Krishi Jagran Tamil
Menu Close Menu

পুনৰ শক্তিশালী ৰূপত কৃষক আন্দোলন!! প্রতিবাদী কৃষকে প্রায় ২৪ ঘন্টা সময় অৱৰোধ কৰি ৰাখিলে দিল্লী সীমান্তৰ ৰাজপথ

Sunday, 11 April 2021 07:08 PM
Delhi border expressway closed by farmers on Saturday to Sunday

Delhi border expressway closed by farmers on Saturday to Sunday

   শনিবাৰে ৰাতিপুৱাৰ পৰা দেওবাৰে ৰাতিপুৱালৈকে ১৩৫ কিলোমিটাৰ দীঘল কুন্দলী-মানেচাৰ-পালৱাল আৰু ১৩৫ কিলোমিটাৰ দীঘল কুন্দলী-গাজিয়াবাদ-পালৱাল এক্সপ্ৰেছৱে অৱৰোধ কৰে প্রতিবাদী কৃষকে৷ উল্লেখযোগ্য যে এই পথ অৱৰোধ কার্য্যসূচীৰ নেতৃত্ব দি আছে সংযুক্ত কিষাণ মৰ্চাই। হাৰিয়ানা আৰক্ষীয়ে লোকসকলক এই সময়ৰ বাবে এই এক্সপ্ৰেছৱেবোৰ পৰিহাৰ কৰিবলৈ অনুৰোধ জনাইছে। প্রায় ২৪ ঘন্টাজোৰা সময় দুটাকৈ ৰাজপথ অৱৰোধ কৰি ৰাখিলে প্রতিবাদী কৃষকে

   প্ৰতিবাদকাৰী কিষাণ ইউনিয়নৰ দৰ্শন পাল সিঙে কয় যে পথ অৱৰোধ যোৱাকালি শনিবাৰে ৮:০০ বজাত আৰম্ভ হৈছে আৰু ই আজি ৰবিবাৰে ৮:০০ বজাত প্রত্যাহাৰ কৰা হব৷ টিক্ৰি সীমান্তৰ কৃষকসকলে কুন্দলীত এক্সপ্ৰেছৱে অৱৰোধ কৰিব; তেওঁলোকে বাহনসমূহক সেই এক্সপ্ৰেছৱেত চলাচল কৰিবলৈ নিদিয়ে। BKU, বাগপত গোটৰ অংশগ্ৰহণকাৰীসকলে খেক্ৰা-বাগপতৰ মাজত টোল প্লাজাত প্ৰতিবাদ চম্ভালিব, আৰু গাজীপুৰৰ কৃষকসকলে দাসনাত যান-বাহন অৱৰোধ কৰিব। অৱশ্যে এইক্ষেত্রত জৰুৰীকালীন সেৱাসমূহ বাধাহীনভাৱে চলাচল হৈ থাকিব, তেওঁ এনেদৰে উল্লেখ কৰিছিল

   কৃষকসকলে কৈছিল যে তেওঁলোকে মানৱতাৰ কাৰণে এম্বুলেন্সৰ দৰে জৰুৰীকালীন সেৱাত ব্যাঘাত নকৰে। কিন্তু, চৰকাৰক হুচিয়াৰ কৰি দিয়ে যে যেতিয়ালৈকে চৰকাৰে বির্তকিত কৃষি আইন তিনিখন প্রত্যাহাৰ নকৰালৈকে তেওঁলোকে প্ৰতিবাদ বন্ধ নকৰে।

Kisan andolan Farmer protest Farming news Assamese news

Share your comments

More on this section

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.