Krishi Jagran Tamil
Menu Close Menu

কদকনাথ কুকুৰা পালনত আছে প্ৰচুৰ লাভ! ধোনীয়েও আৰম্ভ কৰিছে কদকনাথ কুকুৰা ব্যৱসায়

Wednesday, 21 July 2021 07:38 PM
Kadaknath Farming

Kadaknath Farming

কদকনাথ এক উন্নত প্ৰকাৰৰ কুকুৰা। অসমৰ বহুলোকে এই কুকুৰাটোৰ বিষয়ে নাজানে। এই কুকুৰাবোৰ সম্পূৰ্ণৰূপে ক'লা, আনকি ইয়াৰ তেজও ক'লা ৰঙৰ। কিন্তু সিহঁতৰ কণীবোৰ শেঁতা গুলপীয়া ৰঙৰ। এই কুকুৰাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। উচ্চ ৰক্তচাপ আৰু বৃদ্ধসকলৰ বাবে এই মাংস অতি উপকাৰী। যিহেতু ই ইমান গুণাগুণেৰে সমৃদ্ধ, সেইবাবে ইয়াৰ যথেষ্ট চাহিদাও আছে।

  যদি কোনোবাই কুকুৰা পালনৰ কথা ভাবে, কদকনাথে কুকুৰাৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। এই ব্যৱসায়ত যথেষ্ট লাভ কৰা সম্ভৱ। আনকি এই ব্যৱসায়টো কৰিবলৈ চৰকাৰী ৰাজসাহার্য্যও লাভ কৰিব পাৰে। আনকি ভাৰতীয় ক্রিকেটৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়েও এই কুকুৰা তেঁওৰ ফার্মত প্ৰতিপালন কৰি আছে। এই প্রসংগতে কোৱা ভাল হব যে প্রায় ৯০ৰ দশকত এই কুকুৰাৰ প্ৰজাতি প্ৰায় বিলুপ্ত হৈছিল, কিন্তু বিজ্ঞানীসকলৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত, প্ৰজাতিটোৰ বৰ্তমান বজাৰত যথেষ্ট চাহিদা বৃদ্ধি পাইছে।

মহেন্দ্ৰ সিং ধোনীয়ে তেওঁৰ ফার্মত কদকনাথ কুকুৰা পালন কৰি আছে। যোৱাবছৰ নৱেম্বৰত, তেওঁ প্ৰায় 2000 কদকনাথ কুকুৰা পোৱালী কিনিছিল। শেহতীয়াকৈ, ধোনীৰ ফার্মৰ কণী আৰু কুকুৰা ৰাঁচীৰ বজাৰত বিক্ৰী কৰা হৈছিল বুলি জানিব পৰা গৈছে।

আপুনি কদকনাথ কুকুৰাৰ দাম জানেনে?

এই কুকুৰাবোৰত চৰ্বি আৰু কলেষ্টেৰল অতি কম, কিন্তু ই প্রচুৰ প্ৰ'টিনেৰে সমৃদ্ধ। এই মাংসৰ মূল্য প্ৰতি কিলোগ্ৰামত ১০০০ টকাৰ পৰা ১২০০ টকালৈকে হয়। কিন্তু এই কুকুৰাটো ডাঙৰ হবলৈ বহু দিন প্রয়োজন। এই কুকুৰাটো আঠ মাহত এক কিলোগ্ৰাম ওজনৰ হয়। কদকনাথ কুকুৰাৰ কণীৰ মূল্য ৫০০-৬০০ টকা। কণী দিয়া কুকুৰাবোৰ 3-4,000 টকাত বিক্ৰী কৰা হয়।

চৰকাৰেও সহায় কৰে

   যদি এজন ব্যক্তিয়ে এই ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, তেওঁ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱালীবোৰ ল'ব পাৰে। ছত্তীশগড়ত 53,000 টকা জমা কৰাৰ পিছত, চৰকাৰে তিনিটা কিস্তিত 1000 কুকুৰা দিছিল, 30 টা মুৰ্গীৰ শ্বেড দিছিল আৰু 6 মাহলৈকে বিনামূলীয়া মুৰ্গীৰ খাদ্য উপলব্ধ আছিল।

Kadaknath Poultry farming Agriculture

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.