Krishi Jagran Tamil
Menu Close Menu

প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ বাবে কেনেদৰে আবেদন কৰিব আৰু ইয়াৰ লাভালাভ জানক

Monday, 19 July 2021 04:10 PM
PMKVY

PMKVY

দেশৰ যুৱপ্ৰজন্মক উন্নত জীৱিকাৰ বাবে উদ্যোগিক দক্ষতা প্ৰশিক্ষণ গ্ৰহণ কৰাৰ উদ্দেশ্যৰে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা (PMKVY) আৰম্ভ কৰা হৈছিল। এতিয়ালৈকে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত ১.২৫ কোটি যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হৈছে।

আঁচনিখনৰ তৃতীয় পৰ্যায় বা PMKVY 3.0 ফেব্ৰুৱাৰী 2201ৰ পৰা আৰম্ভ হৈছে। এই পৰ্যায়ত দেশৰ প্ৰায় 8 লাখ যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হ'ব। আৰু ইয়াৰ বাবে চৰকাৰে যুৱসকলক প্ৰশিক্ষণ দিয়াৰ বাবে ৯৪৮.৯০ কোটি টকা ব্যয় কৰিব।

দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ মতে, 28 খন ৰাজ্য আৰু 8 খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ 717 খন জিলাত পিএমকেভিৱাই (PMKVY) 3.0আৰম্ভ কৰা হৈছে। এই আঁচনিৰ অধীনত, প্ৰাৰম্ভিক পৰ্যায়ত যুৱসকলক বৃত্তিমূলক প্ৰশিক্ষণ দিয়া হ'ব, যাৰ জৰিয়তে তেওঁলোকে উদ্যোগটোৰ সৈতে জড়িত বহুতো সংস্থাপনৰ সুযোগ লাভ কৰিব।

প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ বাবে কেনেদৰে আবেদন কৰিব

আগ্ৰহী যিকোনো লোকে ৱেবছাইটটো দৰ্শন কৰি এই আঁচনিৰ বাবে আবেদন কৰিব পাৰে: http://pmkvyofficial.org।

  যদি আপুনি কাৰিকৰী শিক্ষা গ্রহণ কৰিব বিচাৰে, আপুনি প্ৰায় 40 টা কাৰিকৰী ক্ষেত্ৰত প্ৰশিক্ষণ গ্রহণ কৰিব পাৰে যেনে- হাৰ্ডৱেৰ, ইলেক্ট্ৰনিক্স, ফিটাৰ, প্লাম্বাৰ, নিৰ্মাণখণ্ড আৰু খাদ্য প্ৰক্ৰিয়াকৰণ আদি। আপোনাৰ ইচ্ছানুযায়ী বাছনি কৰা নির্দিষ্ট বিষয়ত প্ৰশিক্ষণ গ্রহণ কৰাৰ সুবিধা আছে।

ইয়াৰ বাবে আপুনি কোনো মাচুল পৰিশোধ কৰিব নালাগে। পাঠ্যক্ৰমৰ মাচুল কেন্দ্ৰীয় চৰকাৰে পৰিশোধ কৰে। এই পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত, আপোনাক এখন প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব যিটো সমগ্ৰ দেশতে স্বীকৃত।

পিএমকেভিৱাই হেল্পলাইন নম্বৰসমূহ

আঁচনিখনৰ বিষয়ে যিকোনো তথ্যৰ বাবে তলত দিয়া নম্বৰবোৰত কল কৰক:

শিক্ষাৰ্থী হেল্পলাইন নম্বৰ: 88000-55555, NSDC TP হেল্পলাইন নম্বৰ: 1800-123-9626, স্মাৰ্ট হেল্পলাইন নম্বৰ: 1800-123-9626।

PMKVY Skill development Scheme Govt india Agriculture

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.