Krishi Jagran Tamil
Menu Close Menu

আপুনি আপোনাৰ অঞ্চলত কেনেদৰে জৈৱিক সাৰৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। ইয়াৰ চাহিদা আৰু প্রয়োজনীয় তথ্য পাতিৰ বিষয়ে জানক (How to Start Organic Fertilizers Business in India)

Sunday, 09 May 2021 12:28 PM
Bio-fertilisers bussiness

Bio-fertilisers bussiness

    কৃষকসকলে আজিকালি পৰিৱেশৰ বিষয়ে যথেষ্ট চিন্তিত আৰু সজাগ হৈ পৰিছে, সেয়েহে তেওঁলোকে পচন সাৰৰ স্তূপ স্থাপন কৰি, পখিলাজাতীয় পতংগ আকৰ্ষণকাৰী ফুল ৰোপণ কৰি, উলম্ব কৃষি পদ্ধতি ব্যৱহাৰ কৰি, জৈৱিক কৃষি পদ্ধতি ব্যৱহাৰ কৰি পৰিৱেশতন্ত্ৰ সুৰক্ষিত কৰিবলৈ চেষ্টা কৰি আছে। 

   এই পৰিপেক্ষিতত, জৈৱিক সাৰৰ ব্যৱসায় আৰম্ভ কৰাৰ এক উৎকৃষ্ট সুযোগ আহি পৰিছে। আপুনি যদি কোনো ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে নিশ্চিত মনে জৈৱিক সাৰৰ ব্যৱসায় কৰিব পাৰে।

  ইয়াত আমি এই ব্যৱসায়ৰ প্ৰয়োজনীয়তা, চৰকাৰী নিয়ম আৰু সকলো প্ৰয়োজনীয় বিৱৰণ বিষয়ে আলোচনা কৰিম।

জৈৱিক সাৰ ব্যৱসায় (Bio-fertilisers bussiness):

যিকেনো ব্যৱসায় আৰম্ভ কৰাৰ প্রথম গুৰত্বপূর্ণ কথাটো হ'ল ব্যৱসায়িক পৰিকল্পনা৷ ব্যৱসায় আৰম্ভ কৰাৰ ই এটা প্ৰথম পদক্ষেপ। যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ আগতে, এটা লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব, আৰু বজাৰ আৰু সাম্ভাব্য গ্ৰাহক, ৰণনীতি, বিপণন, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ হল প্ৰতিযোগীৰ ওপৰত গুৰুত্ব দিব লাগিব।

বহুতো সাৰৰ ব্যৱসায় আছে কিন্তু জৈৱিক সাৰৰ ব্যৱসায় আৰম্ভ কৰাটো এটা উচিত সিন্ধান্ত বুলি ভাবো। কিয়নো আজিৰ পৃথিৱীত ৰাসায়নিক-মুক্ত সামগ্ৰীৰ চাহিদা বৃদ্ধি হৈ আছে আৰু যদি সঠিকভাৱে পৰিচালনা কৰা হয়, যথেষ্ট লাভ কৰিব পাৰে।

আৰু পঢ়ক- এই ক'ৰনা মহামাৰীৰ সময়ত আৰম্ভ কৰক এই খেতি; মাত্ৰ ১৫ হাজাৰ টকা বিনিয়োগ কৰি প্রতিমাহে উপার্জন কৰক অতিকমেও৫০ হাজাৰ টকা 

জৈৱিক সাৰৰ ব্যৱসায়ৰ বাবে প্ৰয়োজনীয় অনুমতি, অনুজ্ঞাপত্ৰ আৰু আইনী নথিপত্ৰ

    আপোনাৰ জৈৱিক সাৰৰ ব্যৱসায় আৰম্ভ কৰিবলৈ প্ৰয়োজন হোৱা সকলো আইনী নথিপত্ৰৰ তালিকা ইয়াত দিয়া হৈছে।

1. ফার্ম পঞ্জীয়ন- যদি অকলে ব্যৱসায় আৰম্ভ কৰে, তেন্তে আপুনি আপোনাৰ ফাৰ্মক স্বত্বাধিকাৰী হিচাপে পঞ্জীয়ন কৰিব লাগিব। আৰু যদি অংশীদাৰীত্বত আৰম্ভ কৰে, তেন্তে আপুনি কোম্পানীৰ পঞ্জীয়কৰ (ROR) সৈতে সীমিত দায়বদ্ধতা অংশীদাৰীত্ব (LLP) বা লিমিটেড কোম্পানী হিচাপে পঞ্জীয়ন কৰিব লাগিব। 

2. বাণিজ্য অনুজ্ঞাপত্ৰ- আপুনি এইটো স্থানীয় কৰ্তৃপক্ষৰ পৰা লাভ কৰিব পাৰে।

3. GST পঞ্জীয়ন- GST নম্বৰ, কৰ চিনাক্তকৰণ নম্বৰ, আৰু বীমা প্ৰমাণপত্ৰ লাভ কৰক।

4. MSME/SSI পঞ্জীয়ন- ই আপোনাক আপোনাৰ ব্যৱসায় সম্পৰ্কে চৰকাৰী আঁচনি আৰু ৰাজসাহায্যৰ বাবে যোগ্য কৰি তুলিব।

5. ট্ৰেডমাৰ্ক- আপোনাৰ ব্ৰেণ্ডটো ট্ৰেডমাৰ্কৰ সৈতে পঞ্জীয়ন কৰক যি আপোনাৰ ব্ৰেণ্ডটো সুৰক্ষিত কৰিব।

6. EPF আৰু ESI পঞ্জীয়ন- যদি 20 জনতকৈ অধিক কৰ্মচাৰীৰ সৈতে মধ্য বা ডাঙৰ স্তৰত আৰম্ভ হয়, তেন্তে কৰ্মচাৰীসকলৰ বাবে কৰ্মচাৰী ৰাজ্যিক বীমাৰ বাবে EPF প্ৰয়োজনীয়। আৰু কৰ্মচাৰীৰ ভৱিষ্যত নিধিৰ বাবে ESI।

7. IEC কোড- যদি আন দেশলৈ ৰপ্তানি কৰাৰ পৰিকল্পনা কৰা হৈছে, তেন্তে আই.ই.চি. কোড বাধ্যতামূলক।

স্থান আৰু উৎপাদন (Location and Production)

   পানী যোগান, নিষ্কাশন, বিদ্যুত, কেঁচা সামগ্ৰীৰ উৎসৰ ওচৰত থকা আৰু লক্ষ্যযুক্ত বজাৰ, চৰকাৰী নিয়মসহ সকলো সুবিধাৰ উপলব্ধতাৰ কথা মনত ৰাখি স্থানটো বাছনি কৰিব লাগিব। আৰু সাৰৰ উৎপাদন FCO, সাৰ নিয়ন্ত্ৰণ আদেশ অনুসৰি নিৰ্দিষ্টতা অনুসৰি হ'ব লাগিব।

   ইয়াৰ পিছতে অন্তিম কামটো হ'ল সাৰ বিক্ৰী কৰা। আপুনি পোনপটীয়াকৈ কৃষকসকলৰ সৈতে যোগাযোগ কৰিব পাৰে, বা পাইকাৰী বজাৰত পাইকাৰী হ'ব পাৰে, বা আপুনি আপোনাৰ নিজৰ ৱেবছাইট বা বি2বি ৱেবছাইটৰ জৰিয়তে অনলাইন বিক্ৰী কৰিব পাৰে।

আৰু পঢ়ক- ধান খেতিত কেনেকৈ অধিক লাভ অৰ্জন কৰিব পাৰি? (Increase production of Rice Farming )
Bio fertilizer Fertilizer bussiness in assam How to start a business at my location Low investment bussiness High profit bussiness assam

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.