Krishi Jagran Tamil
Menu Close Menu

fssai অনুসৰি ঘৰত ৰঙা জলকীয়া গুৰিৰ ভেজাল কেনেদৰে পৰীক্ষা কৰিব, জানক সকলো

Saturday, 02 October 2021 10:11 PM
Red chili

Red chili

ৰঙা জলকীয়া গুড়ি হৈছে আটাইতকৈ সচৰাচৰ ব্যৱহৃত মচলাবোৰৰ ভিতৰত এটা অন্যতম আৰু সেইবোৰ প্ৰায়ে অসাধু ব্যৱসায়ীসকলে লাভৰ বাবে বিভিন্ন ৰঙ বা পদার্থৰ সৈতে ভেজাল কৰে, যিবোৰ আমাৰ দেহৰ নানান ৰোগৰ কাৰণ হব পাৰে। কিন্তু আমি আঞ্জাৰ সোৱাদ বঢ়াবলৈ ৰন্ধনত ব্যৱহাৰ নকৰাকৈ থাকিব নোৱাৰো! তেন্তে উপায় কি? কেনেকৈ জানিব ৰঙা জলকীয়া গুৰিৰ লগত সঁচাকৈ কিবা ভেজাল কৰা হৈছে নে নাই? সকলো জানো আহক।

এটা সময় আছিল যেতিয়া আমাৰ আইতাসকলে সতেজ ৰঙা জলকীয়াবোৰ সূৰ্যৰ পোহৰত ৰ'দত শুকুৱাই আৰু তাৰ পিছত সেইবোৰ খুন্দি আৰু ব্যৱহাৰৰ বাবে সংৰক্ষণ কৰা হৈছিল। বিগত বছৰবোৰত, যন্ত্র -পাতিৰ আবিষ্কাৰ আৰু আধুনীকৰণৰ প্রভাৱৰ ফলত এইবোৰ বাদ দি পেকেটযুক্ত ৰঙা জলকীয়া গুৰি কিনিবলৈ লৈছো। কিন্তু এইবোৰবোৰবোৰবোৰবোৰবোৰবোৰবোৰ নিৰাপদ নে? স্বাস্থ্য সন্মত হয়নে এবাৰো নিজকে প্রশ্ন কৰা নাই!

ইয়াক কিয় ভেজাল কৰা হয়? Why is it Adulterated)

ভেজাল পদার্থবোৰ সাধাৰণতে জলকীয়া গুৰিৰ মচলাত যোগ দিয়া হয় যাতে পৰিমাণ বৃদ্ধি হয় আৰু লগতে ৰং বঢ়ায়। জলকীয়া গুৰি সাধাৰণতে ইটাগুৰি, নিমখ বা টাল্ক পাউডাৰৰ সৈতে ভেজাল কৰা হয়। পেকেটযুক্ত মচলাৰ ওজন বৃদ্ধি কৰিবলৈ তুঁহ বা কাঠ গুৰি ব্যৱহাৰ কৰিব পাৰি বা কৃত্ৰিম ৰঙো ব্যৱহাৰ কৰা দেখা যায় যি মচলাবোৰৰ দৰেই দেখাত আৰু আৰু আৰু আৰু আৰু আৰু মিশ্রণত ইয়াক ধৰিবই নোৱাৰি।

তদুপৰি ৰঙা জলকীয়া গুৰিত মিহলি কৰা সাধাৰণ ভেজালবোৰ হৈছে চৰাই, বালি, চাবোনশিল, পানীত দ্ৰৱণীয় কয়লা-টাৰ আধাৰিত ৰং, আৰু ৰঙা অক্সাইড। 

ৰঙা জলকীয়া গুৰিত যোগ দিব পৰা আন এক বিপদজনক ভেজাল হৈছে ৰোডামাইন বি নামৰ এক ৰাসায়নিক পদাৰ্থ। ৰোডামিন বি হৈছে জলকীয়া তেল আহৰণ প্ৰক্ৰিয়াৰ এক উপ-উৎপাদন। ই বিষাক্ত আৰু মানুহৰ বাবে ক্ষতিকাৰক। যেতিয়া তেলৰ সৈতে মিহলি কৰা হয় আৰু শুকুৱাই দিয়া হয়, ই এক মিশ্ৰণ গঠন কৰে যি সঠিকভাৱে ৰঙা জলকীয়া গুৰিৰ দৰে দেখায়। 

ইটাৰ পাউডাৰ বিপদজনক! (Bricks Powder is dengerous)

ইটাৰ গুৰি প্ৰায়ে গুৰি কৰা ইটাৰ পৰা সংগ্রহ কৰা হয়। এই পাউডাৰৰ ৰং আৰু গাঁথনি জলকীয়া গুৰিৰ দৰে একে। সেয়েহে, ইয়াক প্ৰায়ে ভেজাল পদার্থ হিচাপে ব্যৱহাৰ কৰা হয়। ই স্বাস্থ্যৰ বাবে অতি বিপদজনক আৰু নিয়মীয়াকৈ সেৱন কৰিলে শৰীৰৰ গুৰুতৰ ৰোগ হব পাৰে। সেয়েহে, আপোনাৰ জলকীয়া গুৰিত ইটাৰ গুৰিৰ উপস্থিতি পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ।

ঘৰত ৰঙা জলকীয়া গুৰিৰ ভেজাল পৰীক্ষা কৰাৰ সহজ পদক্ষেপ:

আপুনি ব্যৱহাৰ কৰি থকা ৰঙা জলকীয়া গুৰি ভেজাল নে নহয় জানিবলৈ ঘৰত এটা সৰল পৰীক্ষা কৰোঁ আহক:

1. এগিলাচ সাধাৰণ পানীত এক চামুচ জলকীয়া গুৰি যোগ দিয়ক। এতিয়া অৱশিষ্টবোৰ পৰীক্ষা কৰক।

2. অলপ পৰিমাণৰ অৱশিষ্ট লওঁক আৰু ইয়াক আপোনাৰ হাতত ঘঁহি দিয়ক।

3. যদি ঘঁহনি দিয়াৰ পিছত কোনো ধৰণৰ কঠোৰতা অনুভৱ কৰা হয়, ৰঙা জলকীয়া গুৰিটো ইটাৰ গুৰি/বালিৰে ভেজাল কৰা হয়

4. আকৌ ৰঙ পৰীক্ষা কৰিবলৈ পানীৰ ওপৰত অলপ জলকীয়া গুৰি ছটিয়াই দিয়ক, যদি আপুনি পানীলৈ ৰঙৰ ৰেখা নামি অহা দেখা পায়, ই ৰঙৰ উপস্থিতি দেখুৱায়।

5. চাবোন ষ্টোন পৰীক্ষা কৰিবলৈ পানীৰে ভৰ্তি গিলাচ এটাত অলপ ৰঙা জলকীয়া যোগ দিয়ক। চাবোন ষ্টোন গিলাচৰ তলত এটা মসৃণ বগা পাউডাৰ হিচাপে থিতাপি ল'ব।

6. ৰেড অক্সাইডৰ বাবে পৰীক্ষা- এই পৰীক্ষাত ঘনীভূত হাইড্ৰক্ল'ৰিক এচিড ব্যৱহাৰ কৰা হয় আৰু ঘৰত কৰা উচিত নহয়। ৰোডামিন বি-ৰ পৰীক্ষাও ঘৰত কৰিব নোৱাৰি। 

Red chili Adulterated How to check red chili adulteration Krishi Jagran Assam news Red chili

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.