ৰদৰ বিভিন্ন সুৰক্ষা ব্যৱস্থা গ্ৰহণৰ বাবে ৯৭ কোটি টকা প্ৰদান কৰা বুলি উল্লেখ কৰে ।
আনহাতে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ মন্ত্ৰালয়ে হ্ৰদটোৰ সংৰক্ষণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ যাৰ অৱস্থা মানুহৰ কাৰ্যকলাপৰ বাবে বছৰ বছৰ ধৰি অৱনতি হৈছে ।
লগতে পঢ়কঃ ৮২ শতাংশ কৃষকে লাভ কৰিলে PM Kisan আচঁনিৰ ধন, পৰীক্ষা কৰক আপোনাৰ স্হিতি
Share your comments