Krishi Jagran Tamil
Menu Close Menu

ৰাজ্যৰ কৃষকসকলৰ বাবে সুখৱৰ! মুকলি কৰা হ’ল এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ

Monday, 04 October 2021 03:54 PM
Asia's largest Banana Market (Photo Credit: Google)

Asia's largest Banana Market (Photo Credit: Google)

দেশৰ জনসাধাৰণ আৰু অৰ্থনৈতিক ক্ষেত্রখনক ক’ৰণা মহামাৰীয়ে মাধমাৰ সোধাই থকাৰ মাজতে ৰাজ্যৰ কৃষকসকলৰ বাবে এটা সু খবৰ আহিছে। কিয়নো পুনৰ মুকলি কৰা হ’ল এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ। গোৱালপাৰা জিলাৰ অন্তর্গত দৰংগিৰিৰ কলৰ বজাৰখনৰ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রখনত যথেষ্ট চাহিদা আছে।

উল্লেখযোগ্য যে এই বজাৰখন ক'ৰণা মহামাৰীৰ বাবে বিগত দুটা বছৰ বন্ধ কৰি ৰখা হৈছিল। এতিয়া বজাৰখন মুকলি হোৱাত কৃষক ৰাইজৰ আশাৰ সঞ্চাৰ কৰিছে। মুকলি হোৱাৰ খবৰ লাভ কৰাৰ লগে লগে হাঁহি বিৰিঙিছে কল খেতিয়কৰ মুখত। উল্লেখ্য যে বংগ তথা নেপাল আৰু ভূটানৰ লগতে ডুবাইলৈ ৰপ্তানি কৰা হয় অসমৰ এই কল বজাৰৰ পৰা। সেয়েহে গোৱালপাৰাৰ এই কল বজাৰ মুকলি হোৱাৰ পিছতে ৰাজ্যৰ অৰ্থনৈতিক স্থিতি শক্তিশালী হ’ব বুলি আশা কৰা কৰিছে কৃষক তথা সচেতন ৰাইজে।

কৃষি বিভাগত ৱেবছাইট হেক

এইফালে বঙাইগাঁও জিলাৰ কৃষি বিভাগত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। হেকাৰে কৃষি বিভাগৰ ৱেবছাইট আৰু পি এম কিষাণ পৰ্টেল চাৰ্ভাৰ হেক কৰিবলৈ চেষ্টা কৰে। হেকাৰে বিভিন্ন কৃষি আঁচনিৰ হিতাধিকাৰিৰ ধন লুণ্ঠনৰ চেষ্টা চলাই বুলি সংবাদ মাধ্যমত প্রকাশ কৰা হৈছে। প্রণিধানযোগ্য যে পি এম কিষাণ পৰ্টেল হেক কৰা এয়াই প্রথম নহয়, আগতেও দুবাৰ হেক কৰিবলৈ সক্ষম হৈছিল বুলি জানিবলৈ দিয়ে কৃষি বিষয়া সঞ্জয় সেনগুপ্তাই। অৱশ্যে বর্তমান পৰ্টেলটো হেকাৰৰ পৰা মুক্ত কৰা হৈছে আৰু ধন হেকাৰৰ একাউন্টত নিবলৈ সক্ষম নহল।

Banana market Asia largest banana market Banana farming News

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.