Krishi Jagran Assam
Menu Close Menu

এছিয়াত দ্বিতীয়টো ৰূপ হিমাৰ

Monday, 05 November 2018 09:48 PM
Hima Das

Hima Das

এছিয়ান গেমছত দুটাকৈ ৰূপৰ পদক জয় কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে ইতিহাস ৰচিছে দৌৰ ৰাণী হিমা দাসে। যোৱা কালি ভাৰতে ৪*৪০০ মিটাৰ মিক্সড ৰিলেত ৰূপৰ পদক জয় কৰাৰ পিছতেই দলটোৰ অন্যতম সদস্য অসম কন্যা হিমাই এই অনন্য আৰু ঐতিহাসিক কৃতিত্বৰ অধিকাৰী হয়।জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছৰ ৰাউণ্ড ৱানত হিমা দাসে অংশ লৈ নিজেই পূৰ্বৰ ৰেকৰ্ড ভঙাৰ পিছত উছাহৰ ধল বৈছিল জন্মভূমি ধিঙত। কেৱল সেয়াই নহয়, হিমাৰ এনে ক্ৰীড়াশৈলীক লৈ গৌৰৱবোধ কৰিছিল প্ৰতিজন ভাৰতীয়ই। হিমাই যাতে যোৱা কালি অনুষ্ঠিত ফাইনেলত পদক আঁজুৰি দেশলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিব পাৰেগ, তাৰ আশাৰে ছালৱা নাছেৰৰ সৈতে ৪০০ মিটাৰ দৌৰৰ যুঁজখন লক্ষণীয় হৈ পৰিছিল। যোৱা কালি হিমাই এই যুঁজত নিজৰ শ্ৰেষ্ঠত্ব আৰু আটাইতকৈ বেগেৰে দৌৰি ৰূপৰ পদক অৰ্জন কৰি সমগ্ৰ দেশবাসীৰ লগতে অসমবাসীৰ হৃদয় জয় কৰি নিজকে উপস্থাপন কৰিলে এছিয়ান গেমছৰ এগৰাকী সফল এথলে হিচাপে।

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2019 Krishi Jagran Media Group. All Rights Reserved.