Krishi Jagran Tamil
Menu Close Menu

HAV S1: অত্যাধুনিক প্রযুক্তিৰ ভাৰতৰ প্ৰথম স্বয়ংক্ৰিয় হাইব্ৰিড ট্ৰেক্টৰ মুকলি, যিয়ে বর্তমানৰ তুলনাত 50% লৈকে ইন্ধন ৰাহি কৰিব পাৰে(India’s First Automatic Hybrid Tractor Launched)

Tuesday, 11 May 2021 01:44 PM
HAV S1, India’s First Automatic Hybrid Tractor Launched

HAV S1, India’s First Automatic Hybrid Tractor Launched

    HAV S1 ট্ৰেক্টৰটো প্ৰথমবাৰৰ বাবে জাৰ্মানীত মুকলি কৰা হৈছিল, 2019ৰ নৱেম্বৰ মাহত অনুষ্টিত হোৱা এটা বিশ্বৰ সৰ্ববৃহৎ এগ্ৰিটেকনিক শ্ব'ত।

   যোৱা ৮মে'ত প্ৰক্সেক্টোৱে (Proxecto) ভাৰতীয় বজাৰত HAV S1 মুকলি কৰিছে। এইটো দেশৰ প্ৰথম হাইব্ৰিড ট্ৰেক্টৰ য'ত কোনো বেটাৰী পেক নাই। ইয়াৰ ব্যৱহৃত উন্নত পৰিৱেশ-অনুকূল প্ৰযুক্তিৰ বাবে বিশ্বজুৰি ইয়াক প্ৰশংসা আৰু জনপ্রিয়তা লাভ কৰিছে।

   এইক্ষেত্রত কোম্পানীটোৱে দাবী কৰে যে ইয়াৰ আন্তঃগাঁথনি এনেদৰে নিৰ্মাণ কৰা হৈছে যে প্ৰয়োজন হ'লে ইয়াক সম্পূৰ্ণ বৈদ্যুতিক বাহনলৈ ৰূপান্তৰ কৰিব পাৰি।

প্ৰক্সেক্টো (Proxecto) অভিযান্ত্ৰিক সেৱাৰ পৰিচালনা সঞ্চালক আৰু HAV ট্ৰেক্টৰৰ প্ৰতিষ্ঠাপক অংকিত ত্যাগীয়ে কয়, "আমি ভাৰত তথা বিশ্বৰ বিভিন্ন প্রান্তৰ লোকসকলৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছো। কৰোনা মহামাৰীৰ ফলত লকডাউন, যোগান শৃংখলা, লজিষ্টিক, জনশক্তি, ডিলাৰ আৰু যোগানকৰ্তাকে ধৰি বহুতো ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধাৰ স্বত্বেও আমি ভাৰতত এই ট্ৰেক্টৰখন মুকলি কৰিবলৈ সক্ষম হৈছো।"

বিশেষ সুবিধাবোৰ কি? 

    এইটো দেশৰ একমাত্ৰ হাইব্ৰিড ট্ৰেক্টৰ যিয়ে বেটাৰী পেক ব্যৱহাৰ নকৰে। ই বিভিন্ন ইন্ধন বিকল্পত চলিব পাৰে। কোম্পানীটোৱে দাবী কৰি কয় যে আন্তঃগাঁথনিৰ উন্নতিৰ সৈতে, ই ট্ৰেক্টৰখন সম্পূৰ্ণ বৈদ্যুতিক বাহনলৈ উন্নীত কৰিবলৈ সক্ষম হ'ব।

আৰু পঢ়ক- আপোনাৰ ঘৰৰ নাৰিকল জোপাত ফল নধৰে নেকি বা ধৰিলেও সৰি যায়? তেনেহ'লে অৱলম্বন কৰক এইটো উপায় 

পৰিৱেশ-অনুকূল (Eco-friendly)

   HAV ট্ৰেক্টৰ শৃংখলাত দুটা মডেল আছে।ইয়াৰ 50 S1 মডেলটো হৈছে ডিজেল হাইব্ৰিড আৰু 50 S2 চি.এন.জি. হাইব্ৰিড মডেল। কোম্পানীৰ মতে, পৰম্পৰাগত ট্ৰেক্টৰৰ তুলনাত S1 মডেলটোৱে 28% আৰু S2 মডেলে প্ৰায় 50% ইন্ধন ৰাহি কৰে। ই হৈছে এক স্বয়ংক্রিয় প্ৰযুক্তি য'ত ইঞ্জিনে কেৱল বৈদ্যুতিক মটৰ আৰু অন্যান্য উপাদানবোৰলৈ বিদ্যুৎ যোগান ধৰে।

টেক্টৰখনৰ বিষয়ে (about the Tractor)

   কোম্পানীটোৱে কয় যে এই ট্ৰেক্টৰত মেক্স কভাৰ ষ্টিয়েৰিং (MCS)ৰ সৈতে এক বিশেষ ষ্টিয়েৰিং প্ৰণালী আছে, যাৰ ব্যাসাৰ্ধ মাত্ৰ 2.7 মিটাৰ (front-steer, all-steer, crab-steer)। আৰু ইয়াত উচ্চতা সমন্বয়ৰ বাবে হুইল স্বতন্ত্ৰ চাচপেনশ্বন প্ৰণালী আছে। ট্ৰেক্টৰটো সম্পূৰ্ণৰূপে স্বয়ংক্ৰিয় আৰু ইয়াত অল হুইল ইলেক্ট্ৰিক ড্ৰাইভ টেকন'লজী (AWED) আছে। এই ট্ৰেক্টৰটো সকলো চকাত ইলেক্ট্ৰনিক ড্ৰাইভ প্ৰযুক্তি (AWED) ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয় আৰু ই এক সম্পূৰ্ণ স্বয়ংক্ৰিয় ট্ৰেক্টৰ। এইটো দেশৰ একমাত্ৰ ট্ৰেক্টৰ য'ত এই প্ৰযুক্তিটো আগবঢ়োৱা হৈছে। ইয়াত গিয়াৰ বা ক্লাচ্ছ নাই, কিন্তু ইয়াত তিনিটা সহজ ড্ৰাইভিং মোড আছে, যাৰ ভিতৰত আছে ফৰৱাৰ্ড, নিৰপেক্ষ আৰু ৰিভাৰ্চ মোড। ফলস্বৰূপে, ইয়াক সহজে চালিত কৰিব পাৰি।

আৰু পঢ়ক- কম মূল্যতে লাভ কৰক মহিন্দ্রা ফাইনেন্সৰ পৰা টেক্টৰ, কেনেকৈ কত লাভ কৰিব পাৰে চাওক

মূল্য কিমান? (Tractor Price)

   HAV S1ৰ 50HP ক্ষমতাযুক্ত মডেলটোৰ প্ৰাৰম্ভিক মূল্য 9.49 লাখ টকা, আনহাতে শীৰ্ষ এছ1+ ৰ মূল্য 11.99 লাখ টকা। আৰু এটা মডেল 45HP ক্ষমতাযুক্ত মডেলটোৰ মূল্য 8.49 লাখ টকা। এই ট্ৰেক্টৰবোৰ কোম্পানীৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে 10,000 টকাৰ বুকিং পৰিমাণ পৰিশোধ কৰি বুক কৰিব পাৰিব।

  এইচএভি ট্ৰেক্টৰ শৃংখলাটোৱে কৃষকসকলৰ সহজতাৰ বাবে বহুতো অভিনৱ ডিজাইন আৰু উন্নত সুবিধা প্ৰদান কৰে। ইয়াত এক ইন্টাৰেক্টিভ ষ্টিয়েৰিং-মাউণ্টেড এইচএমআই ডিচপ্লে আছে। ই ট্ৰেক্টৰৰ সঁজুলিৰ নিয়ন্ত্ৰণ সহজ কৰি তুলিব পাৰে। তদুপৰি কোম্পানীটোৱে 10 বছৰৰ সীমিত ৱাৰেণ্টি আগবঢ়াইছে।

আৰু পঢ়ক- বাদাম খেতিৰ কৃষিপ্রণালী সম্বন্ধে কিছু জানো আহক (Nuts Farming )
Hav tractor launched India's first automatic hybrid electric tractor Hav s1 tractor Book tractor Best electric tractor assam

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.