Krishi Jagran Tamil
Menu Close Menu

গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছ ৰেল লাইনচ্যুত, ৫ জন নিহত

Friday, 14 January 2022 09:59 AM
Guwahati-Bikaner Rail derailed

Guwahati-Bikaner Rail derailed

বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫ বজাত পশ্চিমবংগৰ মায়াংগুৰিৰ (জলপাইগুৰি) দোমোহনী গাঁৱৰ ওচৰত গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছ ৰে'লৰ (১৫৬৩৩) কমেও ৫ টা ডবা লাইনচ্যুত হয় ।

পশ্চিম বংগৰ মায়াংগুৰিৰ ওচৰত ৪০ কিলোমিটাৰ প্ৰতি ঘণ্টাবেগত চলি থকা ৰেলখন লাইনচ্যুত হৈছিল । অৱশ্যে, ৰেলখনত যাত্ৰীৰ সঠিক সংখ্যা এতিয়াও জানিব পৰা হোৱা নাই ।

বিভিন্ন সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি দুৰ্ঘটনাটোৰ ফলত ৫ জন যাত্ৰীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে আৰু আন কেইবাজনো আৱদ্ধ হোৱাৰ আশংকা কৰা হৈছে । উদ্ধাৰ অভিযান বৰ্তমানো চলি আছে ।

কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মৃত্যু হোৱা লোকসকলৰ আত্মীয়ৰ বাবে ৫ লাখ টকা আৰু গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত লোকসকলৰ বাবে ১ লাখ টকা আৰু সামান্য আঘাতপ্ৰাপ্ত লোকৰ বাবে ২৫,০০০ টকাৰ এককালীন সাহাৰ্য্য দিয়াৰ কথা ঘোষণা কৰিছে ।

ইপিনে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী মায়াংগুৰিত সংঘটিত হোৱা দূৰ্ঘটনাত গভীৰ দুখ প্ৰকাশ কৰি কয় যে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া, ডিএম/এছপি/আইজি উদ্ধাৰ আৰু সাহায্য অভিযানত তদাৰক কৰি আছে । আঘাতপ্ৰাপ্ত সকলক যিমান সম্ভৱ সোনকালে চিকিৎসা প্ৰাপ্ত কৰিব কৰিব বুলি তেওঁ টুইটযোগে প্ৰকাশ কৰে ।

Guwahati Bikaner Rail derailed in bengal

Guwahati Bikaner Rail derailed in bengal

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে কথা পাতি পশ্চিম বংগত সংঘটিত ৰে'ল দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতিৰ বুজ লয় । শোকসন্তপ্ত পৰিয়ালবোৰৰ প্ৰতি মোৰ সমবেদনা । আহতসকল সোনকালে আৰোগ্য হওঁক-তেওঁ টুইট যোগে উল্লেখ কৰে ।

আনহাতে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহত লোকসকলৰ বাবে প্ৰাৰ্থনা কৰি কয় যে অসম চৰকাৰে পৰিস্থিতিটো নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে ।“আজি উত্তৰ বংগত সংঘটিত ভয়ংকৰ ৰে'ল দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ বাবে অত্যন্ত বেদনাগ্ৰস্ত । শোকসন্তপ্ত সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো । আহতসকলৰ বাবে প্ৰাৰ্থনা কৰিছো । মই মাননীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে কথা পাতিছিলো । আমি পৰিস্থিতিটো নিৰীক্ষণ কৰি আছো আৰু সকলো সম্ভৱ সহায় আগবঢ়াব,'' তেওঁ টুইট যোগে উল্লেখ কৰে।

লাইনচ্যুত হোৱা গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছ ৰে'লখনৰ সন্দৰ্ভত যিকোনো তথ্যৰ বাবে ৰে'লৱেই কেইবাটাও হেল্পলাইন নম্বৰ জাৰি কৰিছে । হেল্পলাইন নম্বৰ: পাটনা জংচন - 9341506016 পিটি দীন দয়াল উপাধ্যায় জেএন-7388898100 দানাপুৰ 7759070004 সোনপুৰ 9771429999

লগতে পঢ়কঃ Indian Republic Day 2022: 'বৈচিত্ৰ্যৰ মাজত একতা'ৰ বাৰ্তা

Indian Railway Guwahati Bikaner rail Accident

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2022 Krishi Jagran Media Group. All Rights Reserved.