Krishi Jagran Tamil
Menu Close Menu

কিষাণ ক্ৰেডিট কাৰ্ড: ভাৰতৰ সকলো মৎস্যপালককে কেচিচি ঋণ প্ৰদান কৰা হ'ব

Wednesday, 22 September 2021 11:01 PM
Fish Farming KCC loan

Fish Farming KCC loan

চৰকাৰে কেৱল কৃষকসকলক সহায় কৰাৰ বাবেই নহয় দেশৰ মাছমৰীয়াসকলকো সহায় কৰাৰ পৰিকল্পনা হাতত লৈছে। সেয়েহে কিছুদিন আগতে কিষাণ ক্ৰেডিট কাৰ্ডৰ (KCC) সুবিধা ভাৰতৰ মৎস্য পালকসকলকো প্ৰদান কৰাৰ কথা ঘোষনা কৰিছে।

এতিয়া খেতিয়ক সকলৰ দৰে, মৎস্য পালকসকলে কেচিচিৰ জৰিয়তে ঋণ লৈ তেওঁলোকৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। কে.চি.চি. লাভ কৰাৰ বাবে, মৎসপালকসকলে তেওঁলোকৰ নিকটতম বেংকলৈ যাব পাৰে আৰু ইয়াৰ বাবে আবেদন কৰিব পাৰে।

কেচিচিৰ সুবিধা গ্ৰহণ কৰা কৃষক মাত্ৰ ৫৮ শতাংশ:

মই আপোনাক কওঁ যে কিষাণ ক্ৰেডিট কাৰ্ড আঁচনি আৰম্ভ হোৱাৰ ইমান বছৰৰ পাছতো দেশৰ সকলো কৃষকে এতিয়ালৈকে পঞ্জীয়ন কৰা নাই। এই আঁচনিৰ উদ্দেশ্য হৈছে কম হাৰত কৃষকক ঋণ প্ৰদান কৰা।

তথ্য অনুসৰি, কেৱল ৫৮ শতাংশ কৃষকে কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধা গ্ৰহণ কৰি আহিছে। আনহাতে ৪২ শতাংশ কৃষকে এতিয়াও এই আঁচনিৰ সুবিধা গ্রহণ কৰা নাই আৰু বৃহৎ সূতৰ হাৰত আন উৎসৰ পৰা ঋণ লয়।

এতিয়া চৰকাৰে ঘোষনা কৰিছে যে পশুধন/দুগ্ধজাত খেতিয়ক আৰু মৎস্য পালকসকলেও কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধা লাভ কৰিব, তেঁওলোকে KCCৰ বাবে আবেদন কৰিব পাৰিব। কে.চি.চি.ৰ জৰিয়তে, মাছ পালকসকলে সস্তীয়া সূতৰ হাৰ মাত্র 4 শতাংশত ঋণ লাভ কৰিব পাৰে। 

এই মৎস্যপালকসকলে কেচিচি ল'ব পাৰিব:

1. আভ্যন্তৰীণ মীন পালন আৰু মাছমৰীয়া

2. মৎস্যপালক (ব্যক্তিগত আৰু গোট / অংশীদাৰ / শস্য / ভাড়াতীয়া কৃষক)

3. স্ব-সহায়ক গোট, যুটীয়া দায়বদ্ধতা গোট, আৰু মহিলা গোট।

মৎস্যপালক সকলে কেচিচিৰ বাবে আবেদন কৰাৰ যোগ্যতা:

  1. মৎস্যপালন আৰু পশুপালনৰ সৈতে সম্পৰ্কিত যিকোনো ব্যক্তিয়ে ইয়াৰ সুবিধা ল'ব পাৰে। আনকি কাৰোবাৰ ভূমিত খেতি কৰিলেও এই সুবিধা পাব পাৰে।
  2. কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে আবেদন কৰিবলৈ, হিতাধিকাৰীৰ বয়স 18-75 বছৰৰ ভিতৰত হ'ব লাগিব।
  3. যদি কৃষকজনৰ বয়স 60 বছৰতকৈ অধিক হয় তেনেহ'লে সহ-আবেদনকাৰীৰো প্ৰয়োজন হ'ব।
  4. যদি কৃষকজনৰ বয়স 60 বছৰতকৈ কম হয়, বেঙ্ক কৰ্মচাৰীয়ে সেই কৃষকজনৰ যোগ্যতা পৰীক্ষা কৰিব যে তেওঁ ইয়াৰ বাবে যোগ্য হয় নে নহয়।
  5. মৎস্যপালক হিতাধিকাৰীসকলৰ মৎস্যপালনৰ অনুজ্ঞাপত্ৰ থাকিব লাগিব। লগতে ইয়াৰ কাৰ্যকলাপৰ লগত সম্পৰ্কীয় প্ৰয়োজনীয় যেনে - পুখুৰী, টেংক, মুকলি জলাশয়, ৰেচৱে, হেচ্চাৰী, প্ৰতিপালন সঁজুলি আদি থাকিব লাগিব।

তেওঁ মীন পালন ব্যৱসায়টোৰ গৰাকী হ'ব লাগিব।

কিষাণ ক্ৰেডিট কাৰ্ড কেনেদৰে লাভ কৰিব:

যদি আপুনি ক্ৰেডিট কাৰ্ড এখন বনাব বিচাৰে বেঙ্কৰ ৱেবছাইটলৈ যাব লাগিব আৰু সেই বেঙ্কৰ কিষাণ ক্ৰেডিট কাৰ্ড শাখালৈ যাব লাগিব। এপ্লিকেচন প্ৰপত্ৰখন ডাউনলোড কৰক আৰু এটা প্ৰিণ্ট আউট লওক। এই প্ৰপত্ৰখন সাৱধানে পূৰণ কৰক।

  কৃষকৰ আবেদন আৰু প্ৰয়োজনীয় নথিপত্ৰ নিকটতম বেংক শাখাত দাখিল কৰক। ঋণ বিষয়াই আবেদনকাৰীৰ সৈতে প্ৰয়োজনীয় তথ্য আপোনাক জনাব। ইয়াৰ পিছত, ঋণৰ পৰিমাণ (Credit Limit) অনুমোদিত হোৱাৰ লগে লগে কাৰ্ডখন ডাকযোগে প্ৰেৰণ কৰা হ'ব। 

মৎস্য পালনৰ বাবে চৰকাৰী অনুদান:

চৰকাৰে কৃষকসকলক মীন পালন ব্যৱসায়ৰ বাবে অনুদান প্ৰদান কৰি আছে। মৎস্য সম্পদ যোজনাৰ অধীনত, শ্ৰেণী অনুসৰি বিভিন্ন অনুদান দিয়াৰ ব্যৱস্থা আছে। আঁচনিখনৰ অধীনত, ব্যয়ৰ পৰিমাণৰ 30 শতাংশ লৈকে আৰু 25 শতাংশলৈকে ৰাজসাহায্য সকলো শ্ৰেণীৰ মহিলাসকলক প্ৰদান কৰা হ'ব। ব্যয়ৰ পৰিমাণৰ 60 শতাংশলৈকে হিতাধিকাৰীক বেঙ্ক ঋণ দিয়াৰ ব্যৱস্থা এই আঁচনিত আছে।

Fish Farming Fish Farming KCC loan How to apply for kcc Assam Farming news Krishi Jagran Assam

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.